Logo
image

‘হাফ ডাক্তৰ’ নাকচ কৰি দিলে উচ্ছতম ন্যায়ালয়ে

আমাৰ অসম, ২৫ জানুৱাৰী: ‘২০০৪ চনৰ অসম গ্ৰামীণ স্বাস্থ্য নিয়ামক প্ৰাধিকৰণ আইনখন সম্পূৰ্ণ বেআইনী৷’ আজি এক গুৰুত্বপূৰ্ণ ৰায়দানত উচ্ছতম ন্যায়ালয়ে স্পষ্ট কৰিলে এই কথা৷ উল্লেখ্য, প্ৰায় দুই দশক পূৰ্বে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ তিনি বছৰীয়া চিকিৎসা পাঠ্যক্ৰমৰ   আইনখনক আজি উচ্ছতম ন্যায়ালয়ে অসংবিধানিক আখ্যা দি খাৰিজ কৰে৷ এই আইনখন ২০১৪ চনতে গুৱাহাটী উচ্ছ ন্যায়ালয়েও খাৰিজ কৰিছিল৷ পৰৱৰ্তী সময়ত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ৰায়ক জনৈক বাহাৰুল ইছলামে উচ্ছতম ন্যায়ালয়ত প্ৰত্যাহ্ৱান জনাইছিল৷ সেই গোচৰটোৰ আজি চূড়ান্ত ৰায় দি উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাবাই আৰু ন্যায়াধীশ বি ভি নাগাৰত্নৰ বিচাৰপীঠে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ৰায়ক বাহাল ৰাখি উক্ত আইনখন পুনৰ অসংবিধানিক বুলি ৰায়দান কৰে৷ উল্লেখ্য, ৰাজ্যৰ গ্ৰামাঞ্চলৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে অসম গ্ৰামীণ স্বাস্থ্য নিয়ামক প্ৰাধিকৰণ আইনৰ জৰিয়তে তিনি বছৰীয়া ডিপ্লমাধাৰীসকলক নিৰ্দিষ্ট কিছু সাধাৰণ ৰোগৰ চিকিৎসা কৰাৰ সুবিধা প্ৰদান কৰা হৈছিল৷ পিছে উচ্ছতম ন্যায়ালয়ে আজি প্ৰদান কৰা ৰায়দানত কোৱা হৈছে যে চিকিৎসা শাস্ত্ৰৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা পৰামৰ্শ লোৱা উচিত আছিল৷ চিকিৎসা শাস্ত্ৰ সম্পূৰ্ণৰূপে সংসদৰ বিচাৰ্য বিষয় তথা অসমৰ আইনখন ইণ্ডিয়ান মেডিকেল কাউন্সিল এক্টৰো পৰিপন্থী বুলি ন্যায়ালয়ে ৰায়দান কৰে৷ লক্ষণীয় যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আমোলত ৰাজ্যৰ গ্ৰামাঞ্চলত চিকিৎসকৰ অভাৱ দূৰ কৰিবৰ বাবে ছণ্ডিশগড়ৰৰ আৰ্হিত অসমতো তিনিবছৰীয়া চিকিৎসা বিজ্ঞানৰ ডিপ্লমা পাঠ্যক্ৰম আৰম্ভ কৰিছিল৷ ২০০৪ চনৰ ‘অসম গ্ৰামীণ স্বাস্থ্য নিয়ামক প্ৰাধিকৰণ আইন’ৰ অধীনত ‘মেডিকেল ইনষ্টিটিউট অৱ যোৰহাট’ত ২০০৫ চনৰ পৰা এই ডিপ্লমা পাঠ্যক্ৰম আৰম্ভ হৈছিল৷ প্ৰতিষ্ঠানখনৰ পৰা তিনিটা বেটছত এক হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসা বিজ্ঞানৰ তিনি বছৰীয়া ডিপ্লমা লাভ কৰিছিল৷ এইসকলৰ অধিকাংশই এতিয়া ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত গ্ৰামীণ চিকিৎসক হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেৱা আগবঢ়াই আছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ২০০৫ চনতে ৰাজ্য চৰকাৰৰ এই তিনি বছৰীয়া মেডিকেল ডিপ্লমা পাঠ্যক্ৰমক প্ৰত্যাহ্ৱান জনাই ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্বনৰ অসম শাখাৰ তদানীন্তন সভাপতি মানবেন্দ্ৰ গোস্বামী গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ দীঘলীয়া আইনী যুঁজৰ অন্ততঃ ২০১৪ চনৰ ৩০ অক্টোবৰত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশৰ আদালতে ২০০৪ চনৰ অসম গ্ৰামীণ  স্বাস্থ্য নিয়ামক প্ৰাধিকৰণ আইনখন অসাংবিধানিক আখ্যা দি খাৰিজ কৰিছিল৷ তেতিয়াৰ পৰা এই চিকিৎসা শিক্ষাৰ পাঠ্যক্ৰমো বন্ধ হৈ পৰে৷ কাৰ্যতঃ আজি উচ্ছতম ন্যায়ালয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আমোলৰ ‘হাফ ডাক্টৰ’ক খাৰিজ কৰিলে৷ ইতিমধ্যে ছত্তিশগড়টো এই হাফ ডাক্টৰৰ পাঠ্যক্ৰমক খাৰিজ কৰিছে ন্যায়ালয়ে৷