Logo
image

লেলিহান জুইত ছাৰখাৰ যোৰহাট

ডিজিটেল ডেস্কঃ যোৰহাট নগৰৰ মাৰোৱাৰীপট্টীত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ স্মৃতি সজীৱ হৈ থকাৰ সময়তে আজি নিশা নগৰখনৰ সদাব্যস্ত চক বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়৷ এই অগ্নিকাণ্ডত একুৰিৰো অধিক দোকান ভষ্মীভূত হৈছে আৰু জুই অধিক সম্প্ৰসাৰিত হৈ আছে৷ যোৰহাট পৌৰসভাৰ অধীনস্থ বৃহৎ বজাৰখনৰ অধিকাংশ দোকান বন্ধ কৰাৰ সময়তে নিশা প্ৰায় ৯.০০ বজাত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়৷ ইতিমধ্যে বন্ধ হৈ পৰা এখন দোকানত সূত্ৰপাত হোৱা জুই কম সময়ৰ ভিতৰতে কাষৰীয়া দোকানসমূহলৈ বিয়পি পৰে৷ বজাৰখনৰ প্ৰথমটো গলিৰ মাজৰ এখন দোকানৰপৰা নিশা প্ৰায় ৯.০০ বজাত জুই ওলোৱা দেখি কাষৰে এটা গুডামত সামগ্ৰী সামৰি থকা এজন শ্ৰমিকে আনসকলক খবৰ দিয়াৰ লগতে হুৱাদুৱা লগায়৷ এই সম্পৰ্কে স্থানীয় ব্যৱসায়ীয়ে ততালিকে যোৰহাট আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে৷ ততালিকে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰে৷ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে পানী ছটিয়াই থকাৰ মাজতে জুইৰ লেলিহান শিখা ইখনৰ পাছত সিখন দোকানলৈ বিয়পি পৰে৷ এই বাতৰি লিখাৰ পৰলৈকে কুৰিখনৰ অধিক দোকান ভষ্মীভূত হৈছে৷ আন ৫০খন দোকান এই বাতৰি যুগুতোৱা পৰলৈকে সংকটৰ গৰাহত৷ কাষৰীয়া টীয়ক, দেৰগাঁও আদিৰ পৰাও অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অভিযান আৰম্ভ কৰিছে৷ উল্লেখ্য, এই বৃহৎ বজাৰখনত ২৫০খনৰো অধিক দোকান আছে৷ সেয়ে অগ্নিকাণ্ড সংঘটিত হোৱাত বজাৰখনৰ লগতে কাষৰীয়া দোকানীসকলৰ মাজত হুৱাদুৱা লাগে৷ কাষৰীয়া আন দোকানীসকলে সমবেত লোকৰ সহযোগত দোকানৰ সামগ্ৰী নিৰাপদে উলিয়াই নিবলৈ চেষ্টা কৰে৷ মন কৰিব লগীয়া যে অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা পুৰণি বজাৰখন নতুনকৈ বিজ্ঞানসন্মতভাৱে নিৰ্মাণৰ বাবে তদানীন্তন তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত কেন্দ্ৰীয় চৰকাৰৰ নগৰ উন্নয়ন আৰু দৰিদ্ৰতা দূৰীকৰণ বিভাগে ২০০৮ চন মানত ১৪ কোটিৰো অধিক টকা আৱণ্টন দিছিল৷ কিন্তু সেই সময়ত বজাৰখনৰ একাংশ ব্যৱসায়ীয়ে ইয়াৰ বিৰোধিতা কৰে৷ সেই সময়ৰ যোৰহাটৰ বিধায়ক ৰাণা গোস্বামী আৰু যোৰহাট জিলাৰ উপায়ুক্ত ৰমেশ চান্দ জৈনৰ তৎপৰতাত নাগৰিক সমিতি গঠন কৰি জনমত গঠন কৰা হৈছিল যদিও অৱশেষত বজান নিৰ্মাণ সম্ভৱ হৈ নুঠিল৷ শেহতীয়াকৈ ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যোৰহাটত অনুষ্ঠিত কেবিনেট বৈঠকত বজাৰখন নিৰ্মাণকৰ বাবে ৫০ কোটি টকাত অনুমোদন জনায়৷ মন কৰিবলগীয়া যে যোৰহাটৰ মাৰোৱাৰীপট্টীত ২১ ডিচেম্বৰত সংঘটিত এক ভংয়কৰ দুৰ্ঘটনাত ৭খন দোকান, ৫টা গুডাম আৰু ৫টা বাসগৃহ ভষ্মীভূত হৈছিল৷ ইয়াৰ দুমাহৰ ভিতৰতে সংঘটিত আজিৰ অগ্নিকাণ্ডই আন বহু পৰিয়াললৈ দুৰ্যোগ নমাই আনিলে৷