Logo
image

উৰুকাৰ নিশা গঁৰালৰ পৰা নিলে ৪টা হাঁহ : চুৰ কৰিবলৈ আহি গৃহস্থৰ চকু ফুটালে চোৰে

ডিজিটেল সংবাদ, ডিমৌ: মাঘ বিহুৰ উৰুকাত চুৰ কৰাটো পৰম্পৰা হিচাপে চলি আহিছে অসমীয়া সমাজত৷ কিন্তু বৰ্তমান সময়ত পৰম্পৰা ৰক্ষাৰ নামত একাংশই চৰম উদ্ভণ্ডালি কৰাৰ ঘটনা সংঘটিত হৈ আহিছে৷ উৰুকাৰ নিশা তেনে এক ভয়ানক ঘটনা সংঘটিত হ'ল ডিমৌত৷ 

ডিমৌত উৰুকাৰ নিশা হাঁহ চোৰ কৰিবলৈ আহি কেটেপাৰে মাৰ্বল মাৰি গৃহস্থৰ চকু ফুটালে চোৰে। ডিমৌৰ পালেঙী ধোন্দৰ মুখত ৭০ বছৰীয়া বৃদ্ধ সৰ্বেশ্বৰ দত্ত চোৰৰ আক্ৰমণৰ বলি হ'ল৷ বৰ্তমান তেওঁ চিকিৎসাধীন। ঘটনাৰ বিৱৰণী অনুসৰি, মাঘ বিহুৰ উৰুকাৰ নিশা ৬-৭জনীয়া চোৰৰ দলে অকলে থকা সৰ্বেশ্বৰ দত্তৰ ঘৰৰ পৰা হাঁহ চোৰ কৰাৰ উদ্দেশ্যে প্ৰৱেশ কৰে। চোৰৰ উমান পাই ঘৰৰ বাহিৰলৈ ওলাই আহে বৃদ্ধ সৰ্বেশ্বৰ দত্ত। গড়ালত থকা এঘাৰটা হাঁহৰ চাৰিটা হাঁহ হাতত লৈ পলাবলৈ উদ্যত হোৱা চোৰে কেটেপাৰে  আক্ৰমণ কৰে গৃহস্থক। 

কেটেপাৰে নিক্ষেপ কৰা মাৰ্বল গৈ বৃদ্ধ সৰ্বেশ্বৰ দত্তৰ বাওঁ চকুত লাগে আৰু লগে লগে তেওঁ ঢলি পৰে। পিছত চিঞৰ-বাখৰ কৰাত চুবুৰীয়া লোকে আহি বৃদ্ধ দত্তক উদ্ধাৰ কৰি ডিমৌৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায়। চিকিৎসকে তেওঁৰ চকুৰ অস্ত্ৰোপ্ৰচাৰ কৰিব লাগিব বুলি পৰামৰ্শ দিয়ে। ঘটনা সন্দত সৰ্বশ্বৰ দত্তৰ পৰিয়ালে ডিমৌ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ইতিমধ্যে দুই দুৰ্বৃত্তক আটক কৰাৰ লগতে আন চাৰিটা দুৰ্বৃত্তক সন্ধানত অভিযান অব্যাহত ৰাখিছে। উৰুকাৰ নিশা চোৰৰ আক্ৰমণৰ বলি হোৱা সৰ্বেশ্বৰ দত্তৰ পৰিয়াললৈ  নামি আহিল কাল অমানিশা।  উদণ্ড চোৰৰ দলটোৱে সৰ্বেশ্বৰ দত্তই কষ্টৰে কৰা বাৰীৰ শাক-পাচলিৰো অনিষ্ট কৰে। এটা চকু চিৰ জীৱনৰ বাবে ঘুণীয়া কৰাত এতিয়া দিকবিদিক হেৰুৱাইছে দত্তৰ পৰিয়ালে। চোৰৰ দলটোক দৃষ্টান্তমূলক শাস্তি দিবলৈ ৰাইজে দাবী জনাইছে।