Logo
image

ভৰলুমুখত ৰে'লৰ খুন্দাত যুৱকৰ মৃত্যু

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ ভৰলুমুখৰ ৰে'ল গেটৰ সমীপত শনিবাৰে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হয়৷ ভৰলুমুখৰ ৰে'ল গেটৰ সমীপত ৰে'ল লাইনৰ ওচৰত মৃতদেহটো পৰি থকা দেখি স্থানীয় লোকে গুৱাহাটী ৰে'ল ষ্টেচনৰ ৰে'ল আৰক্ষীক খবৰ দিয়ে।  

গুৱাহাটীৰ ৰে'ল আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে৷ পিন্ধনত ক'লা ৰঙৰ পেণ্ট আৰু বগা চাৰ্ট পৰিধান কৰা ৩০ বছৰীয়া অচিনাক্ত লোকজন ৰে'লৰ খুন্দাত মৃত্যু হোৱা বুলি ৰেল আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে৷ জিএমচিএইচত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি চিনাক্ত কৰণৰ বাবে ৭২ ঘণ্টা হাস্পতালৰ মৰ্গত ৰখা হৈছে বুলি ৰে'ল আৰক্ষীয়ে জানিবলৈ দিয়ে।