Logo
image

বহিঃৰাজ্যত অসমৰ যুৱকৰ ৰহস্য জনক মৃত্যু

ডিজিটেল ডেস্কঃ শিৱসাগৰৰ হাঁহচৰা চাংমাই গাঁৱৰ বিজয় ভৰালী(৩৪) নামৰ যুৱক জনৰ  অন্ধ্ৰপ্ৰদেশৰ এটা  ৰেলপথৰ কাষত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ঘটনাৰ সৈতে এজন ৰে'লৱে কৰ্মচাৰী জড়িত থকাৰ কেতবোৰ তথ্য সদৰী কৰিছে ৷ ঘটনাৰ সবিশেষ অনুসৰি গাঁওখনৰ ৰাজমিস্ত্ৰী বিজয় ভঁৰালী নামৰ ৩৪ বছৰীয়া লোকজনৰ সৈতে ভাৰতী গগৈ নামৰ মহিলা গৰাকীৰ এক অবৈধ সম্পৰ্ক গঢ় লৈ উঠিছিল ৷ এসপ্তাহৰ পূৰ্বে হঠাৎ গাঁওখনৰ পৰা দুয়ো অন্তৰ্ধান হোৱাৰ পাছত ১৩ ফেব্ৰুৱাৰীৰ ৰাতি প্ৰায় ৭ বজাত ভাৰতী গগৈ নিজ বাসগৃহত উপস্থিত হয় যদিও তাৰ কিছুসময়ৰ পাছতে শিমলুগুৰি ৰে'লৱে আৰক্ষীয়ে অন্ধ্ৰপ্ৰদেশৰ এটা ৰে'লৱে লাইনৰ কাষত বিজয় ভঁৰালী নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি বিজয়ৰ বায়েকক ফোনযোগে অৱগত কৰে ৷ ইয়াৰ লগে লগে গাঁওখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু স্থানীয় ৰাইজে ভাৰতীৰ ঘৰ ঘেৰি বিজয়ৰ মৃত্যুৰ কাৰণ জানিব বিচাৰে ৷ পিছত আৰক্ষীয়ে পৰিৱেশ নিয়ন্ত্ৰণ কৰি স্থানীয় ৰাইজক আশ্বাস দিয়ে ৷ উল্লেখ্য যে স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি ভাৰতী ৰে'লৱে বিভাগৰ কৰ্মচাৰী প্ৰফুল্ল সোণোৱাল নামৰ এজন ব্যক্তিৰ সৈতেও আন এক অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল । সেইসূত্ৰে প্ৰফুল্ল সোণোৱাল নামৰ যুৱকজনে প্ৰায় তিনিবছৰ কাল ভাৰতীৰ ঘৰতে আশ্ৰয় লৈ কিছুদিনৰ পৰা অকলশৰে থাকি ভাৰতীৰ ঘৰৰ সমীপতে হাঁহচৰাৰ চাংমাই গাঁৱৰ ৫ নং ৰেলৱে ক্ৰচিঙত কৰ্তব্য সমাপন কৰি আছিল ৷ ইতিমধ্যে ভাৰতীৰ পতি বিষ্ণু গগৈয়ে স্থানীয় লোকক কোৱা ভাষ্যই সমগ্ৰ ঘটনাটো অন্য দিশলৈ গতি কৰিছে ৷ প্ৰফুল্ল সোণোৱাল নামৰ এই ৰে'লৱে কৰ্মচাৰীজন  জড়িত থকাৰ এক অভিযোগ তুলিছে বিষ্ণু গগৈয়ে, এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে বিজয় ভৰালীয়ে ভাৰতীৰ সৈতে অন্তৰ্ধান হোৱাৰ দুদিনৰ পূৰ্বে মাটি বিক্ৰী কৰি প্ৰায় তিনি লাখ টকা পাইছিল বুলিও বিশেষ সূত্ৰে জানিব পৰা গৈছে,এতিয়া সেই টকা লৈও ৰহস্যৰ সৃষ্টি হৈছে ৷ তাৰোপৰি ৰহস্যময়ী ভাৰতীয়ে তাইক কোনোলোকে অপহৰণ কৰি সমস্ত বস্তু লৈ গ’ল বুলি কোৱাৰ লগতে কোনোলোকে গুৱাহাটীৰ পৰা তিনি হেজাৰ পাঁচশ টকাৰে ৰেলৱেত টিকেট কাটি ঘৰলৈ অহাৰ সুবিধা কৰি দিয়ে বুলি স্থানীয় একাংশ ৰাইজৰ আগত ব্যক্ত কৰিছে ৷ কিন্তু প্ৰশ্নৰ বিষয় যে গুৱাহাটীৰ পৰা শিমলুগুৰি ৰেলৱে জংচনলৈ কোন ৰেলৰ কোনো শ্ৰেণীতে তিনি হেজাৰ পাঁচশ টকা নহয়, তেনেস্থলত ভাৰতীয়ে তিনি হেজাৰ পাঁচশ টকাত ৰেলৱে টিকট ক্ৰয় কৰি গুৱাহাটীৰ পৰা শিমলুগুৰিলৈ অহা বুলি কোৱা ভাষ্য কিমান গ্ৰহণযোগ্য সেইয়া সন্দেহৰ আৱৰ্তত ৷ এতিয়া বিজয় ভৰালীৰ মৃত্যুৰ সমগ্ৰ ঘটনাটো এক গভীৰ ৰহস্যৰ মাজত সোমাই পৰিছে ৷ প্ৰকৃততে বিজয় আৰু ভাৰতীৰ ক’ত কেনেকৈ এৰাএৰি হ’ল আৰু কি পৰিস্থিতিত কেনেকৈ বিজয়ৰ মৃত্যু হ’ল, সেইয়া  আৰক্ষীৰ সঠিক অনুসন্ধানেহে ঘটনাৰ ৰহস্য ভেদ হ'ব ৷