Logo
image

জ্ঞান মহোৎসৱত নোবেলজয়ী ড॰ ইউনুছ

আমাৰ অসম, ২৮ ফেব্ৰুৱাৰীঃ আজিৰ প্ৰজন্মক পঞ্চাশ বছৰ পূৰ্বৰ প্ৰজন্মৰ সৈতে তুলনা কৰিলে নহব৷ আজিৰ প্ৰজন্মক বড়োলেণ্ডৰ প্ৰজন্ম বুলি ক’লে নহব৷ এওঁলোক গ্লোবেল জেনেৰেচন৷ এই মন্তব্য ন’বেল বঁটা বিজয়ী অধ্যাপক মহম্মদ ইউনুছৰ৷ কোক্‌ৰাঝাৰৰ দেৱৰগাওৰ ৰঙালীখাটাত অৱস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম বাৰৰ বাবে আয়োজিত আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ সোমবাৰে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ড॰ ইউনুছে এই মন্তব্য কৰি কয়– নতুন প্ৰজন্মই সমগ্ৰ বিশ্বকে একত্ৰিত কৰি পেলাইছে৷ তেওঁলোকক মিৰাকল৷ নতুন প্ৰজন্মই চাকৰি কৰিব নালাগে৷ এওঁলোকে বুদ্ধিৰ জৰিয়তে সকলো সম্ভৱ কৰি তুলিব পাৰে৷ চৰকাৰে আজিৰ দিনত অনুদান দিয়ে৷ কিন্তু যিয়ে অনুদান প্ৰাপ্ত কৰে তেওঁৰ বাবে সাময়িক ভাৱেহে সকাহ হয়৷ কিন্তু প্ৰকৃত সমস্যাৰ কোনো স্থায়ী সমাধান নহয়৷ আজি টেকনলজিৰ সময়৷ গতিকে মানুহে নিজস্বভাৱে সমস্যা সমাধানৰ বাট উলিয়াই লব লাগিব৷ দৰিদ্ৰ মানুহে দৰিদ্ৰতাৰ সৃষ্টি নকৰে৷ বাংলাদেশৰ এক কোটি মহিলাক বাংলাদেশ গ্ৰামীণ বেংকৰ জৰিয়তে ঋণ প্ৰদান কৰা হৈছিল৷ ইয়াৰ দ্বাৰা মহিলাই ব্যৱসায়-বাণিজ্য কৰিব নোবাৰে বুলি ভাবি লোৱা ধাৰণাটো যে ভুল সেই বিষয়টো স্পষ্ট হৈ পৰিছে৷  তেওঁ জীৱিকা নিৰ্বাহৰ বাবে চাকৰিয়েই জীৱনৰ একমাত্ৰ লক্ষ্য হব নোৱাৰে৷ শিক্ষা পদ্ধতিও ত্ৰুটিপূৰ্ণ৷ শিক্ষা পদ্ধতি এনেকুৱা ধৰণৰ হব লাগে যাতে এটা সময়ত নিজৰ ধ্যান ধাৰণা জ্ঞান বুদ্ধিৰে চাকৰিৰ পৰিবৰ্তে উদ্যোগী হোৱাৰ বাবেও চেষ্টা কৰিব৷ টকা-পইচা পালে মানুহৰ নৈতিক…লন হব পাৰে৷ গতিকে চাকৰিমুখী বা দাসত্ত্বৰফালে নৱ প্ৰজন্মৰ ঠেলি দিব নালাগে৷ প্ৰত্যাহ্বান গ্ৰহণৰ বাবে সকলোকে সাজু থাকিব লাগে৷ পৃথিৱীক নতুনকৈ গঢ়িব লাগিব৷ যত শূন্য নিৱনুৱা, শূন্য প্ৰদূষণ আৰু শূন্য দৰিদ্ৰতা থাকিব এনেকুৱা এখন পৃথিৱী সৃষ্টিতহে গুৰুত্ব আৰোপ কৰিব লাগিব৷ ছাৰে বাৰ টকা হাতত লৈ জীৱন আৰম্ভ কৰি আজিৰ দিনত ছাৰে বাৰ কোটি টকাৰ মালিক হবলৈ সক্ষম হোৱা ভাৰতৰ বিশিষ্ট উদ্যোগী সাজীভাই দৌলাকীয়াই নিজৰ জীৱনৰ কঠোৰ পৰিশ্ৰমৰ ফলত কেনেদৰে যুঁজি যুঁজি আজিৰ দিনত উপনীত হৈছে৷ অসমতো সফল হব পৰা বহু সম্ভাৱনা আছে৷ সফল হোৱাৰ বাট তেনেই উজু কেৱল নিজে এটা লক্ষ্য আৰু উদ্দেশ্য প্ৰস্তুত কৰি আগবাঢ়ি যাবলৈ দৃঢ় হ’ব লাগিব৷ যাৰ কাম কৰাৰ সাহস থাকে তেওঁলোকে শ্ৰমিকৰ দৰে ১৮ ঘণ্টা কাম কৰিব পাৰে৷ কাম নকৰিলে জীৱনত সফলতা নাহে৷  মই নিজৰ পৰিয়াল, সমাজ আৰু দেশৰ কাৰণে কিবা কৰিম বুলি মনস্থ কৰিব লাগিব৷ পৰোমুখাপেক্ষী বা আন কাৰোবাৰ ওপৰত আশা নকৰি নিজেই নিজৰ সফলতাৰ বাট মুকলি কৰিব লাগিব৷ পঢ়া-শুনাৰ ক্ষেত্ৰত, জনজাতি-অজনজাতি, পুৰুষ-মহিলা বুলি কোনো পাৰ্থ্যক্য নাই৷ ভাৰত চৰকাৰ, অসম চৰকাৰে বড়োলেণ্ড বিকাশ হোৱাটো বিচাৰে ৷ গতিকে নাগৰিক সকলে তাৰ মূল্য দিয়া উচিত৷ য’ত দৰিদ্ৰতা, দুৰ্দশা, হিংসা থাকে তাত শান্তি, শিক্ষা নাহে৷ বড়োলেণ্ডত এতিয়া শান্তি উভতি আহিছে৷ পুত্ৰক পিতৃ-মাতৃ আৰু ভাতৃ-ভগ্নীৰে পুনৰ মিলনৰ পথ প্ৰশস্ত হৈছে৷ গতিকে এই সময়তে বড়োলেণ্ডৰ সম্ভাৱ্য যুৱ সম্পদক সঠিক দিশত আগুৱাই নিব লাগিব৷ জ্ঞানৰ লগতে বুদ্বিও জৰুৰী৷ তাক সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে৷ বড়োলেণ্ডৰ মূল সম্পদ ইয়াক চহকী সংস্কৃতি৷ বড়োলেণ্ডৰ যুৱক-যুৱতীয়ে বিশ্বত নিজৰ নাম উজলাব লাগিব৷ ষ্ট্ৰাৰ্ট আপ আৰম্ভ কৰিব৷ পৰিশ্ৰম কৰিবলৈ সাজু থাকিলে পৰৱৰ্তী সুবিধা বড়োলেণ্ডে লব পাৰিব৷ অনুষ্ঠানত উপস্থিত থাকি বলীউডৰ জনপ্ৰিয় অভিনেতা বিবেক অবেৰয়ে কয়– প্ৰথম বাৰ বড়োলেণ্ড দৰ্শনতে মই বড়োলেণ্ডৰ প্ৰেমত পৰো৷ তেওঁ বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বস্ত্ৰ দখনা, আৰ’ণাইক প্ৰশংসাৰে উপচাই দি বড়োলেণ্ডৰ বড়ো যুৱতীক স্ক্ৰীণত দেখুৱালে হিৰোইনক কোনে চাব বুলি ধেমেলীয়া মন্তব্যও কৰে৷ 

