Logo
image

৯জনলৈ সাহিত্য সভাৰ বিভিন্ন বঁটা

আমাৰ অসম, ২৩ জানুৱাৰী:  অসম সাহিত্য সভাৰ ২০২৩ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিয়ে ৰাজ্যৰ ৯জন কবি-সাহিত্যিকলৈ বঁটা আগবঢ়াইছে৷ দেওবাৰে সাহিত্য সভাৰ তৰফৰ পৰা বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰে । এটা সংবাদ বিজ্ঞপ্তিত সভাই জানিবলৈ দিয়া মতে এই বছৰ জাতীয় চেতনাৰ বাণী কঢি.ওৱা, মানৱীয় মূল্যবোধ তথা সাহিত্য মূল্যসম্পন্ন সৃষ্টিশীল কাব্যগ্ৰন্থ ‘ৰাজহাঁহৰ কণ্ঠত কিহৰ জলচ্চেদ’ৰ বাবে অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা আগবঢো়ৱা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ এম কামালুদ্দিন আহমেদলৈ৷ আনহাতে অসমীয়া ভাষাত প্ৰকাশিত মৌলিক গ্ৰন্থ ‘আধুনিক অসমীয়া কবিতা’ গ্ৰন্থৰ বাবে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা আগবঢো়ৱা  হৈছে কবি-শিক্ষাবিদ ড০ পূৰ্ণ ভট্টাচাৰ্যলৈ৷ অসমীয়া ভাষাত লেখিকাৰ সৃষ্টিশীল উপন্যাস ‘ঐয়া মোৰ  ডিব্ৰু-ছৈখোৱা’ৰ বাবে বাসন্তী বৰদলৈ বঁটা লাভ কৰিছে তিনিচুকীয়াৰ চিকিৎসক নীলাক্ষি চলিহা গগৈয়ে আৰু অসমীয়া ভাষাত ভ্ৰমণ সাহিত্য ‘যাত্ৰাঃ আমেৰিকাৰ বাটে-ঘাটে, ঘৰে-বাহিৰে’ গ্ৰন্থৰ বাবে হেম বৰুৱা বঁটা লাভ কৰিছে গুৱাহাটীৰ গংগাপদ চৌধুৰীয়ে৷ জনজাতীয় গৱেষণামূলক গ্ৰন্থ ‘ঠেঙ্গাল-কছাৰী জীৱন আৰু সংস্কৃতি’ নামৰ গ্ৰন্থৰ বাবে বুদুৰাম পাংগিং সোঁৱৰণী বঁটা লাভ কৰিছে মুকুট শৰ্মাই আৰু ব্যঙ্গ সাহিত্যৰ বাবে ‘বনাই চোৰৰ ৰং’ গ্ৰন্থৰ বাবে ফণী তালুকদাৰ-ডলী তালুকদাৰ ব্যঙ্গ সাহিত্য বঁটা লাভ কৰিছে অঞ্জলি মহন্তই৷ বৈষ্ণৱ গুৰুসকলৰ জীৱন আদৰ্শ অথবা সমাজ কল্যাণৰ লগত জডি.ত বিষয়ক গ্ৰন্থ ‘সুন্দৰীদিয়া সত্ৰৰ বুৰঞ্জী’ গ্ৰন্থৰ বাবে ভৰত চন্দ্ৰ বৰুৱা বঁটা লাভ কৰিছে গুৱাহাটীৰ ভূপেন্দ্ৰ ৰায়চৌধুৰীয়ে আৰু পয়ত্ৰিশ বছৰৰ অনূধ্বৰ্ লেখকৰ মৌলিক গ্ৰন্থৰ শিতানত ‘প্ৰিয়বৰ্ণ’ কাব্য সংকলনৰ বাবে অমূল্য বৰুৱা কবি বঁটা লাভ কৰিছে নলবাৰীৰ কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিয়ে৷ নতুন লেখকৰ দ্বাৰা ৰচিত উপন্যাসৰ পাণ্ডুলিপি ‘কলঙৰ সোঁতত যুগান্তৰৰ কথকতা’ৰ বাবে গিৰিধৰ শৰ্মা বঁটা লাভ কৰিছে নগাঁৱৰ প্ৰতিভা ভাগৱতীয়ে৷ উল্লেখ্য, এইবাৰ অসমৰ জাতি-উপজাতি সমন্বয় সংহতিৰ বক্তব্য দাঙি ধৰা গ্ৰন্থৰ বাবে সভাই প্ৰদান কৰি অহা  সীতানাথ ব্ৰহ্মচৌধুৰী বঁটাৰ বাবে কোনো গ্ৰন্থ মনোনীত নকৰিলে৷ এইবাৰ বঁটাৰ নিৰ্বাচনী সমিতিত আছিল–ড০ মঞ্জু দেৱী পেগু, ডাঃ অপুবৰ্ কুমাৰ শইকীয়া আৰু অনুভৱ তুলসী৷ প্ৰণিধানযোগ্য যে সমাগত ২ ফেব্ৰুৱাৰীত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ অধিৱেশনৰ মুকলি সভাত এই বঁটাসমূহ প্ৰদান কৰা হ’ব৷