Logo
image

বাল্যবিবাহক লৈ মুখ্যমন্ত্ৰীৰ আজি জৰুৰী বৈঠক

ডিজিটেল ডেস্কঃ অসম আৰক্ষীয়ে বাল্য বিবাহক লৈ ৰাজ্যজুৰি অভিযান চলাই থকাৰ মাজতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে এখন জৰুৰী বৈঠকৰ৷ বাল্য বিবাহকেন্দ্ৰিক এই জৰুৰী বৈঠকখনলৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক জৰুৰী তলব কৰিছে৷ শুকুৰবাৰে বিয়লি তিনি বজাত গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এই জৰুৰী বৈঠকত মুখ্য সচিবৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানো উপস্থিত থাকিব৷ মুখ্যমন্ত্ৰী নিৰ্দেশত অসম আৰক্ষীয়ে বাল্যবিবাহ প্ৰতিৰোধৰ নামত ৰাজ্যজুৰি অভিযান চলাই   বৰ্তমানলৈ প্ৰায় ৩,৫০০ বে-আইনী স্বামী, পিতৃ-মাতৃ, শহুৰ-শাহু, পূজাৰী তথা কাজীক গ্ৰেপ্তাৰ কৰিছে৷ কিন্তু বাল্য বিবাহৰ অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে ধৰ্ষণ তথা পক্‌ছ’ আইনৰ কঠোৰ ধাৰা লগোৱাত শেহতীয়াকৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ তীব্ৰ ভৎৰ্সনাৰ সন্মুখীন হ’বলগীয়া হৈছে অসম আৰক্ষী তথা চৰকাৰ৷ একে সময়তে মুখ্যমন্ত্ৰীৰ বাল্য বিবাহ বিৰোধী স্থিতিক বহুতেই আদৰণি জনাইছে যদিও আন বহুতে আকৌ সমালোচনাৰো লক্ষ্য কৰি লৈছে৷ কিন্তু গুৱাহাটী উচ্ছ ন্যায়ালয়ে চৰকাৰ তথা আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্টি ব্যক্ত কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন জিলাৰে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক জৰুৰী বৈঠকৰ বাবে তলব কৰা বিষয়টোৱে বিশেষ তাৎপৰ্যবহন কৰিছে৷ দিছপুৰৰ এটা সূত্ৰই সদৰী কৰা মতে ন্যায়ালয়ে বাল্যবিবাহৰ গোচৰৰ অভিযুক্তসকলক জামিনত মুকলি কৰি দিলেও পৰৱৰ্তী আইনী তথা আনুষংগিক পদক্ষেপৰ সন্দৰ্ভতে এই বৈঠকৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে৷ যদিহে ন্যায়ালয়ে বাল্য বিবাহৰ অভিযুক্তসকলক দোষমুক্ত ঘোষণা কৰে, তেনেহ’লে বাল্যবিবাহ প্ৰতিৰোধৰ ক্ষেত্ৰত পৰৱৰ্তী ৰূপৰেখা প্ৰস্তুতিৰ সন্দৰ্ভতো জৰুৰী বৈঠকখনত বিশদ আলোচনা হ’ব বুলি জানিব পৰা গৈছে৷ ইফালে একাংশ অধিবক্তাই বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ধৰ্ষণ আৰু পক্‌ছ’ আইনৰ ধাৰা সংলগ্ন কৰাত অভিযুক্তসকলক এতিয়া তদন্তকাৰী আৰক্ষী বিষয়া আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিবলৈ উচতনি দিয়া দেখা গৈছে৷ এনে গোচৰৰ মোকাবিলা কৰাৰ বাবেও ডি চি-এছ পি সকলে ৰণকৌশল গ্ৰহণ কৰিবলগীয়া বিষয়টোৱেও বৈঠকত স্থান পাব বুলি দিছপুৰৰ সূত্ৰটোৱে দাবী