Logo
image

কাৰ্বি আংলংত ১৫ কোটি টকাৰ ব্ৰাউন চুগাৰ জব্দ; এজনক আটক

ডিজিটেল ডেস্কঃ  কাৰ্বি আংলং আৰক্ষীৰ  গোপন খবৰৰ ভিত্তিত আজি বিয়লি ৩ বজাত বোকাজানৰ ২০ নং চি আৰ পি এফ বাহিনীৰ কেম্পৰ সমীপত পাঁচ কিলোগ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয়। কাৰ্বি আংলং আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াৰ নেতৃত্বত গঠন কৰা অভিযানকাৰী  দলটোৱে আজি বোকাজানৰ বিলাতী মাটি কাৰখানাৰ সমীপত তাৎক্ষণিক নাকা স্থাপন কৰি ডিমাপুৰৰ দিশৰ পৰা অহা প্ৰতিখন গাড়ীত তীক্ষ্ণ নজৰ ৰখাৰ লগতে তালাচী অভিযান অব্যাহত ৰাখিছিল।  ড্ৰাগছ সৰবৰাহকাৰীয়ে উক্ত স্থানতে ডিমাপুৰৰ পৰা অহা বাছৰ পৰা হঠাৎ হাতত এখন মোনা লৈ নামি যায়। আৰক্ষী দলটোৰ লোকজনৰ ওপৰত সন্দেহ হোৱাত তেওঁক ওচৰলৈ মাতি আনি তালাচী চলাওঁতেই মোনাখনৰ পৰা  ৫ কিলোগ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে সৰবৰাহকাৰীজনকো আটক কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন হৈছে বিহাৰৰ সুনিল কুমাৰ (৫৫)। সুনিল কুমাৰে উক্ত ব্ৰাউন চুগাৰ সমূহ বিহাৰলৈ সৰবৰাহৰ কৰাৰ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে। আজি আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ১৫ কোটি টকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।