Logo
image

খাকী পোছাকত ধোনী

ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক এইবাৰ আন এটা ৰূপত দেখা গ'ল৷ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে ধোনীৰ নতুন ৰূপ৷ এইবাৰ খাকী পোছাকত দেখা গ'ল ধোনীক৷

ধোনীক খাকী পোছাকত দেখি আৰক্ষীত যোগদান কৰিছে বুলি ভুল নকৰিব৷ নতুবা তেওঁ কোনো ছবিক লৈ ব্যস্ত নহয়৷ এটা বিজ্ঞাপনৰ বাবেহে আৰক্ষীৰ পোছাক পৰিধান কৰিছে ধোনীয়ে৷ শীঘ্ৰেই মুকলি কৰা হ'ব বিজ্ঞাপনটো৷ উল্লেখ্য যে ২০১১ চনত এম এছ ধোনীয়ে ভাৰতীয় আৰ্মীৰ লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় পদবী লাভ কৰিছিল।