Logo
image

এয়াৰফ’ৰ্চৰ বিমানত আহিল দঃআফ্ৰিকাৰ ১২টাকৈ চিতাবাঘ

আমাৰ অসম, ১৯ ফেব্ৰুৱাৰীঃ এয়াৰ ফ’ৰ্চৰ বিমানত সুদূৰ দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অনা হ’ল পুনৰ ১২টা চিতা বাঘ৷ শনিবাৰে পুৱা গোৱালিয়ৰৰ বায়ুসেনাৰ ঘাটিত দক্ষিণ আফ্ৰিকাৰ পৰা বাঘকেইটাক কঢ়িয়াই অনা বিশেষ বিমানখনে অৱতৰণ কৰে৷ ইয়াৰ পাছতই বায়ুসেনাৰ ঘাটিৰ পৰা পোনে পোনে বাঘকেইটাক মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যোৱা হয় আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নিৰ্দিষ্ট অঞ্চলত ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ ভাৰত চৰকাৰে গ্ৰহণ কৰা প্ৰজেক্ট চিতাৰ অধীনত বিগত বৰ্ষৰ ছেপ্টেম্বৰত নামিবিয়াৰ পৰা ৮টা চিতা ভাৰতলৈ অনা হৈছিল৷ খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুনোৰ অৰণ্যত বাঘকেইটাক মেলি দিছিল৷  

পুনৰ ৫ মাহৰ পাছত কেন্দ্ৰীয় চৰকাৰে দ্বিতীয় পৰ্যায়ত ১২টা চিতা বাঘ দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ পৰা আই এ এফ চি-১৭ বিমানযোগে ভাৰতলৈ আনে৷ ১০ ঘণ্টীয়া এই বিমান যাত্ৰাৰ অন্তত গোৱালিয়ৰত অবতৰণ কৰে চিতা বাঘকেইটাক কঢ়িয়াই অনা বিমানখন৷ ইয়াৰ পাছত বাঘকেইটাক বায়ুসেনাৰ হেলিকপ্টাৰেৰে কুনো বনাঞ্চললৈ লৈ যোৱা হয়৷ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কুনো সংৰক্ষিত বনাঞ্চলত চিতাকেইটা মেলি দিয়ে৷ এই ১২টা চিতাবাঘৰ ভিতৰত ৭টা মতা আৰু ৫জনী মাইকী বাঘ আছে৷ 

কিছুদিন নিৰ্দিষ্ট এলেকাত বন্দী হৈ থকাৰ পাছত চিতা বাঘকেইটাক উদ্যানখনৰ বন্যপ্ৰাণীৰ মাজত এৰি দিয়া হ’ব বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে৷ চল্লিশৰ দশকত ভাৰতৰ অৰণ্যৰ পৰা চিতাবাঘ নোহোৱা হৈ পৰিছিল৷ এই দুষ্প্ৰাপ্য বাঘবিধক ভাৰতলৈ ঘূৰাই অনাৰ উদ্দেশ্যেৰে এতিয়া আফ্ৰিকাৰ পৰা অনা হৈছে৷ পূৰ্বে মধ্যপ্ৰদেশত চিতা বাঘৰ বসতি থকাৰ বাবেই আফ্ৰিকাৰ পৰা অনা  চিতাকেইটাও ভাৰতীয় পৰিৱেশৰ লগত খাপ খাব পাৰিব বুলি উদ্যান কৰ্তৃপক্ষই আশা ব্যক্ত কৰিছে৷ ২০০৯ চনতে দক্ষিণ আফ্ৰিকাৰ চৰকাৰৰ লগত চিতা বাঘ আদান প্ৰদান সম্পৰ্কত ভাৰত চৰকাৰৰ সৈতে এক চুক্তি স্বাক্ষৰ হৈছিল৷ কিন্তু এই চুক্তি কাৰ্যকৰী  নহ’ল৷ ইয়াৰ পিছত পুনৰ ২০২২ চনত চিতা বাঘ অনাৰ বাবে দক্ষিণ আফ্ৰিকা চৰকাৰৰ লগত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছিল দুয়োখন দেশৰ মাজত৷