Logo
image

প্ৰাণজিৎ দাসৰ বাবে সময় উলিয়াব নোৱাৰিলে শিল্পীসমাজে

আমাৰ অসম, ২৩ জানুৱাৰী:   জীৱন নাট সামৰিলে অসমৰ নাট্য জগতৰ বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাসে৷ ভ্ৰাম্যমানৰ মঞ্চই মঞ্চই দুৰ্দান্ত অভিনয়েৰে লাখ লাখ দৰ্শকৰ মন-মগজু আলোড়িত কৰা প্ৰসিদ্ধ অভিনেতাজনে দেওবাৰে পুৱা প্ৰায় ১০ বজাত গুৱাহাটীৰ মেট্ৰ’ হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৬১ বছৰ৷ ৫ জানুৱাৰীত হাটশিঙিমাৰীত নাট মঞ্চস্থ কৰি ঘৰলৈ উভটি আহিবলৈ ধৰাৰ সময়ত হঠাৎ অসুস্থ হৈ পৰিছিল অভিনেতাজন৷ আকস্মিকভাৱে অসুস্থ    হৈ পৰা অভিনেতাজনক প্ৰথমে হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়লৈ নিয়া হয়৷ পাছত উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল আৰু মেট্ৰ’ হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছিল৷ অৱশেষত দেওবাৰে নিয়তিৰ ওচৰত হাৰি মানিলে যশস্বী অভিনেতা তথা পৰিচালকজনে৷ কাৰ্যতঃ ভ্ৰাম্যমাণৰ মঞ্চ উকা কৰি গুচি গ’ল বলিষ্ঠ অভিনেতাজন৷ ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত অভিনেতাজনে বিগত ১৬ দিনে মৃত্যুৰে যুঁজি আছিল৷ বিগত চাৰিটা দশক বলিষ্ঠ অভিনয়েৰে নাট্যপ্ৰেমী ৰাইজৰ হৃদয় জিনি অহা ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাসে ৰাজ্যৰ প্ৰায় সংখ্যক ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় আৰু নাট পৰিচালনা কৰাৰ লগতে কেইবাখনো অসমীয়া ছবিত অভিনয় কৰি দৰ্শকৰ মন জিনিছিল৷ ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰায়সংখ্যক নাটকতে মুখ্য চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল বৰ্ষীয়ান অভিনেতাজন৷ চুৰেন চোৰৰ পুতেক, চেনাই মোৰ ঢুলীয়া, আদিৰ দৰে বহু জনপ্ৰিয় অসমীয়া ছবিত নিজৰ দক্ষ অভিনয়ৰ জৰিয়তে অসমৰ দৰ্শকৰ মনত খোপনি পুতিছিল অভিনেতাজনে৷ নিভাঁজ অভিনয়, প্ৰতিটো চৰিত্ৰকে প্ৰাণ দিবলৈ সক্ষম হোৱা ভ্ৰাম্যমাণৰ প্ৰসিদ্ধ অভিনেতাজনৰ আঙুলিত ধৰি বহু অভিনেতাই অভিনয় জগতত প্ৰৱেশ কৰিছিল৷ সেয়ে সকলোৰে প্ৰিয় তথা শ্ৰদ্ধাৰ পাত্ৰ হৈ পৰিছিল প্ৰাণজিৎ দাস৷ দেওবাৰে দুপৰীয়াৰ ভাগত তেনেই কাম সংখ্যক লোকৰ উপস্থিতিত নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ বৰণ্যে অভিনেতাজনৰ অন্তিম বিদায়ৰ দিনটোত নৱগ্ৰহ শশ্মানত উপস্থিত থাকিল অভিনেতা প্ৰাণজিৎ দাসৰ পৰিয়ালৰ সদস্য, আত্মীয় স্বজনসহ মাথোঁ কেইজনমান মানুহ৷ অসমৰ প্ৰায়কেইটা ভ্ৰাম্যমান থিয়েটাৰ গোষ্ঠীৰ মঞ্চত বহু নাটকত অভিনয় কৰি অসমৰ নাট্য আন্দোলনক সমৃদ্ধ কৰা বিশিষ্ট অভিনতাজনক শেষ শ্ৰদ্ধা জনাবলৈও নৱগ্ৰহ শ্মশানলৈ অহা দেখা নগ’ল ভ্ৰাম্যমান থিয়েটাৰৰ মালিক, নাট্যকাৰ, কলা-কুশলীৰ বুজনসংখ্যকক৷ প্ৰাণজিৎ দাসক অন্তিম শ্ৰদ্ধা যাচিবলৈ সময় উলিয়াব নোৱাৰিলে অসমৰ শিল্পী সমাজ, সাংবাদিক, নাট্যকৰ্মী, সাংস্কৃতিক সংগঠনসমূহৰ বুজনসংখ্যক কৰ্মকৰ্তাই৷ চাৰিটা দশক ধৰি মঞ্চ কঁপাই অহা অভিনেতাজনলৈ শিল্পী সমাজৰ বুজনসংখ্যকে দেখুওৱা অসৌজন্যতাক লৈ স্তম্ভিত ৰাজ্যৰ সচেতন সমাজ, সংবেদনশীল লোকসকল৷ অসমৰ নাট্যজগতত কাৰ্যতঃ এটা ‘যুগ’ সৃষ্টি কৰিবলৈ সক্ষম হোৱা বলিষ্ঠ অভিনেতাজনৰ বিয়োগৰ খবৰ লাভ কৰাৰ পাছত কেৱল ছ’চিয়েল মিডিয়াত তেনেই স্বাভাৱিক পোষ্ট আপলোড কৰিয়েই যেন দায়িত্ব সামৰিলে শিল্পী আৰু সাংস্কৃতিক মহলৰ বুজনসংখ্যক লোকে৷ এইগৰাকী বলিষ্ঠ অভিনেতাৰ মৃত্যুত সাংস্কৃতিক জগতৰ বহু লোকে কেৱল ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰাৰ লগতে অভিনয় ক্ষেত্ৰখনৰ বাবে এয়া এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে৷ যশস্বী অভিনেতাজনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ দীৰ্ঘসময় ধৰি অনন্য অভিনয়ৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা প্ৰাণজিৎ দাসৰ কৰ্মৰাজি স্মৰণীয় হৈ ৰ’ব বুলি শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰীজনে৷ তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মুখ্যমন্ত্ৰীজনে গভীৰ সমবেদনা জ্ঞাপন কৰে৷ সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে প্ৰাণজিৎ দাসৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