Logo
image

পত্নীক হত্যা কৰি গাঁত খান্দি পুতি থ'লে স্বামীয়ে : ১২ দিনৰ পাছত মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, টংলা : ভোগালীৰ আনন্দৰ মাজতে ওদালগুৰি জিলাৰ টংলা বগপুৰীত সংঘটিত হৈছে এক ভয়ানক হত্যাকাণ্ড। প্ৰাপ্ত খবৰ মতে, টংলা থানাৰ অন্তৰ্গত বগপুৰী গাঁ‌ৱৰ মনোৰঞ্জন নাৰ্জাৰী ওৰফে গালা নাৰ্জাৰীয়ে ৭ জানুৱাৰীৰ নিশা পত্নী অনিশা বসুমতাৰীক হত্যা কৰি ঘৰৰ পিছফালে গাঁত খান্দি পুতি থয়। অনিশাৰ সৈতে পৰিয়ালৰ লোকৰ যোগাযোগ নোহোৱাত যোৱা ১৪ জানুৱাৰীত পৰিয়ালৰ লোক স্বামীৰ ঘৰলৈ অহাত  অনিশা নিৰুদ্দেশ হোৱা বুলি জানিবলৈ পায়৷ পাছত পৰিয়ালৰ লোকে অনিশাৰ সন্ধান আৰম্ভ কৰে যদিও কোনো সন্ধান নোপোৱাত বুধবাৰে স্বামীৰ গাঁ‌ৱৰ ৰাইজ, অনিশাৰ পৰিয়াল আৰু স্থানীয় ছাত্ৰ সংগঠন এবছু'ৱে ত্ৰিপাক্ষীক বৈঠক অনুষ্ঠিত কৰি ঘটনা সন্দৰ্ভত খৈৰাবাৰী আৰক্ষীক অৱগত কৰে।

ইয়াৰ পিছতে স্বামী গালা নাৰ্জাৰীয়ে খৈৰাবাৰী থানাত নিজেই গৈ আত্মসমৰ্পণ কৰে। অনিশা নিৰুদ্দেশ হোৱাৰ প্ৰায় ১২ দিনৰ পাছত ঘটনাস্থলীৰ পৰা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে  ওদালগুৰিলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে৷ আনহাতে স্বামীৰ বিৰুদ্ধে গোচৰ ৰজু কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। স্থানীয় ৰাইজে জনোৱা মতে, পাঁ‌চ বছৰ পূৰ্বে বিটিআৰৰ কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰিৰ অনিশা বসুমতাৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল টংলা বগপুৰীৰ গালা নাৰ্জাৰী। বিবাহৰ পাছতে প্ৰায়ে তেওঁলোকৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল৷ গৃহকন্দলৰ বাবেই স্বামীয়ে অনিশাক হত্যা কৰা বুলি স্থানীয়লোকে সন্দেহকৰিছে। আনহাতে হত্যাকাৰীৰ কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে অনিশাৰ পৰিয়ালৰ লগতে স্থানীয় লোকে।