Logo
image

আৰক্ষী-সেনা-ঠিকাদাৰৰ ঘৰ মন্দিৰতো চলিল বুলড’জাৰ

আমাৰ অসম, ২৮ ফেব্ৰুৱাৰীঃ অৱশেষত গুৱাহাটীৰ শিলসাঁকো বিলত চলিল প্ৰশাসনৰ বুলড’জাৰ৷ গুৱাহাটী মহানগৰীক কৃত্ৰিম বানৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে সোমবাৰৰ পুৱাৰে পৰা প্ৰায় কুৰিখন বুলড’জাৰেৰে শিলসাঁকোৰ পাৰত এফালৰ পৰা ভাঙি যায় অবৈধ নিৰ্মাণ কাৰ্য৷ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ নিৰ্দেশত প্ৰশাসনে চলোৱা এই উচ্ছেদ অভিযানত বাদ নপৰিল তৰ্জা বেৰাৰ ঘৰৰ পৰা কোটিটকীয়া অট্টালিকাও৷  খাটি খোৱা ভূমিপুত্ৰৰ পৰা আৰম্ভ কৰি জলসিঞ্চন ঠিকাদাৰ, আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, সেনা জোৱান আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামৰ নিৰাপত্তাৰ দায়িত্বত থকা গোলাপ চন্দ্ৰ দাসৰো কংক্ৰিটৰ অট্টালিকাকো ৰেহাই নিদিয়ে প্ৰশাসনে৷ আনকি দুৰ্গা মন্দিৰ, নামঘৰ আদি ধৰ্মীয় অনুষ্ঠানতো চলিল প্ৰশাসনৰ হাতুৰীৰ কোব৷ চকুৰ সন্মুখতে কেঁচা ঘাম মাটিত পেলাই কষ্টোপাৰ্জিত ধনেৰে নিৰ্মাণ কৰা বাসগৃহ ভাঙি পেলোৱা দৃশ্য প্ৰত্যক্ষ কৰি বাকৰুদ্ধ হৈ পৰে ভুক্তভোগী পৰিয়ালসমূহ৷ ইফালে, নিশাটোৰ ভিতৰতে পৰিয়ালসমূহ আশ্ৰয়হীন হৈ পৰাত এক প্ৰকাৰ যেন দুৰ্যোগ নামি আহে৷ বিশেষকৈ উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা কেইবাজনো ছাত্ৰ-ছাত্ৰীৰ বাসগৃহত উচ্ছেদ চলোৱাত ভুক্তভোগী শিক্ষাৰ্থীসকলৰ ভৱিষ্যতকলৈ অনিশ্চয়তাই দেখা দিছে৷ ৩ মাৰ্চৰ পৰা হ’বলগীয়া মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ঊষা নগৰৰ প্ৰিয়াঞ্চী ঠাকুৰীয়া নামৰ পৰীক্ষাৰ্থীগৰাকীৰ মাতৃয়ে প্ৰসাসনৰ বিষয়াসকলক অন্ততঃ পৰীক্ষাৰ দিনকেইটালৈ উচ্ছেদ নকৰিবলৈ কাবৌ-কাকুতি কৰিছিল যদিও প্ৰশাসনে দুৰ্ভগীয়া মাতৃগৰাকীৰ বাসগৃহতো উচ্ছেদ চলায়৷ ইফালে, ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অনা ৩ সহস্ৰাধিক বিশাল আৰক্ষীৰ সহযোগত প্ৰশাসনে উচ্ছেদ চলোৱাত  একাংশ লোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে৷ কংগ্ৰেছ চৰকাৰৰ দিনত শিলসাঁকোত ৰাস্তা-ঘাট নিৰ্মাণ কৰি, বিজুলী সংযোগ আৰু জিএমচিৰ হ’ল্ডিং নম্বৰ পৰ্যন্ত দিয়াৰ পাছত এতিয়া বিজেপি চৰকাৰে উচ্ছেদ চলোৱা বুলিও ক্ষোভ ব্যক্ত কৰে৷ মুখ্যমন্ত্ৰীয়ে পুঁজিপতি বণিয়া, জিঞ্জাৰ হোটেল, সাংসদ বদৰুদ্দিন আজমল, মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ অট্টালিকাত কিয় উচ্ছেদ নচলায় বুলিও প্ৰশ্ন কৰে৷ অৱশ্যে জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাই ভূমি পট্টা নাথাকিলে আজমলৰ অট্টালিকাতো বুলড’জাৰ চলিব বুলি সংবাদ মাধ্যমক স্পষ্ট কৰি দিয়ে৷ সিলসাঁকো বিলৰ ১,৮০০ বিঘা ভূমিৰ ১,২০০ বিঘা বেদখল হৈ থকা বুলি সদৰী কৰি প্ৰথম পৰ্যায়ত শিলসাঁকোৰ মূল সুঁতিৰ দুয়ো পাৰে ১০০ মিটাৰ ব্যাসাৰ্ধত উচ্ছেদ চলোৱা বুলি অৱগত কৰিছে নাৰায়ণ ডেকাই৷ এই উচ্ছেদৰ ফলত প্ৰায় ৩০০-৪০০ বিঘা ভূমি বেদখলমুক্ত হোৱাৰ লগতে ৪৫৩টা বাসগৃহ ভাঙি পেলোৱা হ’ব বুলিও জানিবলৈ দিছে৷ সোমবাৰৰ প্ৰথমটা দিনত ১৫০-১৬০টা বাসগৃহ উচ্ছেদ কৰে  প্ৰশাসনে৷