কৰিছে৷ মুঠৰ ওপৰত বাল্য বিবাহ প্ৰতিৰোধৰ নামত ৩-৪ বছৰ পূৰ্বে পতি-পত্নীয়ে স্ব-ইচ্ছাই বিয়া কৰাই সন্তানৰ পিতৃ-মাতৃ হোৱাৰ পাছত সুখৰ সংসাৰত আউল লগাই হাজাৰ হাজাৰ বে-আইনী স্বামীক জে’ললৈ প্ৰেৰণ কৰি আৰক্ষীয়ে বাঃ বাঃ ল’লেও গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ধমকৰ পাছতেই আৰক্ষী প্ৰশাসনৰ যে সুৰ সলনি হৈ পৰিছে সেয়া স্পষ্ট৷ তদুপৰি বাল্যবিবাহক কেন্দ্ৰ কৰি ৰাজ্যৰ পাঁচজন লোকে আত্মহত্যা কৰাৰ লগতে আন তিনিজন লোকৰ কৰুণ মৃত্যু হোৱা বিষয়টোৱেও দিছপুৰক চিন্তিত কৰি তুলিছে৷ দিছপুৰৰ সূত্ৰটোৱে সদৰী কৰা মতে মুখ্যমন্ত্ৰীয়ে বাল্যবিবাহ বিৰোধী অভিযান চলাবলৈ নিৰ্দেশ দিয়াৰ পাছতেই অসম আৰক্ষীৰ চি আই ডিৰ শীৰ্ষ বিষয়াই প্ৰতিখন থানালৈ বাল্যবিবাহৰ আৰক্ষীৰ নিজাববীয়া গোচৰত কেনেকৈ এজাহাৰ লিখিব লাগিব, তাৰ খচৰা প্ৰতিলিপি প্ৰেৰণ কৰিছিল৷ খচৰা প্ৰতিলিপিখনত উক্ত গোচৰৰ বিপৰীতে কি কি আইনৰ কি কি ধাৰা আৰোপ কৰিব লাগিব তাকো স্পষ্ট কৰি দিছিল৷ বে-আইনী স্বামীৰ বিৰুদ্ধে বাল্যবিবাহ প্ৰতিৰোধ আইন- ২০০৬ৰ ধাৰা ৯/১০/১১[১] সংলগ্ন কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে পক্‌ছ’ আইন- ২০১২ৰ ধাৰা ৬ আৰোপ কৰিবলৈও কোৱা হৈছিল৷ আনকি ভুক্তভোগী নাবালিকাগৰাকী ১২ বছৰৰ বয়সৰ তলৰ হ’লে ধৰ্ষণৰ দণ্ডবিধি ধাৰা ৩৭৬[এ]/[বি] আৰোপ কৰিবলৈ আশ্চৰ্যজনক পৰামৰ্শ দিছিল৷ আনকি বাল্যবিবাহ সম্পন্ন কৰোৱা কাজীৰ বিৰুদ্ধে শিশু সৰবৰাহৰ অভিযোগ এজাহাৰত লিপিবদ্ধ কৰিবলৈও পৰামৰ্শ দিছিল৷ উক্ত অভিযুক্ত কাজীৰ বিৰুদ্ধে বাল্যবিবাহ প্ৰতিৰোধ আইনৰ ধাৰা ৯/১০/[১]ৰআৰু পক্‌ছ’ আইনৰ ধাৰা ৬/১০ আৰোপ কৰাই নহয়, আই পি চি ১২০ [বি]/৩৭০[৫]/৩৭২ ধাৰা সংলগ্ন কৰি জে’ললৈ প্ৰেৰণৰ পৰামৰ্শ দিছিল৷ ফলত চি আই ডিৰ খচৰা এজাহাৰৰ প্ৰতিলিপিৰ ভিত্তিতে আৰক্ষীয়ে বাল্যবিবাহজনিত গোচৰ ৰুজুৰ কৰাত শেহতীয়াকৈ গুৱাহাটীৰ উচ্ছ ন্যায়ালয়ৰ ককৰ্থনাৰ সন্মুখীন হ’বলগীয়া হয়৷ বাল্যবিবাহৰ গোচৰত পক্‌ছ’ আইন আৰু ধৰ্ষণৰ ধাৰা প্ৰয়োগ কৰাৰ প্ৰয়োজনীয়তাক লৈ চৰকাৰক জাবাবদিহি কৰাৰ  লগতে এই অভিযানে বহুতৰ জীৱনলৈ দুৰ্যোগ নমাই অনা বুলিও আৰক্ষীক সতৰ্ক কৰি দিছিল উচ্ছ ন্যায়ালয়ে৷ স্বাভাৱিকতেই এতিয়া ন্যায়ালয়ৰ ক্ষোভৰ পৰিপ্ৰেক্ষিতত ৰণকৌশল সলনি কৰাৰ বাবে শুকুৰবাৰে আৰক্ষী অধীক্ষক আৰু উপায়ুক্তসকলৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জৰুৰী বৈঠকখনত মিলিত হ’ব বুলি জানিব পৰা গৈছে৷ এই বৈঠকতে শেহতীয়া বাল্যবিবাহ বিৰোধী অভিযানৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে৷