Logo
image

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ মৃত্যু

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ শনিবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ।  ১৯৩০ চনত নগাঁওৰ কামপুৰৰ তেতেলিসৰা গাঁৱত জন্মগ্ৰহণ কৰা গুণসিন্ধু হাজৰিকাই অসমীয়া চলচ্চিত্ৰ জগতলৈ আগবঢ়াই গৈছে বিশেষ অৱদান। ১৯৬০ৰ দশকত মুম্বাইত ৰাজ কাপুৰৰ এখন ছবিৰ স্পটবয়ৰ কামেৰে তেওঁ চলচ্চিত্ৰ জগতত খোজ পেলাইছিল। তেওঁ সন্ধ্যাৰাগ (১৯৭৭), অনিৰ্বাণ (১৯৮১), মণিৰাম দেৱান (১৯৬৪), ললিতা, আদালত, মৰমী, তৰামাই, নয়নমণি আদি বহুটো ছবিৰ পৰিচালনা সহকাৰী আছিল। 

নয়নমণি ছবিৰ কাম কৰি থাকোঁতেই এক দুৰ্ঘটনাত পতিত হৈ তেওঁ চিৰদিনৰ বাবে দৃষ্টিশক্তি হেৰুৱায়। স্বাধীনভাবে পৰিচালনা কৰা তেওঁৰ একমাত্ৰ অসমীয়া ছবিখন হ’ল 'অবুজ বেদনা' (১৯৯৩)। শিশুছবি অবুজ বেদনাক হিন্দীত ডাব কৰি দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰমত দেখুৱাওৱা হৈছিল। ইন্দ্ৰমালতী আৰু এখন ছবি তেওঁ স্বাধীনভাবে পৰিচালনা কৰিছিল। সেইখন হ’ল ভোজপুৰী ভাষাৰ ছবি গোৰী। তদুপৰি তেওঁ দুখন বলীউড ছবি 'কানুন ৰং লায়েগী' আৰু 'জব য়াদ কিসিকী আতি হ্যায়'ৰ পৰিচালনাৰ সৈতে জড়িত আছিল। কামপুৰৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান আৰোহনে কপিলী বঁটা-২০১৮ৰে তেওঁক সন্মানিত কৰা হৈছিল। 

২০০১ চনত কামৰূপ জিলাৰ উপায়ুক্তই আৰ্থিক দুৰ্যোগত ভোগা হাজৰিকাক উপায়ুক্ত কাৰ্যালয় চৌহদত এটা পিচিঅ’ স্থাপন কৰিবলৈ বিশেষ অনুমতি প্ৰদান কৰিছিল। এই ব্যৱয়াসৰ পৰা হোৱা আয় সামান্য আছিল যদিও তেওঁ কিবাবৈ চলি থাকিব পৰা হৈছিল। ২০০৯ চনত অসমত এলানি ধাৰাবাহিক বোমা বিস্ফাৰণ সংঘটিত হৈছিল। বিস্ফোৰণৰ পাছত কৰ্তৃপক্ষই সুৰক্ষাজনিত কাৰণত পিচিঅ’টো উঠাই দিছিল। একমাত্ৰ অসম চৰকাৰৰ শিল্পী পেঞ্চনেৰে চলিবলগীয়া হোৱা হাজৰিকাই চৰম দাৰিদ্ৰতাৰ সন্মুখীন হৈছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী অৰ্পনা মিশ্ৰ হাজৰিকাৰ লগতে পৰিয়ালবৰ্গক এৰি যায়। তেওঁলোকৰ কোনো সতি-সন্ততি নাছিল।