Logo
image

হু ইজ শ্বাহৰুখ ?, মুখ্যমন্ত্ৰীৰ মন্তব্যৰ ১০ ঘণ্টা নৌহওঁতেই নিশা ২ বজাত হিমন্ত বিশ্বলৈ ফোন শ্বাহৰুখৰ

ডিজিটেল ডেস্কঃ শ্বাহৰুখ কোন বুলি প্ৰশ্ন কৰাৰ পাছতে নিশা ২ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বলৈ ফোন আহিল বলীউড অভিনেতা শ্বাহৰুখ খানৰ৷ শেহতীয়া 'পাঠান' বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিলে শ্বাহৰুখ খানে৷ গুৱাহাটীত সংঘটিত হোৱা শেহতীয়া ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে অভিনেতাজনে৷ আনহাতে আইন-শৃংখলা পৰিস্থিতি ৰক্ষা কৰাটো চৰকাৰৰ দায়িত্ব বুলি আশ্বাস দিয়াৰ লগতে এনে ঘটনা পুনৰাই সংঘটিত নোহোৱাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে৷ এই কথা টুইটযোগে নিজেই জনাইছে মুখ্যমন্ত্ৰীয়ে৷

উল্লেখ্য যে ‘পাঠান’ ছবিক কেন্দ্ৰ কৰি দেশৰ অন্য প্ৰান্তৰ লগতে অসমতে বিতৰ্ক-প্ৰতিবাদ আৰম্ভ হোৱাৰ সময়তে শনিবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শ্বাহৰুখ খান কোন বুলি প্ৰশ্ন কৰে৷ আনকি ‘পাঠান’ ছবিখন তেওঁ চাবলৈ নাযায় বুলিও স্পষ্ট কৰি দিয়ে৷ শুকুৰবাৰে সন্ধিয়া নাৰেংগীত বজৰং দলৰ কৰ্মীয়ে ‘পাঠান’ ছবিৰ পোষ্টাৰত অগ্নিসংযোগ কৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জনতা ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– ‘পাঠান’ কি মই নাজানো৷ এই বিলাক খবৰ মই নাৰাখো৷ কোনোৱাই কিবা ভাঙিলে আৰক্ষীক খবৰ দিব আমি ব্যৱস্থা ল’ম৷ ‘পাঠান’ কি মই শুনাও নাই, দেখাওঁ নাই, মোৰ সময়ো নাই৷ কোনোবাই যদি কিবা কৰিছে, কেছ দিলে আমি লগে লগে ব্যৱস্থা ল’ম৷ ইমান সমস্যাৰ মাজত ক’ত ‘পাঠান’ৰ খবৰ ৰাখে৷ শ্বাহৰুখ খান কোন? আমি কিয় শ্বাহৰুখ খানৰ কথা চিন্তা কৰো৷ আমাৰ ইয়াত কিমান শ্বাহৰুখ খান আছে৷ ডঃ বেজবৰুৱা ওলাব৷ আমি সকলোৱে বেজবৰুৱা চাব লাগে৷ মইতো ‘পাঠান’ চাবলৈ নাযাও৷ চিনেমা হলৰ মালিকে মোক অনুৰোধ কৰা নাই৷ কোনে চিনেমা বনাইছে তেওঁলোকেও একো কোৱা নাই৷ কিবা সমস্যা হ’লে শ্বাহৰুখ খানে মোক ফোন কৰিলে হয়৷ মুম্বাইৰ ডাঙৰ ডাঙৰ অভিনেতাসকলে সাত, দহ দিনৰ মূৰে মূৰে মোক ফোন কৰি থাকে বিভিন্ন কথাত৷ শ্বাহৰুখ খানে যদি ফোন কৰে মই চাই লম কি সমস্যা আছে৷

মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ ১০ ঘণ্টাও নৌহওতেই পুৱতি নিশা মুখ্যমন্ত্ৰীলৈ ফোন আহিল বলীউড অভিনেতাজনৰ৷ শ্বাহৰুখ খানৰ সৈতে বাৰ্তালাপত অসমত 'পাঠান'ৰ প্ৰদৰ্শনীৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লে ব্যৱস্থা লোৱাৰো আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে৷