ন কইনাৰ সাজেৰে উজলি উঠিছে বড়োলেণ্ড বিশ্ববিদ্যালয়

কোকৰাঝাৰৰ দেৱৰগাঁৱৰ ৰাঙলিখাটাস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত আজিৰ পৰা আৰম্ভ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম বড়োলেণ্ড আন্তৰ্জাতিক জ্ঞান মহোৎসৱ৷ আজি প্ৰথম দিনৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই আৰু বন্তি প্ৰজলন কৰে বাংলাদেশৰ বিশিষ্ট অৰ্থনীতিবিদ ন’বেল বঁটা বিজয়ী মহমদ ইউনুছে৷ এই আন্তৰ্জাতিক জ্ঞান মহোৎসৱৰ শুভ উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি শান্তিৰ প্ৰতীক বগা পাৰ চৰাই উৰোৱা কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ এই কাৰ্যসূচী বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই শুভাৰম্ভ কৰে৷ বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলে এক শোভাযাত্ৰা উলিয়ায়৷ উল্লেখ্য, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু বিটিআৰ পৰিষদীয় চৰকাৰৰ সহযোগত ২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ আয়োজিত প্ৰথম বড়োলেণ্ড আন্তৰ্জাতিক জ্ঞান মহোৎসৱ ২০২৩ ৰ আজিৰ উদ্বোধনী অনুষ্ঠানত মহমদ ইউনুছ, জিগমে থিনলে ন্যামগেল [কনছুলেট জেনেৰেল ভূটান-গুৱাহাটী], মহম্মদ আব্দুল ৱাডুড [ৰাজশ্বাহী বিশ্ববিদ্যালয়, বাংলাদেশ], প্ৰফেছাৰ পিটাৰ নিউৱেল[প্ৰফেছৰ অব ইণ্টাৰনেছনেল ৰিলেছনছ, স্কুল অব গ্লোবেল ষ্টাডিছ, ইউনিভাৰ্ছিটি অৱ ছাইন্স, ব্ৰাইটন], ছাজীভাই দোলাকীয়া, বিটিআৰৰ মুখ্য কাৰ্যৱাহী প্ৰমোদ বড়ো, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্ম আদি উপস্থিত থাকে৷