দালালক গ্ৰেপ্তাৰৰ দাবী লাচিত সেনাৰ

চৰকাৰী মাটি, চৰকাৰী সম্পত্তি দখল আৰু বিক্ৰী কৰা বা বিভিন্ন প্ৰলোভনেৰে চৰকাৰী সংৰক্ষিত শিলসাকোঁ বিলক টুকুৰা-টুকুৰকৈ বিক্ৰী কৰা দালালসমূহক বিচাৰি চৰকাৰে উচিত শাস্তি প্ৰদান কৰিব লাগে বুলি দাবী জনাইছে অসম জাতীয় সংগঠন লাচিত সেনাই৷ সোমবাৰে লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য প্ৰচাৰ সচিৱ নৱ বৰাই সংগঠনৰ কেইবাজনো সতীৰ্থক লগত লৈ শিলসাকোঁত অবৈধভাৱে ঘৰ সাঁজি বসবাস কৰা অসমীয়া খীলঞ্জীয়া মানুহৰ লগত বাৰ্তালাপত মিলিত হয়৷ উল্লেখ্য, অধিকাংশ বসতি কৰা মানুহেই অৱগত কৰে যে একাংশ মাটি দালালে বিভিন্ন চলাহী কথা কৈ লাখ লাখ টকাত মাটিসমূহ বিক্ৰি কৰি আহিছে৷ গতিকে লাচিত সেনাই চৰকাৰক অতিসোনকালে চৰকাৰী ভূমি বিক্ৰী কৰি লাখ লাখ টকা উপাৰ্জন কৰা দালালসমূহক চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনায়৷

