Logo
image

বিজেপি সাংসদৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ স্বৰ্ণজয়ী খেলুৱৈৰ

আমাৰ অসম, ১৯ জানুৱাৰী: কেন্দ্ৰত শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ প্ৰদেশৰ লোকসভাৰ সাংসদ তথা ভাৰতীয় ৰেষ্টলিং ফেডাৰেশ্বনৰ সভাপতি ব্ৰীজ ভূষণ চাৰণ সিঙৰ বিৰুদ্ধে দেশৰ আগশাৰীৰ মহিলা ৰেষ্টলাৰ ৱিনেশ ফগটে যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি দিল্লীৰ যন্তৰ মন্তৰত সতীৰ্থ ত্ৰিশ জন ৰেষ্টলাৰৰ সৈতে ধৰ্ণাত বহাত দেশজুৰি তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উত্তৰ প্ৰদেশৰ কাইছেৰগঞ্জৰ বিজেপিৰ সাংসদ তথা ভাৰতীয় ৰেষ্টলিং ফেডাৰেশ্বনৰ সভাপতি ব্ৰীজ ভূষণ চাৰণে ৱিনেশ ফগটক হত্যাৰ ভাবুকি দিয়া বুলিও এ এছিয়ান গেমছ আৰু কমনৱেল্‌থ গেমছৰ স্বৰ্ণপদক বিজয়ী ৰেষ্টলাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মুকলি অভিযোগ তুলিছে৷

ৱিনেশ ফগটে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ব্ৰীজ ভূষণৰ বিৰুদ্ধে অভিযোগ দিবলৈ ওলোৱাত তেওঁক সাংসদজনে হত্যাৰ ভাবুকি দিছিল বুলি ধৰ্ণাস্থলীত সাংবাদিকৰ সন্মুখত বুধবাৰে কান্দি কান্দি বৰ্ণনা কৰে৷ নতুন দিল্লীৰ যন্তৰ মন্তৰত ৱিনেশ ফগটৰ সৈতে অলিম্পিকৰ পদক বিজয়ী মহিলা ৰেষ্টলাৰ সাক্ষী মালিক, বজৰং পুণিয়াকে ধৰি মুঠতে একত্ৰিশজন ৰেষ্টলাৰে ধৰ্ণা দিয়ে৷ দীৰ্ঘদিনৰ পৰা ৰেষ্টলিং ফেডাৰেশ্বনৰ সভাপতি ব্ৰীজ ভূষণে দেশৰ মহিলা ৰেষ্টলাৰসকলক যৌন নিৰ্যাতন চলাই থকা বুলি ধৰ্ণা দিয়া পুৰুষ-মহিলা নিৰ্বিশেষে সকলো ৰেষ্টলাৰে মুকলি অভিযোগ উত্থাপন কৰে৷ ফগট আৰু সাক্ষী মালিকে কয় যে, কেৱল ফেডাৰেশ্বনৰ সভাপতি ব্ৰীজ ভূষণেই নহয়, ৰাষ্ট্ৰীয় শিবিৰ অনুষ্ঠিত হোৱাৰ সময়ত মহিলা ৰেষ্টলাৰসকলক প্ৰশিক্ষকসকলে সদায় যৌন নিৰ্যাতন চলায়৷ এই যৌন নিৰ্যাতনৰ বিৰুদ্ধে অভিযোগ তোলা বা সৰৱ হ’বলৈ চেষ্টা কৰা ভুক্তভোগী ৰেষ্টলাৰক দাবী ধমকি দি ব্ৰীজ ভূষণৰ নিৰ্দেশত মুখ বন্ধ কৰি ৰখা হয়৷ বহু সময়ত মহিলা ৰেষ্টলাৰে তেওঁলোকক ৰাষ্ট্ৰীয় শিবিৰত যৌন নিৰ্যাতন চলোৱা প্ৰশিক্ষকৰ বিৰুদ্ধে অভিযোগ কৰিলেও ফেডাৰেশ্বনৰ সভাপতি ব্ৰীজ ভূষণে আৰু তেওঁৰ সতীৰ্থসকলে তেনে অভিযোগ উৰুৱাই দিয়ে৷ 

উল্লেখ্য, একেৰাহে এটা দশক ধৰি বিজেপিৰ সাংসদ ব্ৰীজ ভূষণ ভাৰতীয় ৰেষ্টলিং ফেডাৰেশ্বনৰ সভাপতি পদত অধিষ্ঠিত হৈ আছে৷ দেশৰ পদক অৰ্জনকাৰী এই ফেডাৰেশ্বনত বিজেপিৰ সাংসদজন অবিসম্বাদী সম্ৰাটৰ দৰে৷ অলিম্পিক, এছিয়ান গেমছ, কমলৱেল্‌থ গেমছ আৰু বিশ্ব চেম্পিয়নশ্বিপত ৰেষ্টলাৰসকলে পদক লাভ কৰাৰ সুবাদত সভাপতি ব্ৰীজ ভূষণ বিজেপি চৰকাৰৰ প্ৰিয়পাত্ৰ হৈ থকাৰ সুযোগ লাভ কৰে বুলি ধৰ্ণা দিয়া ৰেছলাৰসকলে অভিযোগ তুলিছে৷ প্ৰকৃততে দেহৰ ঘাম পেলাই এই ৰেষ্টলাৰসকলেই দেশলৈ সন্মান কঢ়িয়াই আনে আৰু চৰকাৰৰ পৰা তাৰ কৃতিত্ব লয় ফেডাৰেশ্বনৰ সভাপতি তথা বিষয়ববীয়াই৷ চৰকাৰৰ কৃপাদৃষ্টি থকাৰ বাবেই চৰকাৰী দলৰ সাংসদ পদত অধিষ্ঠিত হৈ থকা ব্ৰীজ ভূষণে সুন্দৰী যুৱতী ৰেষ্টলাৰসকলক যৌন উৎপীড়ন চলাই আহিছে৷ যন্তৰ মন্তৰত দেশৰ একেবাৰে আগশাৰীৰ ৰেষ্টলাৰসকলে দিয়া ধৰ্ণাই ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰকে নহয় সৰ্বস্তৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