Logo
image

বলীউডত অসমীয়াৰ দপদপনি

ডিজিটেল ডেস্কঃ বিতৰ্কৰ মাজতে মুক্তি লাভ কৰা বহুচৰ্চিত শ্বাহৰুখ খান-দীপিকা পাডুকন অভিনীত চিনেমা 'পাঠান'-এ দৰ্শকৰ সঁহাৰি লাভ কৰিছে৷ 'পাঠান'ৰ মুক্তি লগে লগে ছবিগৃহত ভিৰ লাগিছে দৰ্শকৰ৷ মুক্তিৰ পূৰ্বে চিনেমাখনৰ জৰিয়তে ভাৰতীয় সভ্যতা-সংস্কৃতিক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰিছিল হিন্দু দল-সংগঠনে৷ আনহাতে ছবিগৃহত 'পাঠান'ৰপ্ৰদৰ্শনী বন্ধ কৰাৰো হুংকাৰ দিছিল কেইবাটাও হিন্দু সংগঠনে৷

এই সকলো বিতৰ্কৰ পৰা আঁতৰি এটা গৌৰৱ কৰিব পৰা খবৰো আছো অসমবাসীৰ বাবে৷ এই খবৰটোও 'পাঠান'ৰ লগতে জড়িত৷ 'পাঠান'ত শ্বাহৰুখ খান, জন আব্ৰাহমৰ লগত অভিনয় কৰাৰ সুযোগ পালে অসমৰ দিগন্ত হাজৰিকাই৷ ছবিখনৰ মুক্তিৰ এদিন পূৰ্বে শ্বাহৰুখ-দীপিকাৰ সৈতে ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ হ'ল দিগন্তৰ৷

উল্লেখ্য যে বলীউডত এয়া প্ৰথম খোজ নহয় দিগন্তৰ৷ ইয়াৰ পূৰ্বে ২০১৬ চনত মুক্তি লাভ কৰা হৃত্বিক ৰোচনৰ সৈতে মহেঞ্জোদাৰোত অভিনয় কৰাৰ সুযোগ পাইছিল অভিনেতাজনে৷ মহেঞ্জোদাৰোত সাৱলীল অভিনয়ৰে বলীউডৰ প্ৰযোজক-পৰিচালকৰ দৃষ্টি আৰ্কষণ কৰিবলৈ সক্ষম হৈছিল অসম সন্তানজনে৷

দিগন্তৰ বাবে এই যাত্ৰা খুব সহজ নাছিল যদিও নিজৰ কষ্টৰ বলত বলীউডত চিনাকী দিয়াৰ সুযোগ পাইছে তেওঁ৷ কঠোৰ পৰিশ্ৰম, একাগ্ৰতাৰ বলত বলীউডৰ কিং খানৰ সৈতে অভিনয় কৰাৰ সুযোগ লাভ কৰিছে দিগন্তই৷ দিগন্তৰ এই যাত্ৰা আছিল অসমীয়া ধাৰাবাহিকৰ পৰা বলীউডলৈকে৷ ২০০৯ চনৰ অভিনয় জগতত প্ৰৱেশ কৰিছিল দিগন্তই৷ নগাঁৱৰ পুৰণিগুদামত জন্মগ্ৰহণ কৰা দিগন্তই প্ৰথমে মডেলিঙৰ জৰিয়তে ছবিজগতত প্ৰৱেশ কৰিছিল৷ 'কি নাম দি মাতিম' চুটি ছবিখনৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ কৰিছিল দিগন্ত হাজৰিকাই৷ তাৰ পিছত ৰিছাং, ৰ'দ, গ্ৰহণ, অনুৰাধা, মহেঞ্জোদাৰো (হিন্দী বোলছবি), দ্য আণ্ডাৰৱৰ্ল্ড, প্ৰতিঘাট আৰু শেহতীয়াকৈ 'পাঠান'ত (হিন্দী বোলছবি) কাম কৰিছে হাজৰিকাই৷ 

বিতৰ্কৰ বাবে দিগন্তৰ এই খবৰটোৱে খুব গুৰুত্ব পোৱা নাই যদিও এই খবৰটো জনাৰ পিছত নিশ্চয়কৈ অসমবাসীয়ে গৌৰৱ অনুভৱ কৰিছে৷ চিনেমাক লৈ বিতৰ্ক চলি আছে, চলি থাকিব৷ তাৰ মাজতে এই খবৰটোৱে অসমবাসীক গৌৰাম্বিত কৰিব যে বলীউডতো চলিছে এতিয়া অসমীয়াৰ দপদপনি৷