Logo
image

ছবিগৃহলৈ আহি আছে ড° বেজবৰুৱা-২

ডিজিটেল সংবাদ, গুৱাহাটীঃ বহু অপেক্ষাৰ অন্তত অহা ৩ ফ্ৰেব্ৰুৱাৰীত মুক্তি লাভ কৰিব প্ৰয়াত নিপন গোস্বামী পৰিচালিত চৰ্চিত ছবি 'ড° বেজবৰুৱা-২' ৷ ১৯৭০ চনত ৰংঘৰ চিনে প্ৰডাকচনৰ বেনাৰত ব্ৰজেন বৰুৱা ড° বেজবৰুৱা আছিল অসমৰ প্ৰথমখন থ্ৰীলাৰ ছবি ৷ সমান্তৰালভাৱে নিপন গোস্বামীৰ দুৰ্দান্ত অভিনয়, ৰমেন বৰুৱাৰ সংগীত আৰু দ্বীপেন বৰুৱাৰ কণ্ঠ সমৃদ্ধ ড° বেজবৰুৱা আছিল অসমৰ বিভিন্ন প্ৰান্তত আৰু সমানুপাতিকভাৱে ষ্টুডিঅ’ত দৃশ্য গ্ৰহণ কৰা প্ৰথমখন অসমীয়া ছবি

চিত্ৰগৃহত ধুমুহাৰ সৃষ্টি কৰা ড° বেজবৰুৱাৰ সফলতাৰ সুদীৰ্ঘ ৫০ বছৰৰ পাছত এইবাৰ ছবিখনৰ চিকুৱেল নিৰ্মাণ কৰিছে ভালেসংখ্যক ছবিৰে অসমৰ ছবি জগতত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা এ এম টেলিভিচনে৷ ছবিখন প্ৰযোজনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰযোজক ড° সঞ্জীৱ নাৰায়ণে ৷ সহযোগী প্ৰযোজক হ’ল ডা° অক্ষতা নাৰায়ণ৷ ছবিখনৰ সংগীত জুবিন গাৰ্গৰ। ইতিমধ্যে ছবিখনৰ 'কি নাম দি মাতিম তোমাক', 'জিলিকি জিলিকা তৰা আকাশৰে' মুক্তিৰ পিতেই ৰাইজৰ মাজত বিশেষভাৱে সমাদৃত হৈছে ৷ 

ছবিখনত অভিনয় কৰিছে আদিল হুছেইন, জুবিন গাৰ্গকে ধৰি বহু খ্যাতনামা অভিনেতা-অভিনেত্ৰীয়ে ৷ ছবিখনৰ দুটি গুৰুত্বপূ্ৰ্ণ চৰিত্ৰত অভিনয় কৰিছে প্ৰয়াত শিল্পী নিপন গোস্বামীৰ পুত্ৰ সিদ্ধাৰ্থ আৰু বোৱাৰী কিংকিনিয়ে ৷ বৰ্তমান ছবিখনৰ প্ৰচাৰৰ বাবে ছবিখনৰ শিল্পী ক’লা-কৌশলীসকলে সমগ্ৰ ৰাজ্য জুৰি যাত্ৰা আৰম্ভ কৰিছে ৷