Logo
image

বন্ধ খামত চাৰিজনৰ নাম!

-কাইলৈ পুৱা ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত কবি নীলমণি ফুকনৰ বন্ধ খাম খুলিব নিত্য বৰাই
প্ৰায় অৰ্ধশতাব্দীজোৰা ৰহস্যৰ অৱসানৰ লগে লগে কি বিস্ফোৰণ ঘটিব ৰাজ্যৰ সাহিত্য আৰু বৌদ্ধিক জগতত? ১৯ বছৰৰ পূৰ্বে ষড়যন্ত্ৰকাৰীৰ নাম লিখি বা তাৰ সম্পূৰ্ণ ইংগিত দি কবি নীলমণি ফুকনে সাহিত্যিক-সাংবাদিক নিত্য বৰাৰ হাতত জমা দি যোৱা বন্ধ খামটো অহা ৩ ফেব্ৰুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাবত খোলাৰ লগে লগে ধুমুহা সৃষ্টিৰ আশংকা কৰা হৈছে৷ সাংবাদিক-সাহিত্যিক নিত্য বৰাই শুকুৰবাৰে দিনৰ ১১ বজাত এই বন্ধ খামটো খোলাৰ সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে৷ জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনে তেওঁৰ বিদায়ৰ পাছত এই বন্ধ খামটো খুলিবলৈ অনুৰোধ জনাই গৈছিল, য’ত তেওঁ উল্লেখ কৰি গৈছে ১৯৭৪ চনত তেওঁৰ বিৰুদ্ধে ৰচিত হোৱা কুম্ভিলক বৃত্তিৰ ষড়যন্ত্ৰৰ কথা৷ কবিৰ পৰিয়ালৰ অনুৰোধ ৰক্ষা কৰি প্ৰয়াত নীলমণি ফুকনৰ আদ্যশ্ৰাদ্ধ সম্পন্ন হোৱালৈ অপেক্ষা কৰা নিত্য বৰাই সাংবাদিকৰ সন্মুখত সেই খামটো খুলিব বুলি বুধবাৰে ‘আমাৰ অসম’ক জনাইছে৷
কবিয়ে এই ষড়যন্ত্ৰৰ সৈতে সংযোগবশতঃ জড়িত হৈ পৰা নিত্য বৰাৰ হাতত জমা দি যোৱা বন্ধ খামটো খুলিলে অসমৰ সাহিত্য আৰু বৌদ্ধিক ক্ষেত্ৰত বৃহৎ ধুমুহাৰ সৃষ্টি হ’ব পাৰে বুলি বিগত প্ৰায় এপষেক ব্যাপক চৰ্চা হৈছে৷ বিভিন্ন সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত এই সন্দৰ্ভত উত্তাল চৰ্চা অব্যাহত আছে৷ বহুতেই পূৰ্বানুমান কৰিছে কোন হ’ব পাৰে ষড়যন্ত্ৰকাৰী৷ অনেকেই এই বন্ধ খামটো এতিয়া অৰ্ধশতিকাৰ পাছত খোলাৰ প্ৰয়োজন নাই বুলি মতামত দিলেও গৰিষ্ঠসংখ্যক লোকেই বন্ধ খাম খোলাৰ পক্ষপাতী৷ কিয়নো যি গভীৰ ষড়যন্ত্ৰৰে ৰাজ্যৰ আটাইতকৈ প্ৰতিভাৱান কবিগৰাকীক তেওঁৰ সৃজনীশীল দিনতে ধবংস কৰি দিয়াৰ চেষ্টা চলোৱা হৈছিল, সেই বিষয়ে সকলো অৱগত হোৱা উচিত বুলি সাহিত্যক্ষেত্ৰৰ প্ৰায় সকলোৱে মন্তব্য কৰিছে৷ তদুপৰি খামটো খুলিলে ষড়যন্ত্ৰকাৰী সন্দৰ্ভত বিয়পি পৰা সন্দেহৰো অৱসান