Logo
image

পুনৰ বিজেপিৰ হাতত তিনি লক্ষ্মী! এগ্‌জিট প’লৰ ইংগিত

আমাৰ অসম, ২৮ ফেব্ৰুৱাৰীঃ ক্ষমতাৰ স্বাৰ্থতেই হওক বা বিশেষ প্ৰীতি–বিজেপিয়ে, ঘাইকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী বুলি বৰ্ণনা কৰে৷ প্ৰধানমন্ত্ৰী মোদীৰ মতে বিজেপিয়ে উত্তৰ-পূবৰ আঠখন ৰাজ্যক দেশৰ আঠগৰাকী লক্ষ্মী হিচাপে বিবেচনা কৰে৷ চলিত বছৰৰ প্ৰথম তিনিটা বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল মোদী বৰ্ণিত অষ্টলক্ষ্মীৰ অন্তৰ্গত তিনিখন ৰাজ্য ক্ৰমে ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ত৷ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে নিজক পৰীক্ষা কৰাৰ বাবে এই তিনিওখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল সমগ্ৰ দেশতে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ নাগালেণ্ড আৰু মেঘালয়ত সোমবাৰে ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ লগে লগে এই তিনিখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন সম্পন্ন হয়৷ মোদীৰ বৰ্ণিত এই অষ্টলক্ষ্মীৰ তিনিখন ৰাজ্যৰ ভোটৰ ফলাফলৰ ভিতৰত কমেও দুখন ৰাজ্যৰ ফলাফল বিজেপিৰ পক্ষেই যাব বুলি নিৰ্বাচনী সমীক্ষাত প্ৰকাশ পাইছে৷ সোমবাৰে ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ লগে লগে দেশৰ কেইবাটাও সংস্থাই ৰাষ্ট্ৰীয় টিভি চেনেলৰ সৈতে লগ লাগি যি এগজিট প’ল প্ৰকাশ কৰিছে সেই অনুসৰি বিজেপিয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে এককভাৱে ত্ৰিপুৰাৰ ক্ষমতা অক্ষুণ্ণ ৰাখিব৷ আনহাতে এনডিপিপিৰ সৈতে জোঁট বান্ধি প্ৰতিদ্বন্দ্বিতা কৰা গেৰুৱা দলটোৱে নাগালেণ্ডতো ক্ষমতা অক্ষুণ্ণ ৰাখিব বুলি এগজিট প’লত দাবী কৰা হৈছে৷ মেঘালয়ত বিজেপি আৰু এনপিপিৰ চৰকাৰ আছিল যদিও সদ্য সমাপ্ত নিৰ্বাচনত দুয়োটা দলেই পৃথকে পৃথকে সম্পূৰ্ণ ৬০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ অৰ্থাৎ শাসনাধিষ্ঠিত দুয়োটা দলৰ মাজত কোনো প্ৰাক-নিৰ্বাচনী জোঁট নাছিল৷ এগজিট প’লৰ দাবী অনুসৰি মেঘালয়ত বিজেপিয়ে বিশেষ সুবিধা কৰিব নোৱাৰিব৷ ইয়াৰ বিপৰীতে এনপিপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব৷ এগজিট প’ল অনুসৰি বিজেপিৰ তুলনাত কোনো কোনো সমীক্ষাকাৰী সংস্থাৰ মতে মেঘালয়ত বিজেপিতকৈ এসময়ৰ শাসনাধিষ্ঠিত দল কংগ্ৰেছে ভাল ফলাফল প্ৰদৰ্শন কৰিব৷ তাৎপৰ্যপূৰ্ণভাৱে বিজেপিৰ সৈতে বিগত পাঁচবছৰ সফলতাৰে চৰকাৰ চলোৱা এনপিপিয়ে এইবাৰৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি এগজিট প’লত দাবী কৰা হ’লেও কনৰাড চাংমাৰ দলটোক কোনো সমীক্ষাকাৰী সংস্থাই নিৰংকুশ সংখ্যাগৰিষ্ঠতা প্ৰদান কৰা নাই৷ সেই দিশৰ পৰা মেঘালয়ৰ ফলাফল তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণই নহয়, ত্ৰিশংকু বিধানসভা হোৱাৰো দাবী কৰা হৈছে৷ ত্ৰিপুৰাত ৩০ বছৰৰ পাছত শাসনাধিষ্ঠিত বাওঁমৰ্চাক বিজেপিয়ে পাঁচ বছৰৰ পূৰ্বে ওফৰাই ক্ষমতা অৰ্জন কৰিছিল৷ এগজিট প’লৰ সমীক্ষাকাৰী সকলো সংস্থাই বিজেপিয়ে ইতিহাস সৃষ্টি কৰি দ্বিতীয়বাৰৰ বাবে ক্ষমতা অক্ষুণ্ণ ৰাখিব বুলি দাবী কৰিছে৷ ইণ্ডিয়া টুডে- এক্সিছ, টাইমছ নাও-ইটিজি, জি নিউজ-মেট্ৰিজ ইত্যাদি প্ৰত্যেকটো সমীক্ষাকাৰী সংস্থা আৰু টিভিৰ মতামত অনুসৰি বিজেপিয়ে অতি সহজে ৰাজ্যখনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব৷ ৰাজ্যখনত এইবাৰ টিপ্ৰা মথা নামৰ যিটো জনজাতীয় নতুন দলে প্ৰদ্যুৎ কিশোৰ দেৱবাৰ্মাৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, সেই দলে ১২ খনমান আসন পাব বুলি সমীক্ষাত কোৱা হৈছে৷ ৰাজ্যখনত বিজেপি, বাওঁমৰ্চা, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু টিপ্ৰা মথাকে ধৰি পাঁচটাকৈ দলে প্ৰৱল প্ৰচাৰ চলাইছিল৷ কিন্তু সামগ্ৰিকভাৱে বিজেপিয়ে পাঁচ বছৰ পূৰ্বে অৰ্জন কৰা জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখি এইবাৰো ক্ষমতা দখল কৰিব বুলি এগজিট প’লত দাবী কৰা হৈছে৷ আনহাতে নাগালেণ্ডত বিজেপি আৰু এনডিপিপিএ সফলতাৰে পাঁচ বছৰ ধৰি চৰকাৰ চলোৱাৰ পাছত এইবাৰো এই জোঁট বন্ধনেই ক্ষমতা অক্ষুণ্ণ ৰাখিব বুলি এগজিট প’লত কোৱা হৈছে৷ উল্লেখ্য, অহা ২ মাৰ্চত তিনিওখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব৷