Logo
image

উৎকট বায়ু প্ৰদূষণেৰে দুপৰতে অন্ধকাৰ ক্ষতবিক্ষত মহানগৰ

ডিজিটেল ডেস্কঃ বুধবাৰে পুৱাৰ ভাগত ফৰকাল হৈ থকা গুৱাহাটী দুপৰীয়া ভাগলৈ ধূলিৰে ধূসৰ হৈ পৰে৷ এক কথাত গুৱাহাটী মহানগৰীয়ে দিনৰ পোহৰতে অন্ধকাৰময় ৰূপ লয়৷ চিৰ পৰিচিত গুৱাহাটী মহানগৰীৰ আকস্মিক এই ৰূপ দেখি আশ্চৰ্যান্বিত হৈ পৰে নাগৰিকসকল৷  বায়ুমণ্ডল ধূলিৰে ধুসৰ হৈ পৰি ডাঠ কুঁৱলী সদৃশ আৱৰণেৰে আকাশ ঢাকি পেলোৱাত আতংকিত হৈ একাংশ নাগৰিক৷ এক কথাত ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰা পৰিস্থিতি সৃষ্টি হয় মহানগৰীত৷ পথচাৰী, বাইক আৰোহীৰ লগতে ট্ৰেকাৰ-চিটিবাছত যাতায়াত কৰা যাত্ৰীসকলেও ধূলিৰ প্ৰকোপত একপ্ৰকাৰ ত্ৰাহি মধুসূদন সুঁৱৰিবলগীয়া পৰিস্থিতিৰ মুখামুখি হয়৷ গুৱাহাটীৰ বায়ুমণ্ডলৰ অস্বাভাৱিক পৰিৱৰ্তনক লৈ একাংশ লোক আতংকিত হৈ পৰিলেও এই পৰিস্থিতিৰ কোনো অস্বাভাৱিক নহয় বুলি মত ব্যক্ত কৰিছে পৰিৱেশবিদসকলে৷ কিয়নো মহানগৰীৰ বায়ু মণ্ডল ধূলি আৰু ধূসৰ হৈ পৰাৰ মূল কাৰণটোৱে হৈছে গুৱাহাটীৰ ক্ৰমবৰ্ধমান প্ৰদূষণ৷ অৰ্থাৎ গুৱাহাটীত মানৱসৃষ্ট প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাত এই পৰিৱেশৰ উদ্ভৱ হৈছে৷ অৰুণাচল তথা উজনি অসমত অব্যাহত থকা বৰষুণৰ ফলত গুৱাহাটীৰ বায়ুমণ্ডলত চাপৰ সৃষ্টি হৈ কুঁৱলী তথা জলকণাই প্ৰদূষিত ধূলি আৰু ভাসমান কণা ধৰালৈ নমাই আনি চামনিৰ সৃষ্টি কৰাত গুৱাহাটীয়ে বুধবাৰে এই ৰূপ লোৱা বুলি বিষেজ্ঞসকলে প্ৰকাশ কৰিছে৷ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য মতে বুধবাৰৰ দিনটোত গুৱাহাটীৰ বায়ুৰ মান সূচাংক [এয়াৰ কোৱালিটী ইনডেক্স] ৩৫০ ৰ অতিক্ৰম কৰে৷ এক কথাত গুৱাহাটীৰ প্ৰদূষণে দিল্লীক অতিক্ৰম কৰিবলৈও বেছি দিন নালাগিব৷ বুধবাৰৰ দিনটোৰ গুৱাহাটীৰ বায়ুৰ মান সূচাংক অতি নিম্ন হিচাপে অভিহিত কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে৷ পৰিষদৰ তথ্য মতে বিশ্বৰ অধিক প্ৰদূষিত চহৰৰ তালিকাত গুৱাহাটীয়ে ৫০ সংখ্যাক স্থান স্পৰ্শ কৰিছে৷ ধুলি, কুঁৱলীৰ আচ্ছাদনৰ চামনিৰ বাবে নাগৰিকৰ বাবে সন্মুখ ভাগো ধূসৰ তথা অস্পষ্ট হৈ পৰে৷ যাৰ বাবে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা ফেৰী চলাচল বন্ধ ৰাখিবলৈও বাধ্য হয়৷ ইফালে বুধবাৰে ধূলি ধুমুহাৰ বাবেই গুৱাহাটীত চাৰিখনকৈ বিমানে অৱতৰণ কৰিব নোৱাৰি উভতি যাব লগা হ’ল কলকাতালৈ৷ জয়পুৰৰ পৰা গুৱাহাটীলৈ অহা স্পাইচজেটৰ এখন, বেংগালুৰুৰ পৰা গুৱাহাটীলৈ অহা এয়াৰ এছিয়াৰ আন এখন বিমানৰ লগতে মুঠ ৪খন বিমানে আজি বায়ুমণ্ডলত সৃষ্টি হোৱা ধূলিৰ ভয়ংকৰ আস্তৰণৰ বাবে বৰঝাৰত অৱতৰণ কৰিব নোৱাৰিলে৷ যাৰ ফলত চাৰিওখন বিমানকে ডাইভাৰ্ছন কৰি কলকাতাত অৱতৰণ কৰোৱা হয়৷ পৰিৱেশবিদসকলৰ মতে মহানগৰীত অবিজ্ঞানসন্মতভাৱে বৈধ-অবৈধ নিৰ্মাণ কাৰ্যৰ বাবেই ধূলিৰ মাত্ৰা বৃদ্ধি পাইছে৷ বিশেষকৈ খানাপাৰাৰ পৰা জালুবাৰীলৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ আৰু  মহানগৰীৰ ভিন্ন স্থানত নিৰ্মাণৰত জ্জখন উৰণীয়া সেঁতুৰ আন্তঃগাঁথনিৰ বাবে প্ৰায় ৩০০০ গছ কাটি বন ধবংস কৰাত প্ৰদূষণে ভয়ংকৰ ৰূপ লৈছে৷ উৰণীয়া সেতুৰ নিৰ্মাণৰ লগতে চৰকাৰী-বেচৰকাৰী অট্টালিকা নিৰ্মাণৰ ফলতো ধূলি তথা বায়ুমণ্ডলত ভাসমান কণা [PM ২.৫ আৰু PM ১০] ৰ মাত্ৰা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ তদুপৰি যান-বাহন আৰু কল-কাৰাখানাৰ পৰা কাৰ্বন নিৰ্গমণ বৃদ্ধি পোৱাত বায়ু মণ্ডলত ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰ’জেন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে৷ যাৰ পৰিপ্ৰেক্ষিতত বৰষুণ হ্ৰাস আৰু প্ৰদূষণৰ অন্যতম কাৰক বুলিও অভিহিত কৰা হৈছে৷ ইয়াৰোপৰি বৰষুণৰ হ্ৰাস পোৱাত মহানগৰীৰ মাজেৰে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰৰ বালিচৰ শুকাই যাবলৈ ধৰিছে৷ যাৰ বাবে ব্ৰহ্মপুত্ৰৰ ধুলি-বালি বতাহত উৰি আহি মহানগৰীত প্ৰদূষণ বৃদ্ধি কৰিছে৷ মহানগৰীৰ বায়ুমণ্ডল ধূলিময় হৈ পৰাত নাগৰিকৰ বিভিন্ন ৰোগে দেখা দিছে৷ বিশেষকৈ শিশুু আৰু বৃদ্ধি লোকসকল হাঁওফাও ৰোগত আক্ৰান্ত হোৱাৰ লগতে সুস্থ সবল লোকসকলো জ্বৰ, কাহ তথা বিভিন্ন চৰ্ম ৰোগত আক্ৰান্ত হৈছে৷ প্ৰদূষণৰ বাবেই মহানগৰীৰ বাসিন্দাৰ ৰোগ বৃদ্ধি পোৱা বুলি চৰকাৰ-প্ৰশাসনৰ লগতে ৰাইজক সতৰ্ক কৰি দিছে জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই৷  