এই উচ্ছেদ বে-আইনী, বৰ্বৰঃ কৃষক মুক্তি

গুৱাহাটী শিলসাঁকো বিলৰ পাৰত দীৰ্ঘদিন ধৰি বসবাস কৰি থকা খিলঞ্জীয়া লোকক পুনৰ উচ্ছেদ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ এটা বিবৃতিত সংগঠনটোৰ কেন্দ্ৰীয় সমিতি সভাপতি ৰাজু বৰা আৰু দেবেন শৰ্মা, সাধাৰণ সম্পাদক বিদু্যৎ শইকীয়া আৰু বিতু সোণোৱালে কয় যে শিলসাঁকো বিলৰ পাৰত খিলঞ্জীয়া লোকৰ ওপৰত চলোৱা উচ্ছেদ আইন বিৰুদ্ধে আৰু বৈষম্যমূলক৷ এই উচ্ছেদ কোনো কাৰণতে মানি ল’ব নোৱাৰি, চৰকাৰে যদি সঁচা অৰ্থত গুৱাহাটিৰ কৃত্ৰিম বান ৰোধ কৰিবলৈহে এই উচ্ছেদ অভিযান চলাইছে তেনেক্ষেত্ৰত কি কাৰণত শিলসাঁকো বিলৰ বুকুতে থকা পাথৰ ‘কোৱাৰীৰ বদৰুদ্দিন আজমলৰ পত্নী ৰীজোৱাৰা বদৰুদ্দিন আজমল মালিকানাধীন কোম্পানীহামজা প্ৰপাৰতি প্ৰাইভেট লিমিটেড’ৰ  নামত থকা প্ৰায় ১০ বিঘা মাটি আৰু দেৱাল, টাটাৰ জিঞ্জাৰ হোটেল, হিম্মতসিংকাৰ ১৭ মহলিয়া ‘আইদিয়েল হিলভিউ’ আৰু একেই শিলসাঁকোৰ বুকুতে থকা ৰয়েল হেৰিটেজ, পৃথিৱী গ্ৰীণ, অমিয় কুমাৰ দাস ইনষ্টিটিউত আদি উচ্ছেদ কৰা হোৱা নাই৷ আজি কি যুক্তিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত্ৰ মল্ল বৰুৱাৰ নাৰেঙ্গী স্থিত ৰাজপ্ৰসাদ ‘কৈলাস ভৱন’লৈ যোৱাৰ পথ শিলসাঁকোৰ সংলগ্ন বোন্দাজান বিল পুতি নিৰ্মাণ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে? এই উচ্ছেদ কেৱল দুখীয়া আৰু সাধাৰণ মানুহৰ ওপৰতহে চলোৱা হৈছে কিয়?  অসম চৰকাৰৰ ভূমি নীতিত কোৱা হৈছে যে এটা থলুৱা পৰিয়ালে ১৫ বছৰ ভোগ দখল কৰি থাকিলে সেই মাটিৰ পট্টা পাব৷ তেনে স্থলত চৰকাৰী ভূমিত বেদখল কৰা অভিযোগত আৰু গুৱাহাটিৰ জলাশয় [সুৰক্ষা আৰু সংৰক্ষণ] আইন ২০০৮ৰ দোহাই দি থলুৱা পৰিয়ালৰ ওপৰত অন্যায় ভাৱে উচ্ছেদ নমাই আনিছে এইয়া কোনোপধ্যই গ্ৰহণযোগ্য নহয়৷ তদুপৰি ২০০৮ চনৰ ৫ আগষ্টত অসম বিধানসভাত গুৱাহাটী জলাশয় সুৰক্ষা আৰু সংৰক্ষণ আইন ২০০৮ গৃহীত হোৱাৰ বহু পূৰ্বৰ পৰাই শিলসাঁকো বিলৰ পাৰত থলুৱা পৰিয়াল সমূহে স্থায়ীভাৱে বসবাস কৰি আহিছে৷ জলাশয় সীমা নিৰ্ধাৰণৰ পূৰ্বৰে পৰা যিবোৰ পৰিয়ালে বসবাস কৰি আহিছে তেনে পৰিয়ালৰ ক্ষেত্ৰত চৰকাৰে পুৰ্বৰ স্থিতি বাহাল ৰাখিবলৈ আইনীভাৱে বাধ্য বুলি উল্লেখ কৰে সংগঠনটোৱে৷ যিকোনো জনবসতিপূৰ্ণ অঞ্চলত বিশেষ কাৰণত উচ্ছেদ কৰিব লগা হলে উচ্ছেদিত পৰিয়াল সমূহৰ বাবে বিকল্প স্থানত ভূমিৰ ব্যৱস্থা আৰু পৰ্যাপ্ত ক্ষতিপুৰণ প্ৰদানৰ পাছতহে সেই ঠাই খালি কৰাৰ নীতিকো সম্পূৰ্ণ ৰূপে উলংঘা কৰিছে চৰকাৰ তথা প্ৰশাসনে বুলি অভিযোগ কৰে সংগঠনটোৱে৷