Logo
image

ওড়িশাৰ স্বাস্থ্যমন্ত্ৰীলৈ আৰক্ষী বিষয়াৰ গুলী : সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

ডিজিটেল ডেস্কঃ বিজেপিৰ জ্যেষ্ঠ নেতা তথা ওড়িশাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী নৱ কিশোৰ দাসলৈ গুলীচালনা কৰে এগৰাকী কৰ্তব্যৰত আৰক্ষী বিষয়াই৷ দেওবাৰে ঝাৰছুগুদা জিলাৰ ব্ৰজৰাজনগৰত সংঘটিত হয় এই ঘটনা৷ আৰক্ষী বিষয়াৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মন্ত্ৰীগৰাকী৷ আৰক্ষীয়ে জনোৱা মতে, মন্ত্ৰী দাসে ব্ৰজৰাজনগৰৰ গান্ধী চ’কত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা।

ঘটনা সন্দৰ্ভত ব্ৰজৰাজনগৰৰ আৰক্ষী বিষয়া গুপ্তেশ্বৰ ভৈয়ে কয় যে গান্ধী চ’ক কৰ্তব্যৰত সহকাৰী উপ-পৰিদৰ্শক গোপাল দাসে মন্ত্ৰী দাসলৈ গুলীচালনা কৰে৷ কি কাৰণে তেওঁ মন্ত্ৰীজনক আক্ৰমণ কৰিলে সেয়া এতিয়াও জানিব পৰা নাই৷

২০০৯ চনৰ পৰা ঝাৰছুগুডা বিধান সভা সমষ্টিক প্ৰতিনিধিত্ব কৰা দাসক ততাতৈয়াকৈ ঝাৰছুগুডাৰ জিলা সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় য’ত চিকিৎসকৰ বিশেষ দলে মন্ত্ৰীগৰাকীক চিকিৎসা কৰি আছে। তেওঁৰ অৱস্থা সংকটজনক বুলি জনাইছে চিকিৎসকে। সূত্ৰই জনোৱা মতে, উন্নত চিকিৎসাৰ বাবে তেওঁক ভুৱনেশ্বৰলৈ বিমানযোগে লৈ যোৱাৰ সম্ভাৱনা আছে।

আনহাতে গুলীচালনা কৰা আৰক্ষী বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষী বিষয়া গোপাল দাসে কিয় এনে পদক্ষেপ ল’লে সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ওড়িশা আৰক্ষীয়ে৷