বৰষুণ হ্ৰাস পোৱাৰ বাবে প্ৰদূষণ প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে মহানগৰীৰ গছ-গছনি তথা পথ-উপপথসমূহত পানী ছটিওৱাৰ ব্যৱস্থা কৰিবলৈও গুৱাহাটী পৌৰ নিগমক পৰামৰ্শ দিছে জ্যেষ্ঠ চিকিৎসকজনে৷ ইফালে, প্ৰদূষণৰ মাত্ৰাই উদ্বেগজনক ৰূপ লোৱাত বিভিন্ন সচেতন ব্যক্তিয়ে প্ৰশাসন তথা মুখ্যমন্ত্ৰীক ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কিছুদিন গুৱাহাটীৰ শিক্ষানুষ্ঠান বন্ধ ৰাখিবলৈ আহ্ৱান জনাইছে৷ তদুপৰি মহানগৰীৰ প্ৰতিটো সৰু-বৰ পথতে নিয়মীয়াকৈ পানী ছটিওৱাৰ ব্যৱস্থা কৰিবলৈও প্ৰশাসনক আহ্ৱান জনাইছে৷ ইয়াৰোপৰি অন্তত ১০ দিনৰ বাবে মহানগৰী সকলোধৰণৰ চৰকাৰী-বেচৰকাৰী নিৰ্মাণ কাৰ্য বন্ধ ৰাখি ৰাইজৰ মাজত জনস্বাস্থ্যক  লৈ সজাগতাৰ সৃষ্টিত গুৰুত্ব দিবলৈও সচেতনমহলে সামাজিক মাধ্যমযোগে চৰকাৰক আহ্ৱান জনাইছে৷ ধূলি-ধুসৰ এই পৰিৱেশ বৰষুণ নোহোৱাৰ লক্ষণ বুলিও বতৰ বিজ্ঞানীয়ে অভিহিত কৰিছে৷ বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক ৫ দিনলৈ গুৱাহাটীৰ বৰষুণৰ কোনো সম্ভাৱনা নাই বুলিও জানিবলৈ দিছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ কতৃৰ্পক্ষই জনোৱা মতে– গুৱাহাটীত বিগত ২৬ অক্টোবৰতে শেষবাৰলৈ বৰষুণ দিছিল৷ বিগত বৰ্ষত অসমত প্ৰায় স্বাভাৱিক পৰিমাণৰ বৰষুণ হৈছিল যদিও এইবাৰ বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে৷ ৱেষ্টাৰ্ণ ডিষ্টাৰবেঞ্চৰ বাবেই এইবাৰ বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে৷ অসমলৈ পূব দিশৰ পৰা ঠাণ্ডা বতাহৰ আগমণ ঘটে যদিও এইবাৰ বতাহৰ প্ৰকোপ মৃদু৷ তাৰ বাবে এইবাৰ শীতৰ প্ৰকোপ কম হৈছে৷ গুৱাহাটীত আগন্তুক ৫ দিনলৈ বৰষুণ হোৱাৰ সম্ভাৱনা নাই৷ ধুলিময় কুঁৱলী সদৃশ প্ৰতিৱেশে আৱৰি থাকিব মহানগৰ৷ অৰুণাচলত বৰষুণ হৈ থকাৰ ফলত উজনি অসমত পাতলীয়া আৰু মজলীয়াকৈ বৰষুণ হ’ব বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে৷