Logo
image

এটা উপযুক্ত বয়স থাকে : মুখ্যমন্ত্ৰীয়ে ক'লে, ২২ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত সন্তান জন্ম দিব লাগে

ডিজিটেল ডেস্কঃ বিয়া নপতাসকলক বিয়া পাতিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ৷ ২২ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত জন্ম দিব লাগে সন্তান৷ এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ 

শনিবাৰে কলাক্ষেত্ৰত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে মই এইকেইদিন কৈ আছো যে বাল্য বিবাহ বন্ধ হ'ব লাগে৷ সৰুতে ছোৱালী মাতৃ হ'ব নালাগে৷ কিন্তু বেছি ডাঙৰ বয়সতো মাতৃ হ'ব নালাগে৷ তেতিয়াও সমস্যা হয়৷ কাৰণ সৰুতে সন্তান জন্ম দিওতে যেনেকৈ জটিলতা দেখা যায়, ঠিক তেনেকৈ ৩০-৩৫ বছৰত সন্তান জন্ম দিলেও জটিলতা দেখা দিয়ে৷ গতিকে উপযুক্ত বয়সত অৰ্থাৎ ২২ৰ পৰা ৩০ বছৰ বয়সত সন্তান জন্ম দিব লাগে৷

লগতে মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত বাল্য বিবাহ আৰু ১৮ বছৰৰ তলৰ ছোৱালীয়ে সন্তান জন্ম দিয়া ব্যৱস্থাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ হয়তো হাজাৰ হাজাৰ স্বামী অহা পাঁচ-ছয় মাহৰ ভিতৰত গ্ৰেপ্তাৰ হ'ব৷ কোনো লোকৰ যাৱজ্জীৱন কাৰাদণ্ডয়ো হ'ব৷ কাৰণ ১৪ বছৰৰ তলৰ ছোৱালীৰ গাত হাত দিয়া জনৰ যাৱজ্জীৱন কাৰাদণ্ড হয়, লাগিলে তেওঁ স্বামীয়েই নহওক কিয়৷ ঠিক তেনেদৰে ১৮ বছৰৰ তলত বিয়া কৰালে সেই বিবাহ আইন মতে গ্ৰহণযোগ্য নহয়৷ তদুপৰি মুখ্যমন্ত্ৰীয়ে কয় যে যদি শিশুৰ জন্ম আৰু বাল্য বিবাহ ৰোধ কৰিব পাৰোঁ তেন্তে প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিব পাৰিম৷