Logo
image

নেলীত জুবিনৰ সংগীতানুষ্ঠান বাতিল

আমাৰ অসম, ২৭ ফেব্ৰুৱাৰীঃ সদৌ তিৱা ছাত্ৰ সন্থাৰ একাদশ দ্বি-বাৰ্ষিক সাধাৰণ অধিৱেশনত শনিবাৰে বাতিল হ’ল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান৷ ইতিহাস প্ৰসিদ্ধ নেলীৰ নৰচিং দেউৰজা সমন্বয় ক্ষেত্ৰত কি পৰিস্থিতিত কালি সন্ধিয়াৰ সাংস্কৃতিক কাৰ্যসূচী ৰকষ্টাৰ জুবিন গাৰ্গে বাতিল কৰিবলগীয়া হ’ল ইয়াৰ প্ৰতিক্ৰিয়া নিজেই সামাজিক মাধ্যমত আগবঢ়ালে জুবিন গাৰ্গ তথা টীম জুবিন গাৰ্গে৷ সেয়া হুবহু এনে ধৰণৰ– ‘তিৱা ছাত্ৰ সন্থাই আমাৰ সৈতে  যোগাযোগ কৰিছিল নেলীত কালি অনুষ্ঠিত হ’বলগীয়া জুবিনদাৰ এটা সাংস্কৃতিক সন্ধিয়াৰ বাবে৷ সেই অনুসাৰে আমাৰ সৈতে চুক্তি কৰা হৈছিল আৰু অগ্ৰিম ধন ৫০,০০০ টকা [১ লাখ টকা দিয়াৰ কথা হৈছিল, কিন্তু ৫০,০০০ টকাহে দিছিল] তেওঁলোকে আদায় কৰিছিল৷ চুক্তিত উল্লেখ থকা অনুসৰি তেওঁলোকে আমাক অনুষ্ঠানৰ আগেয়ে বাকী থকা টকাখিনি দিয়াৰ কথা৷ সেই টকা আদায় নিদিলে অনুষ্ঠান কৰাৰ প্ৰশ্নই নাহে, আৰু সেই কথাটো চুক্তিতো উল্লেখ কৰা আছিল, আমিও সেই কথা স্পষ্ট কৰি দিছিলোঁ৷ সেয়েহে পৰহি আমি তেওঁলোকলৈ ফোন কৰি সেই বিষয়ে সুধিছিলোঁ৷ তেওঁলোকে কৈছিল যে কালি, অনুষ্ঠানৰ দিনা, দিনৰ ২ বজাত তেওঁলোকে সেই টকাখিনি দিব৷ কালি দিনৰ ১১ বজাত তেওঁলোকলৈ ফোন কৰিছিলোঁ আৰু সেই বিষয়ে আকৌ সুধিছিলোঁ৷ তেতিয়া তেওঁলোকে ৫ বজাৰ ভিতৰত বাকীখিনি টকা আদায় দিয়াৰ কথা কৈছিল আৰু সেই টকা গ্ৰহণ কৰিবৰ কাৰণে সময়মতে আমাৰ এগৰাকী মেনেজাৰ নেলীত উপস্থিত হৈছিল৷ ছাউণ্ড আৰু সংগীতশিল্পীসকলো নেলীলৈ ৰাওনা হৈছিল৷ কিন্তু আধা ঘণ্টা আধা ঘণ্টা বুলি কৈ যেতিয়া সন্ধিয়া ৮-৯ বজালৈকে কমিটীৰ মানুহে আমাৰ সৈতে যোগাযোগ নকৰিলে, তেতিয়া নিয়ম অনুসৰি অনুষ্ঠান বাতিল কৰা হ’ল৷ সংগীত শিল্পীসকল আধাবাটৰ পৰা উভতি আহিল৷ তাৰ পিছতেই কমিটীৰ ফালৰ পৰা চূড়ান্ত অভদ্ৰামি কৰা হ’ল৷ ছাউণ্ডৰ গাড়ী তেওঁলোকে আৱদ্ধ কৰি ৰাখিলে৷ ছাউণ্ডৰ ল’ৰাকেইটাক চৰম মানসিক অত্যাচাৰ কৰা হ’ল৷ তেওঁলোকৰ গাড়ী জ্বলাই দিম বুলি কোৱা হ’ল৷ আনকি ল’ৰাকেইটাক মঞ্চলৈ মতাই আনি জুবিনদাৰ গা বেয়া কাৰণে অনুষ্ঠান বাতিল হোৱা বুলি ক’বলৈ জোৰ কৰা হৈছিল৷ সিহঁতে সেই কথা নোকোৱাত কমিটীৰ মানুহে জুবিনদাৰ গা বেয়া বুলি মঞ্চত ঘোষণা কৰিছিল৷ জুবিনদাৰ একো গা বেয়া হোৱা নাই৷ তেওঁলোকে চুক্তিমৰ্মে দিবলগীয়া ধন আদায় নকৰা কাৰণেই অনুষ্ঠানখন বাতিল কৰা হৈছিল৷ চুক্তিৰ ধন আদায় নিদিয়া বাবে অনুষ্ঠান বাতিল কৰাৰ কথা কোৱাৰ পিছত ৰাতি তেওঁলোকে আৰু ৬০,০০০ টকা পঠিয়াইছিল৷ কিন্তু সেইখিনি ধনেৰে অনুষ্ঠান কৰা সম্ভৱ নহয় যিহেতু দলটোত ৩৫-৪০জন মানুহ থাকে, তেওঁলোকৰ বৰঙনিৰ কথা থাকে৷ চুক্তিত উল্লেখ থকা মতেই অগ্ৰিম বুকিঙৰ টকা ঘূৰাই দিয়াৰ নিয়ম নাই৷ কিন্তু ছাউণ্ডৰ ল’ৰাকেইটাৰ নিৰাপত্তাৰ কথা ভাৱি সেইখিনি টকাও ওভতাই দিয়া হ’ল৷ দিওঁতে কাৰিকৰী কাৰণত ২০০০০ টকা অতিৰিক্তকৈ গ’ল যিটো তেওঁলোকে এতিয়াও আমাৰ ওচৰত জমা কৰা নাই৷ এতিয়া বিভিন্ন বাতৰি চকুত পৰিছে য’ত আমি টকা লৈ অনুষ্ঠান নকৰা বুলি অভিযোগ আনিছে৷ সেইটো গোকাট মিছা কথা৷ চুক্তি যেতিয়া হয় তেতিয়া চুক্তিত কোৱা হয় যে নিৰ্ধাৰিত টকা আদায় কৰিব নোৱাৰিলে অনুষ্ঠান বাতিল হ’ব৷ সেইকাৰণেই কালিৰ অনুষ্ঠানটো বাতিল হ’ল৷ সেয়েহে জুবিনদাই অনুষ্ঠানত টকা লৈ উপস্থিত নোহোৱা বুলি যিটো কথা কোৱা হৈছে, সেয়া চূড়ান্ত মিছা৷’ জুবিন গাৰ্গে পুনৰ কয়– ‘এইখিনি এইকাৰণেই লিখা হ’ল যে অনুষ্ঠান পৰিৱেশন কৰিবলৈ নোৱাৰিলে নিজৰেই বেয়া লাগে৷ কিন্তু কমিটীখনে সন্মান দিব লাগে৷ মই অদৰকাৰত কেতিয়াও অনুষ্ঠান নকৰাকৈ থকা নাই৷ নিজৰ বেয়া দিনত, পৰিয়ালৰ বেয়া দিনতো অনু্‌ষ্ঠান কৰিছোঁ৷ যদি চেৰিটী অনুষ্ঠান হয়, মই বিনা পইচাই যাওঁ৷ কিন্তু প্ৰফেশ্যনেল অনুষ্ঠান পাতিলে দিম বুলি কোৱা পইচাখিনি দিব লাগে৷ নেলীৰ ৰাইজে কথাখিনি বুজি পাব বুলি আশা কৰিলোঁ৷ যেতিয়া আকৌ লগ পাম, মই জানো আমি একেলগে ফূৰ্তি কৰিম৷ এখন কমিটীৰ অভদ্ৰামিৰ কাৰণে মোক আপোনালোকৰ পৰা কোনেও আঁতৰাব নোৱাৰে৷’ লক্ষণীয় জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ নামত তিৱা ছাত্ৰ সন্থাই স্থানীয় নেলীৰ ৰাইজৰ পৰা বিপুল পৰিমাণৰ ধন উঠোৱাৰো অভিযোগ উঠিছে৷ কাৰ্যতঃ জুবিন গাৰ্গৰ নামলৈ তিৱা ছাত্ৰ সন্থাই নেলীবাসীক প্ৰতাৰণা কৰিলে নেকি এতিয়া ইয়াৰো জবাব বিচাৰিছে নেলীবাসীয়ে৷