Logo
image

এইবাৰ পাছিঘাটৰ পৰা পোৰবন্দৰলৈ ‘ভাৰত জোড়ো’

আমাৰ অসম, ২৭ ফেব্ৰুৱাৰীঃ কন্যাকুমাৰীৰ পৰা কাশ্মীৰ পদযাত্ৰাৰ অভূতপূৰ্ব সাফল্যৰ পাছত এইবাৰ কংগ্ৰেছে জনসাধাৰণৰ সেই সহাঁৰি ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন পৰ্যন্ত অব্যাহত ৰখাৰ লক্ষ্যৰে পাছিঘাটৰ পৰা পোৰবন্দৰলৈ আন এক পদযাত্ৰাৰ পৰিকল্পনা কৰিছে৷ ছত্তিশগড়ত অনুষ্ঠিত কংগ্ৰেছৰ তিনিদিনীয়া প্লেনেৰি অধিৱেশনৰ দেওবাৰে অন্তিম দিনা সেই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ছত্তিশগড়ৰ ৰাজধানী ৰায়পুৰত দেওবাৰে সামৰণি পৰা   প্লেনেৰি অধিৱেশনৰ সিদ্ধান্ত অনুসৰি ভাৰত জোড়ো যাত্ৰাৰ গতি অব্যাহত ৰাখিবলগীয়া এই পদযাত্ৰাৰ নেতৃত্বও ৰাহুল গান্ধীয়ে বহন কৰিব৷ প্ৰথম ভাৰত জোড়ো যাত্ৰা আৰম্ভ হৈছিল কন্যাকুমাৰীৰ পৰা আৰু চাৰিমাহৰ অন্তত সমাপ্তি ঘটিছিল জম্মু-কাশ্মীৰত৷ ১,৭৫০ কিলোমিটাৰ পদযাত্ৰাত ৰাহুল গান্ধীয়ে ৰাজনীতিৰ কথা বিশেষ আলোচনা কৰা নাছিল, বৰং সৰ্বসাধাৰণৰ সৈতে সংযোগ স্থাপন কৰিছিল৷ সেই যাত্ৰাত দেশৰ পূব, উত্তৰ-পূব, পশ্চিমৰ ৰাজ্য বাদ পৰি গৈছিল৷ এইবাৰ সেই বাদ পৰি যোৱা ৰাজ্যকেইখনো দ্বিতীয় ভাৰত জোড়ো যাত্ৰাত সামৰি লোৱা হ’ব৷ চূড়ান্ত সিদ্ধান্ত হোৱা নাই যদিও প্ৰাথমিক পৰিকল্পনা অনুসৰি এইবাৰ যাত্ৰা আৰম্ভ হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ পৰা৷ দেশৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ পৰা এইবাৰৰ ভাৰত জোড়ো যাত্ৰাৰ সূচনা কৰা হ’ব আৰু সমাপ্তি ঘটিব মহাত্মা গান্ধীৰ জন্মস্থান পোৰবন্দৰত৷ কংগ্ৰেছে নিৰ্বাচন কৰা এই দুয়োখন স্থানেই প্ৰতীকি অৰ্থত শক্তিশালী৷ পাছিঘাট হৈছে চীনৰ সীমান্তত অৱস্থিত অৰুণাচল প্ৰদেশৰ এখন অনগ্ৰসৰ চহৰ৷ আনহাতে পোৰবন্দৰ হৈছে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মস্থান আৰু একেসময়তে গুজৰাট হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য৷ সেয়ে প্ৰতীকি অৰ্থতেই কংগ্ৰেছে দেশৰ পূব আৰু পশ্চিমৰ এই দুখন চহৰ দ্বিতীয় ভাৰত জোড়ো যাত্ৰাৰ বাবে নিৰ্বাচিত কৰি লৈছে৷