Logo
image

গুৱাহাটীত প্ৰথম ৩ দিনলৈ ‘পাঠান’ হাউছফুল

আমাৰ অসম, ২২ জানুৱাৰীঃ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ বহুচৰ্চিত ছবি পাঠানৰ প্ৰদৰ্শনী বন্ধ কৰাৰ দাবীত হিন্দুত্ববাদী সংগঠন বজৰং দলে গুৱাহাটীৰ নাৰেংগীস্থিত গল্ড ডিজিটেল চিনেমা গৃহৰ পাঠানৰ পষ্টাৰ জ্বলাই দিয়া ঘটনাই সমগ্ৰ দেশজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ হিন্দুত্ববাদী দল সংগঠনৰ প্ৰতিবাদৰ মাজতে গুৱাহাটীৰ চিনেমাগৃহ সমূহত প্ৰথম তিনি দিনলৈ পাঠান হাউছফুল হৈ আছে৷ 

বজৰং দলে প্ৰতিবাদ কৰা নাৰেংগীৰ এল জি টাৱাৰৰ গল্ড ডিজিটেল চিনেমা গৃহত প্ৰথম সাতদিন পাঠান হাউছফুল হৈ আছে বুলি নাৰেংগীৰ গল্ড ডিজিটেলৰ স্বত্বাধিকাৰী গণেশ দাস ‘আমাৰ অসম’ৰ আগত সদৰি কৰে৷ লগতে স্বত্বাধিকাৰী গণেশ দাসে কয়–চৰকাৰে অভিনেতা শ্বাহৰুখ খান আৰু দীপিকা পাদুকন অভিনীত বহু চৰ্চিত পাঠান চলচ্ছিত্ৰখন প্ৰদৰ্শনীৰ বাবে অনুমতি প্ৰদান কৰিছে৷ গতিকে ব্যৱসায় ভিত্তিত আমি চিনেমাখন প্ৰদৰ্শন কৰিমেই৷ ইতিমধ্যে বজৰং দলৰ আক্ৰমণৰ বিষয়ে আৰক্ষী প্ৰশাসনক অৱগত কৰোৱা হৈছে৷ 

আৰক্ষী প্ৰশাসনে দৰ্শকক নিৰাপত্তা প্ৰদানৰ আশ্বাস দিছে৷ উল্লেখ্য যে মহানগৰীৰ নাৰেংগীস্থিত এল জি টাৱাৰৰ গল্ড ডিজিটেল চিনেমা গৃহত আৰি থোৱা পাঠানৰ পষ্টাৰ উলিয়াই আনি বজৰং দলৰ নাৰেংগী শাখাই জুই জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ ইয়াতে ক্ষান্ত নাথাকি হিন্দুত্ববাদী দলটোৱে চিনেমা গৃহৰ ভিতৰত প্ৰৱেশ কৰি সামগ্ৰী লণ্ড ভণ্ড কৰিছে৷ ইপিনে, ২৫ জানুৱাৰীত মুক্তি পাব লগা হিন্দী চলচ্ছিত্ৰ পাঠান ছবিখন মহানগৰীৰ বেলতলাস্থিত মেট্ৰিক্স চিনেমা হলত প্ৰদৰ্শন কৰা হ’ব বুলি কতৃৰ্পক্ষই জানিবলৈ দিছে৷ ইতিমধ্যে চিনেমা গৃহটোৰ অনলাইন আৰু অফলাইন যোগে শতকৰা ৪৫ শতাংশ টিকট বিক্ৰী হৈছে বুলি কতৃৰ্পক্ষই জানিবলৈ দিয়ে৷