Logo
image

নলবাৰীত বিজেপি নেতাৰ আত্মহত্যা

ডিজিটেল সংবাদ, ঘগ্ৰাপাৰঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানা তথা দিহজাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত নীলপুৰ গাঁৱৰ প্ৰয়াত ৰাধা চৌধুৰীৰ পুত্ৰ বিজেপি নেতা কাৰ্তিক চৌধুৰীয়ে (৫৬) ল'লে জীৱনৰ চৰম সিদ্ধান্ত।মঙলবাৰে নিশা প্ৰায় ৮ বজাত পৰিয়ালৰ লোকে চৌধুৰীক নিজৰ গৃহৰ পিছফালে এডাল গছত চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰে। অৱশ্যে আত্মহত্যা কৰাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। 

উল্লেখ্য যে সমাজকৰ্মী কাৰ্তিক চৌধুৰীয়ে নীলপুৰ চ'কত 'চৌধুৰী ফাৰ্মাচী' নামৰে এখন ফাৰ্মাচী চলাই থকাৰ উপৰি জিলা বিজেপিৰ কিষাণ মৰ্চাৰ উপ-সভাপতি হোৱাৰ লগতে বনভাগ ঘোঁহকুছি হাইস্কুল পৰিচালনা উন্নয়ন সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া, বড়িগোগ বনভাগ মণ্ডল সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, বনভাগ ঘোঁহকুছি হাইস্কুলৰ প্ৰধান শিক্ষক গোবিন্দ কলিতাৰ লগতে নীলপুৰ গাঁৱবাসী আৰু বিভিন্ন দ'ল-সংগঠনে।মৃত্যুৰ সময়ত তেওঁ পত্নী, কন্যা-পুত্ৰৰ লগতে আত্মীয়-স্বজন, গুগমুগ্ধক এৰি থৈ যায়।