Logo
image

বুঢ়াচাপৰিত বুলড’জাৰ

ডিজিটেল ডেস্কঃ  মঙলবাৰে পুৱাৰে পৰা বুঢ়াচাপৰি অভয়াৰণ্যত চলিল উচ্ছেদ অভিযান৷ একেদিনাই প্ৰায় আঢ়ৈ হাজাৰ বেদখলকাৰী পৰিয়ালক উচ্ছেদ কৰা হয়৷ পুৱাৰে পৰাই দুই সহস্ৰাধিক নিৰাপত্তাৰক্ষীক লগত লৈ উচ্ছপদস্থ বিষয়াই এক্সকেভেটৰ, বুলড’জাৰেৰে আৰম্ভ কৰে উচ্ছেদ৷ শ শ বাসগৃহ ভাঙি পেলোৱাৰ লগতে খেতিপথাৰো উচ্ছেদ কৰে প্ৰশাসনে৷ ট্ৰেক্টৰেৰে উচ্ছেদ কৰে কেইবাশ বিঘা মাটিৰ বেঙেনা-বিলাহী-কবি-জলকীয়াৰ খেতি৷ বহু উচ্ছেদিত পৰিয়ালৰ হিয়াভগা কান্দোনে পৰিৱেশ গধুৰ কৰি তোলে৷ ইতিমধ্যে উচ্ছেদৰ জাননী লাভ কৰাৰ সূত্ৰে বনাঞ্চলত বহুবছৰ ধৰি বাস কৰা বহুসংখ্যক অবৈধ দখলকাৰী আন ঠাইলৈ আঁতৰি গৈছে আৰু প্ৰশাসনে পৰিত্যক্ত ঘৰ-বাৰী উচ্ছেদ কৰিছে৷ প্ৰশাসনৰ সূত্ৰই জনোৱা মতে, নগাঁও আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ যুটীয়া তত্ত্বাৱধানত চলা এই উচ্ছেদ অভিযানত বুঢ়াচাপৰি অভয়াৰণ্যৰ লংকেটাপু, বেতনি আৰু কমলাগড়কে ধৰি বিভিন্ন ঠাইত ৬৮২ হেক্টৰ বনভূমি প্ৰশাসনে বেদখলমুক্ত কৰে৷ লংকেটাপুত ৬৩০হেক্টৰ বনভূমি বেদখলমুক্ত কৰা হয়৷ তাত ৫৬৩টা ঘৰ আৰু ২,৪৪৪জন বেদখলকাৰীক উচ্ছেদ কৰা হয়৷ বেতনিত ৭৬টা পৰিয়ালৰ ৩০৪জনক আৰু কমলাগড়ত ৬৫২হেক্টৰ ভূমি বেদখলমুক্ত কৰা হয়৷ বুধ আৰু বৃহস্পতিবাৰেও উচ্ছেদ চলিব বুলি সদৰী কৰি প্ৰশাসনৰ সূত্ৰই কয় যে বুঢ়াচাপৰি বনাঞ্চলৰ মুঠ ২,০০০ হেক্টৰ বনভূমি বেদখলকাৰীৰ কবলত আছে৷ উচ্ছেদিত ভূমি যাতে পুনৰ বেদখলকাৰীয়ে কব্জা কৰিব নোৱাৰে, তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগে৷ ইফালে, বনভূমিত থকা চৰকাৰী বিদ্যালয়সমূহ আন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ নোহোৱাপৰ্যন্ত উচ্ছেদৰ আউটিৰ পৰা বাহিৰত ৰখাৰ আশ্বাস দিছে শোণিতপুৰ জিলাৰ উপায়ুক্তই৷

গুৱাহাটীৰ হৰিজন কল’নীত উচ্ছেদ বন্ধ কৰাৰ দাবী

গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত থকা হৰিজন কল’নী, যেনে উজান বজাৰ হৰিজন কল’নী, গুৱাহাটী মেডিকেল কলেজৰ ওচৰে পাজৰে থকা হৰিজন কল’নী, পুলিচ ৰিজাৰ্ভ হৰিজন কল’নী ৰূপনগৰত থকা হৰিজন কল’নী আদিত জিলা প্ৰশাসনে উচ্ছেদ কাৰ্য চলাবলৈ ব্যৱস্থা লৈছে৷ এই সম্পৰ্কে সদৌ অসম হৰিজন মজদুৰ ইউনিয়নৰ সম্পাদক দীননাথ বাচফৰে সংবাদ মাধ্যমক কয়-অসমত হৰিজন সম্প্ৰদায়ৰ লোকসকল ইংৰাজ শাসন আৰম্ভ হোৱাৰে পৰা গুৱাহাটী নগৰত চাফাই কামৰ দৰে অত্যন্ত গুৰুত্বপূৰ্ণ কাম কৰি আহিছে৷ এই লোকসকলে দশক দশক ধৰি ইতিমধ্যে উল্লেখ কৰা ঠাই সমূহত সাধাৰণ জুপুৰি সাজি বসবাস কৰি আহিছে৷ প্ৰশাসনে লোৱা উচ্ছেদ অভিযানে তেওঁলোকক গৃহহীন আৰু আশ্ৰয়হীন কৰি তুলিব৷ এনে লোক সকলৰ বাবে মহানগৰৰ আন ঠাইত ভাড়াঘৰ লোৱা বা পোৱাটো সহজসাধ্য নহয়৷ সদৌ অসম হৰিজন মজদুৰ ইউনিয়নে এই সন্দৰ্ভত এক স্মাৰক-পত্ৰ মুখ্যমন্ত্ৰী,  মুখ্যসচিব আৰু মহানগৰ জিলা উপায়ুক্তক প্ৰেৰণ কৰা হয়৷ গতিকে হৰিজন কল’নীৰ উচ্ছেদ অভিযান বন্ধ কৰা আৰু হৰিজন পৰিয়ালবোৰক প্ৰথমে সংস্থাপিত কৰাৰ বাবে চৰকাৰী আৱাস নিৰ্মাণ কৰাৰ বাবে চৰকাৰক দাবী জনাইছো৷’