Logo
image

মাজত দীৰ্ঘ বিৰতি, তিনি ৰাজ্যৰ নিৰ্বাচন ঘোষণা

আমাৰ অসম, ১৯ জানুৱাৰী: বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত দেশৰ ৯খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনক আগন্তুক সাধাৰণ নিৰ্বাচনৰ ছেমি ফাইনেল বুলি দলীয় কৰ্মীক প্ৰস্তুত হোৱাৰ বাবে আহ্বান জনোৱাৰ পিছদিনাই নিৰ্বাচন আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে৷ বুধবাৰে নতুন দিল্লীত সাংবাদিক বৈঠকত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে প্ৰকাশ কৰা অনুসৰি ত্ৰিপুৰাত অহা ১৬ ফেব্ৰুৱাৰীত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ আনহাতে, দুই পাহাৰীয়া ৰাজ্য নাগালেণ্ড আৰু মেঘালয়ত নিৰ্বাচন অনুষ্ঠিত হ’ব ২৭ ফেব্ৰুৱাৰীত৷ তিনিওখন ৰাজ্যৰ ভোটৰ ফলাফল প্ৰকাশ পাব দুই মাৰ্চত৷ 

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া প্ৰত্যেকখন ৰাজ্যতে ৬০ খনকৈ বিধানসভাৰ আসন আছে৷ উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ ভোট গ্ৰহণৰ দিনৰ মাজত দীৰ্ঘ বিৰতি থকাক লৈ প্ৰশ্নৰ উদ্ৰেক ঘটিছে৷ কিয়নো ত্ৰিপুৰা আৰু নাগালেণ্ড তথা মেঘালয়ৰ নিৰ্বাচনৰ মাজত নিৰ্বাচন আয়োগে ন দিনৰ দীঘলীয়া বিৰতি দিছে৷ চৰ্চা হৈছে শাসনাধিষ্ঠিত বিজেপিৰ প্ৰচাৰৰ সুবিধাৰ বাবেই এনেদৰে দীৰ্ঘ বিৰতি দিয়া হৈছে৷ বিপৰীত ঘটনা হৈছিল হিমাচল প্ৰদেশ আৰু গুজৰাটৰ বিধানসভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত৷ সেই দুই ৰাজ্যৰ নিৰ্বাচনৰ দিনৰ মাজত দীঘলীয়া বিৰতি নাথাকিলেও গুজৰাটৰ নিৰ্বাচনৰ দিন বেছ পলমকৈ পৃথকে ঘোষণা কৰা হৈছিল৷ বিৰোধী দলে অভিযোগ কৰিছিল, বিজেপি চৰকাৰক গুজৰাটত কেন্দ্ৰীয় প্ৰকল্প ঘোষণাৰ বাবে সময় দিয়েই এনেদৰে নিৰ্বাচনৰ দিন ঘোষণা পলমকৈ কৰা হৈছিল৷ বাস্তৱত প্ৰধানমন্ত্ৰী মোদীয়ে হাতত পোৱা এপষেকত গুজৰাটত অৰ্ধশতাধিক চৰকাৰী প্ৰকল্প ঘোষণা কৰিছিল৷ 

সম্প্ৰতি ত্ৰিপুৰাত বিজেপিৰ শাসন থাকিলেও ৰাজ্যত প্ৰবল প্ৰতিষ্ঠানবিৰোধী বতাহ বলিছে৷ ২০১৮ চনত ২৫ বছৰীয়া বাঁওপন্থী শাসন, অৰ্থাৎ মানিক সৰকাৰৰ চৰকাৰ ওফৰাই বিজেপি শাসনত বহিলেও ৰাজ্যৰ ভোটাৰ বিজেপিৰ প্ৰতি অসন্তুষ্ট৷ তদুপৰি বিজেপিৰ দলীয় কন্দল আৰু মিত্ৰদলৰ অন্তৰ্কন্দলে বিজেপিক বেকফুটলৈ ঠেলি দিছে৷ ২০১৮ ত ত্ৰিপুৰাত বিজেপিয়ে ৩৬ খন, সহযোগী আইটিএফটিয়ে ৮খন আসন আৰু মানিক সৰকাৰৰ নেতৃত্বত চিপিএমে ১৬খন আসন লাভ কৰিছিল৷ এইবাৰ ৰাজ্যত বাঁওপন্থী আৰু কংগ্ৰেছৰ পৰা বিজেপি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব৷