Logo
image

বাতৰি কাকত যোগনীয়াৰৰ পুত্ৰৰ কৃতিত্ব

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম জাতীয় বিদ্যালয়ৰ দশম শ্রেণীৰ ছাত্র ৰঞ্জন হাজৰিকাই অসম চৰকাৰৰ অনুমোদিত সংগীত সত্ৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে সংগীত সত্ৰ পৰিষদৰ দ্বাৰা  অনুষ্ঠিত ২০২২ বর্ষৰ নর্তন বিভাগত বিশেষ যোগ্যতাসহ (ডিছষ্টিংচন ) গুণীন ( বিশাৰদ) পৰীক্ষাত উত্তীর্ণ হৈছে ৰঞ্জন৷ গুৰু শৈলেন শইকীয়া, গুৰু সবিতা শইকীয়া, গুৰু জগত চন্দ্র বাৰিক, গুৰু অপৰাজিতা ডাউকাৰ অধীনত 'আকাৰ' (মালিগাঁও) সত্ৰীয়া নৃত্য অনুশীলন কেন্দ্রৰ পৰা পৰীক্ষাত অৱতীর্ণ হৈছিল ছাত্ৰজন। ৰঞ্জন হাজৰিকা গুৱাহাটী সদিলাপুৰৰ বাসিন্দা দীপক ৰঞ্জন হাজৰিকা আৰু তাৰিণীপ্ৰিয়া হাজৰিকা একমাত্ৰ পুত্ৰ। 

উল্লেখ্য যে দীপক ৰঞ্জন হাজৰিকা এগৰাকী নিষ্ঠাবান বাতৰি কাকত যোগনীয়াৰ। বিগত ২৫ বছৰ ধৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আশে-পাশে থকা বহু পৰিয়ালৰ ঘৰত নিৰৱিচ্ছিন্নভাৱে বিভিন্ন কাকত আলোচনী যোগান ধৰি আহিছে।