Logo
image

বিয়াৰ বাবে জোৰ দিওতেই বন্দনাশ্ৰীক হত্যা কৰ্নেলৰ

আমাৰ অসম, ২৭ ফেব্ৰুৱাৰীঃ  বিবাহৰ বাবে হেঁচা দিয়াটোৱেই কাল হ’ল বন্দনাশ্ৰীৰ৷ তেজপুৰস্থিত সেনাৰ চতুৰ্থ ক’ৰৰ লেফটেনেণ্ট কৰ্নেল অমৰিন্দৰ সিং ৱালিয়াৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি বিবাহৰ বাবে বন্দনাশ্ৰীয়ে তাগিদা দিয়াৰ পৰিপ্ৰেক্ষিতত পৰিকল্পতিভাৱে বন্দনাশ্ৰীক হত্যা কৰি চাংসাৰিৰ ৰাজপথত বস্তাত ভৰাই মৃতদেহ পেলাই দিছিল সেনাৰ শীৰ্ষ বিষয়াজনে৷ কামৰূপ আৰক্ষীৰ মাৰাথন জেৰাত বন্দনাশ্ৰীক হত্যাৰ কাৰণ অৱশেষত স্বীকাৰ কৰিলে প্ৰতিৰক্ষাৰ মুখপাত্ৰ অমৰিন্দৰ সিং ৱালিয়াই৷ এসপ্তাহৰ বাবে কামৰূপ আৰক্ষীৰ জিম্মাত থকা সেনা বিষয়াজনে স্বীকাৰ কৰা মতে– প্ৰায় ডেৰ বছৰ পূৰ্বেই পূৰ্বৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল চেন্নাইৰ বন্দনাশ্ৰীৰ৷ এবছৰ পূৰ্বেহে অমৰিন্দৰৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল বন্দনাশ্ৰীয়ে৷ ফেচবুকত চিনাকী হোৱাৰ পাছতে ঘনিষ্ঠতা গঢ়ি উঠাত বন্দনাশ্ৰী চেন্নাইৰ পৰা অসমলৈ আহিছিল বহুবাৰ৷ অমৰিন্দৰ আৰু বন্দানশ্ৰীয়ে গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ লগতে অৰুণাচলৰ টাৱাঙো ভ্ৰমণ কৰিছিল৷ কিন্তু বিগত বৰ্ষৰ অক্টোবৰৰ পৰা দুয়োজনৰ মাজত কাজিয়াৰ আৰম্ভ হয়৷ বন্দনাশ্ৰীয়ে অমৰিন্দৰক বিয়া কৰোৱাবলৈ হেঁচা দিছিল যদিও অমৰিন্দৰে সেয়া মানি ল’ব বিচৰা নাছিল৷ অমৰিন্দৰে আগ্ৰাত থকা পত্নী আৰু ১০ বছৰীয়া পুত্ৰক বিশ্বাসঘাটকতা নকৰে বুলি স্পষ্ট কৰি দি বন্দনাশ্ৰীৰ ৪ বছৰীয়া কন্যাক আইনীভাৱে তুলি লোৱাৰ প্ৰস্তাৱ দিছিল৷ কিন্তু অমৰিন্দৰ এই প্ৰস্তাৱ মানি ল’ব বিচৰা নাছিল বন্দনাশ্ৰীয়ে৷ কন্যাৰ লগতে একেলগে তাইয়ো অমৰিন্দৰৰ সৈতে থাকিব বিচাৰিছিল৷ হত্যাকাণ্ডৰ এপষেক ভিতৰত বিবাহক কেন্দ্ৰ কৰি বন্দনাশ্ৰী আৰু অমৰিন্দৰৰ মাজত ১৩৪ বাৰ মোবাইলত বাৰ্তালাপ হৈছিল৷ ভৱিষ্যতৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ বাবেই বন্দনাশ্ৰীক গুৱাহাটীলৈ মাতি আনিছিল অমৰিন্দৰে৷ ১৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৰাজধানী এক্সপ্ৰেছেৰে গুৱাহাটী ৰে’ল ষ্টেচনত উপস্থিত হোৱাৰ পাছতেই অমৰিন্দৰে ভাৰা কৰি অনা টাটাৰ বিলাসী বাহনখনত তেজপুৰলৈ বুলি ৰাওনা হৈছিল দুয়ো৷ কিন্তু বাটতে বিবাহক কেন্দ্ৰ কৰি দুয়োজনৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়৷ এটা সময়ত কাজিয়াই হতাহতিৰ ৰূপ লয় আৰু অমৰিন্দৰে হাতত পিন্ধি থকা খাৰু পাতে বন্দনাশ্ৰীৰ বুকুত আঘাত কৰাত মৃত্যু হয় বুলি স্বীকাৰ কৰিছে সেনা বিষয়াজনে৷ অৱশ্যে প্ৰাথমিক পৰীক্ষাত চিকিৎসকে বন্দনাশ্ৰীক ডিঙি চেপি হত্যা কৰা বুলি সন্দেহ কৰিছে যদিও অমৰিন্দৰে তাক মানি ল’ব বিচৰা নাই৷ অৱশ্যে এই সন্দৰ্ভত অধিক জেৰা কৰিলেই সঠিক তথ্য পোহৰলৈ আহিব বুলি কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদে জানিবলৈ দিছে৷ ইফালে উক্ত ঘটনাটোৰ সময়ত বন্দনাশ্ৰীৰ ৪ বছৰীয়া কন্যাই গাড়ীৰ পিছৰ চিটত শুই থকাৰ বাবেই হত্যাকাণ্ডটো দেখা পোৱা নাছিল৷ ইয়াৰ পাছতেই এটা বস্তাত ভৰাই বন্দনাশ্ৰীৰ মৃতদেহ চাংসাৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত পেলাই দিছিল অমৰিন্দৰে৷ চাংসাৰিৰ পৰা পুনৰ গুৱাহাটীলৈ ঘূৰি আহি বন্দনাশ্ৰীৰ কন্যাক ৰে’লেৰে লৈ গৈ পশ্চিমবংগৰ হাওৰা ষ্টেচনত এৰি থৈ অহাৰ কথাও স্বীকাৰ কৰিছে সেনা বিষয়াজনে৷ ইফালে বন্দনাশ্ৰীৰ ৪ বছৰীয়া কন্যাক কামৰূপ আৰক্ষীয়ে উদ্ধাৰ কৰিছে যদিও আইন প্ৰক্ৰিয়াৰ মাজেৰে বন্দনাশ্ৰীৰ পৰিয়ালক গতাই দিব বুলি জানিবলৈ দিছে৷ ইতিমধ্যে বন্দনাশ্ৰীৰ পৰিয়ালৰ লোক আমিনগাঁৱত আহি উপস্থিতি হৈছে৷