Logo
image

সেই বৈশ্যৰ পাণদোকানত সোণোৱাল

আমাৰ অসম, ২৩ জানুৱাৰীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা ভৱনৰ ঠিক সন্মুখতে আছে এখন সৰু গুমটি দোকান৷ দোকানখনৰ গৰাকী ৰামেশ্বৰ বৈশ্য৷ সকলোৱে বৈশ্যৰ দোকান বুলিয়েই কয়৷ এই গুমটিখনৰ লগত অসমৰ বহু লব্ধপ্ৰতিষ্ঠ শিল্পী, সাহিত্যিক, সাংবাদিক, ব্যৱসায়ী আৰু ৰাজনৈতিক ব্যক্তিৰ উপৰি আন ভিন্ন ক্ষেত্ৰৰ স্বপ্ৰতিভাৰে আলোকিত বহু লোকৰ অতীতমধুৰ স্মৃতি জড়িত হৈ আছে৷ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এসময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিল৷ তাৰ আগৰে পৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল সোণোৱালৰ৷ সেই সূত্ৰেই ৰামেশ্বৰ বৈশ্য আৰু তেওঁৰ সৰু দোকানখনৰ সৈতেও সম্পৰ্ক আছিল সোণোৱালৰ৷

সেই সুমধুৰ স্মৃতিৰ আঁত বিচাৰিয়েই দেওবাৰে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত থকা ৰামেশ্বৰ বৈশ্যৰ দোকানখনত উপস্থিত হ’ল কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ অতীতক সুঁৱৰি সোণোৱালে সাংবাদিকৰ আগত এনেদৰে কয়– ‘আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৈ থকা সময়ত বৈশ্যদাৰ দোকানখনৰ সৈতে নিবিড় সম্পৰ্ক গঢ় লৈ উঠিছিল৷ বৈশ্য ষ্টোৰৰ স্বত্ত্বাধিকাৰী ৰামেশ্বৰ বৈশ্যদাৰ আত্মীয়তাৰ মনোভাৱে আমাক আপ্লুত কৰিছিল৷ সেই ঠাইখিনিতে ঠন ধৰি উঠিছিল সহপাঠীসকলৰ সৈতে বহু স্মৰণীয় আড্ডা আৰু বন্ধুত্বৰ নিঁভাজ স্মিৃত৷ আজি আপোন বিশ্ববিদ্যালয়খনলৈ আহোঁতে বৈশ্যদাৰ দোকানখনত ক্ষন্তেক সোমাই নষ্টালজিক হৈ পৰিলোঁ৷ পৰিয়ালৰ লোকৰ পৰা তেখেতৰ অসুস্থতাৰ বিষয়ে জানিবলৈ পাই উদ্বিগ্ন হৈছোঁ৷ বৈশ্যদাৰ আশু আৰোগ্য আৰু সুস্বাস্থ্য কামনা কৰিলোঁ৷’ উল্লেখ্য, দেওবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ মহাৰজত জয়ন্তীৰ কাৰ্যসূচীত অংশ ল’বলৈ দেওবাৰে গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৈছিল সৰ্বানন্দ সোণোৱাল৷ সেই সুযোগতে তেওঁ সময় উলিয়াই ৰামেশ্বৰ বৈশ্যৰ গুমটি দোকানলৈ যায়৷ উল্লেখ্য, ইয়াৰ পূৰ্বে মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তইয়ো গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৈ ৰামেশ্বৰ বৈশ্যৰ স্বাস্থ্যৰ খবৰ লৈছিল৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ন-পুৰণি প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰে চিনাকি মুখ ৰামেশ্বৰ বৈশ্য৷ ছাত্ৰ সমাজৰ বহু আন্দোলন আৰু অনেক ঘটনাৰ সাক্ষী ৰামেশ্বৰ বৈশ্য৷ সম্প্ৰতি ৰামেশ্বৰ বৈশ্য অসুস্থ৷ সেয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৈশ্যৰ দোকানত উপস্থিত হৈ অতীতক স্মৰণ কৰি নষ্টালজিক হৈ পৰাৰ লগতে ৰামেশ্বৰ বৈশ্যৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়৷