ঘটিব৷ কিয়নো অনেকেই এই সন্দৰ্ভত অসমৰ অনেক বিজ্ঞ লোকক মিছাতে সন্দেহ কৰি থাকিব পাৰে৷ তদুপৰি স্বয়ং নীলমণি ফুকনে নিজেও বিচাৰিছিল তেওঁৰ জীৱনাৱসানৰ পাছত এই খামটো খোলা হওক৷ কোৱা বাহুল্য মাথোঁ সেই ষড়যন্ত্ৰ ধৰা পেলোৱাৰ ফলতহে কবি নীলমণি ফুকনে পুনৰ কবিতা ৰচনাৰ বাবে হাতত কলম তুলি লৈছিল আৰু তাৰ ফলশ্ৰুতিত অসমলৈ আহিল তৃতীয়টো জ্ঞানপীঠ বঁটাৰ সন্মান৷
স্বাভাৱিকভাৱেই এই খামটো খোলাৰ লগে লগে অসমৰ সাহিত্য আৰু বৌদ্ধিক জগতত অকাল ধুমুহাৰ সৃষ্টি হ’ব৷ ধাৰণা কৰা অনুসৰি এই বন্ধ খামৰ ভিতৰত কবি নীলমণি ফুকনে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা মুঠ ৪জন ব্যক্তিৰ নাম লিখি থৈ গৈছে বা ইংগিত দি গৈছে৷ সেই ৪জন ষড়যন্ত্ৰকাৰীৰ ভিতৰত এজন হৈছে ৰাজ্যৰ প্ৰথিতযশা কবি-সাহিত্যিক৷ এজন ষড়যন্ত্ৰকাৰী সাংবাদিক-সাহিত্যিক আৰু আন দুজন হৈছে শিক্ষাবিদ-সাহিত্যিক৷ নিজৰ কৰ্মক্ষেত্ৰত যিহেতু এই চাৰিজন ব্যক্তিয়েই স্বনামধন্য আছিল, সেয়ে তেওঁলোকৰ নাম প্ৰকাশ কৰাৰ লগে লগে ৰাজ্যত তুমুল প্ৰতিক্ৰিয়া হোৱাৰ সম্ভাৱনা আছে৷ গুৰুত্বপূৰ্ণ বিষয় এয়াই যে, মুঠ চাৰিজন মূল ষড়যন্ত্ৰকাৰীৰ এজন সম্ভৱতঃ এতিয়াও জীৱিত৷ নিজৰ নাম প্ৰকাশ হোৱাৰ লগে লগে তেওঁ কেনেদৰে আত্মপক্ষ সমৰ্থন কৰে আৰু মৃত তিনিওজনৰ পৰিয়ালে কি আৰু কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া অতিশয় তাৎপৰ্যপূৰ্ণ হ’ব৷ প্ৰসংগতঃ মূল চাৰিজন ষড়যন্ত্ৰকাৰীৰ উপৰি আৰু কেইজনমান ব্যক্তিয়ে এই ষড়যন্ত্ৰত বিভিন্ন ধৰণে ভাগ লৈছিল৷ তদুপৰি যিটো ছপাশালত ইক’ নামৰ আলোচনীখন ছপা কৰা হৈছিল সেই ছপাশালৰ নামো এতিয়ালৈ অপ্ৰকাশিত৷ আৰক্ষীৰ তদন্ত আৰু স্বয়ং নীলমণি ফুকনৰ অনুসন্ধানত সকলোৰে নাম পোহৰলৈ আহিছিল৷ আৰক্ষীৰ তদন্তৰ প্ৰতিবেদনত সেই সন্দৰ্ভত সৱিশেষ উল্লেখ আছে৷ সেয়ে বন্ধ খাম খোলাৰ পাছত ষড়যন্ত্ৰকাৰীৰ নাম প্ৰকাশ হ’লেও তেওঁ বা তেওঁলোকৰ পৰিয়ালে আত্মপক্ষ সমৰ্থন কৰিবলৈ বিশেষ সমল নাপাব৷ অৱশ্যে যদিহে কবিয়ে সেই মূল চাৰিজন ষড়যন্ত্ৰকাৰীৰ নাম স্পষ্টভাৱে উল্লেখ নকৰি কেৱল ইংগিতহে দি গৈছে তেন্তে এই অৰ্ধশতাব্দীজোৰা ৰহস্য কাললৈ ৰহস্য হৈয়েই ৰৈ যাব৷