Logo
image

পিতৃক ড্ৰাগছৰ বেজী দি পুত্ৰই লুটিলে ৩ লাখ ৫০ হাজাৰ টকা : সংজ্ঞা ঘূৰাই পোৱাৰ পিছত পিতৃৰ আত্মহত্যা

ডিজিটেল সংবাদ, গুৱাহাটী : গুৱাহাটী মহানগৰীৰ নুনমাটিৰ বাপুজীনগৰ অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা৷  ড্ৰাগছ আসক্ত পুত্ৰই ড্ৰাগছ ক্রয় কৰাৰ বাবে নিজ পিতৃক ড্ৰাগছৰ বেজী দি সংজ্ঞাহীন কৰি  লুটি নিয়ে ৩ লাখ ৫০ হাজাৰ টকা। পাছত লুট কৰি নিয়া ধনখিনি লৈ ঘৰৰ পৰা পলায়ন কৰে পুত্ৰ-বোৱাৰী৷ 

ড্ৰাগছৰ বেজীত সংজ্ঞাহীন হোৱা পিতৃয়ে দুদিনৰ পাছত জ্ঞান ঘূৰাই পোৱাত পুত্ৰৰ এনে কাণ্ড জানিব পাৰি অৱশেষত ডিঙিত চিপ লৈ জীৱনৰ চৰম পন্থা বাচি লোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত বাপুজীনগৰৰ নাথপাৰা অঞ্চলত। জানিব পৰা মতে, দিন হজিৰা কৰি ৫ জনীয়া পৰিয়ালটো কোনো মতে পোহ পাল দি অহা পিতৃ বুল দাসে নিজৰ চিকিৎসাৰ বাবে যোৱা ১৮ জানুৱাৰীত বেংকৰ পৰা উলিয়াই আনিছিল ধনখিনি৷ 

কিন্তু ড্ৰাগছ আসক্ত বিবাহিত পুত্ৰ ৰাহুল আলীয়ে পিতৃয়ে বেংকৰ পৰা ধন উলিওৱা কথাটো কেনেবাকৈ জানিব পাৰি, কিদৰে পিতৃৰ কবলৰ পৰা ধন খিনি কেনেকৈ লুট কৰিব পাৰি তাৰ কৌশল ৰচনা কৰে। সেই পৰিকল্পনা অনুসৰি মাতৃ ঘৰত নথকাৰ সুযোগ লৈ যোৱা ১৯ জানুৱাৰীত সংঘটিত কৰে এই কাণ্ড। সেইদিনা সন্ধিয়া প্ৰায় ৬ মান বজাত পিতৃ আৰু পৰিয়ালৰ আন জন সদস্য নিদ্ৰাৰত অৱস্থাত থকাৰ সময়তে পিতৃ বুল দাসক ককালত ড্ৰাগছৰ বেজি দি সংজ্ঞাহীন কৰি লুট কৰে নগদ ৩.৫০ লাখ টকা। তাৰ পিছত লুট কৰা ধন খিনি লৈ পত্নীৰ সৈতে ৰাহুল আলীযে ঘৰৰ পৰা পলায়ন কৰে। ইপিনে পিছদিনা মাতৃ চাহাৰা বেগমে দিন হাজিৰা কৰি ঘৰলৈ উভতি আহি স্বামী বুল দাস সংজ্ঞাহীন অৱস্থাত পৰি থকা দেখা পাই চিঞৰ বাখৰ লগায়।

পিছত স্থানীয় লোক উপস্থিত হৈ বুল দাসক বিছনাতে সংজ্ঞাহীন অৱস্থাতে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে যোৱা দুদিন ধৰি পত্নী চাহাৰা বেগমে কৰা সেৱা শুশ্ৰূষাৰ অন্তত স্বামী বুল দাস স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ সক্ষম হয়। আনহাতে পুত্ৰ ৰাহুল আলীয়ে ড্ৰাগৰ বেজী দি সংজ্ঞাহীন কৰি  নগদ ৩.৫০ লাখ টকা লুট কৰি নিয়া বুলি জানিব পাৰি হিতাহিত জ্ঞান হেৰুৱাই শনিবাৰে দিনৰ প্ৰায় ১২.৩০ মান বজাত মঠঘৰীয়াৰ ৰে'ল লাইনৰ সমীপত এডাল গছত চিপ লৈ আত্মহত্য কৰে। পিছত নুনমাটি আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচ লৈ প্ৰেৰণ কৰে। আনহাতে ঘটনা সন্দৰ্ভত মাতৃ চাহাৰা বেগমে পুত্ৰ ৰাহুল আলীৰ বিৰুদ্ধে কালিয়েই নুনমাটি থানাত দাখিল কৰিছে এখন এজাহাৰ। ভুক্তভোগী মাতৃযে দিয়া এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি পলাতক পুত্ৰ ৰাহুল আলী আৰু বোৱাৰী চুলতানা বেগমক বিচাৰি অভিযান আৰম্ভ কৰিছে ।