Logo
image

ৰিমিক্স জাতীয় সংগীত গালে মন্ত্ৰীয়ে, নিলম্বিত হ’ল বিষয়া

আমাৰ অসম, ২৮ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড়ৰ মানকটাস্থিত বাইথ’ মন্দিৰত অনুষ্ঠিত সোণোৱাল কছাৰী জনগোষ্ঠীৰ আৰাধ্য দেৱতা খ্ৰীংখ্ৰীং বাইথ’ পূজাৰ অসম চৰকাৰে আয়োজন কৰা কেন্দ্ৰীয় অনুষ্ঠানত অসমৰ জাতীয় সংগীতক কৰা হয় চৰম অপমান৷ উল্লেখ্য, আজি  বিয়লি এক বজাৰ পৰা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ  উদ্যোগত, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সহযোগত  আৰু বৃহত্তৰ ডিব্ৰুগড় বাইথ’ সাংস্কৃতিক ক্ষেত্ৰ সমিতি আৰু সোণোৱাল কছাৰী জাতীয় সংগঠনৰ সহযোগত আয়োজিত মুকলি সভাৰ আৰম্ভণিতে মুখ্য অতিথি হিচাপে উপস্থিত থকা সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকনৰ উপৰি জনগোষ্ঠীটোৰ অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত বিকৃতভাৱে জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ পৰিৱেশন কৰা হয়৷ উদ্যোক্তাসকলে মঞ্চৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈ ছাউণ্ড চিষ্টেমত বজাই দিয়ে জাতীয় সংগীতৰ ৰিমিক্স ভাৰ্চন৷ মাইকত বাজি থকা জাতীয় সংগীতৰ ৰিমিক্স ভাৰ্চনৰ সুৰে সুৰে ওঁঠ মিলাবলৈ গৈ বাৰে বাৰে উজুটি খালে মঞ্চত থকা মন্ত্ৰী-বিধায়ককে ধৰি বিশিষ্ট ব্যক্তিসকলেও৷ বিব্ৰত দেখা গ’ল স্বয়ং সাংস্কৃতিকমন্ত্ৰীক৷ উপস্থিত সাংবাদিক আৰু সমবেত জনতাও হতভম্ব হৈ পৰে৷ এই কাৰ্যৰ বাবে মন্ত্ৰীক ক্ষমা খুজিবলৈও দাবী জনায় একাংশই৷ নিজৰ ভাষণ আৰম্ভ কৰাৰ পূৰ্বে জাতীয় সংগীত ভুলকৈ পৰিৱেশিত হোৱাৰ সন্দৰ্ভত ৰাজহুৱাভাৱে ক্ষমা খোজে সাংস্কৃতিকমন্ত্ৰী বিমল বৰাই৷ সাংস্কৃতিকমন্ত্ৰী হিচাপে তেওঁ জাতীয় সংগীত শুনি হতভম্ব হোৱা বুলি মন্তব্য কৰি শীঘ্ৰে তদন্তৰ ঘোষণাৰ লগতে এই ভুলৰ বাবে সংশ্লিষ্ট বিষয়াক কৈফিয়ৎ তলৱ কৰে৷ ইয়াৰ কিছু সময়ৰ পাছতে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে এই ঘটনাক লৈ নিলম্বন কৰে ডিব্ৰুগড় আৰু চৰাইদেউৰ জিলা সাংস্কৃতিক বিষয়াৰ দায়িত্বত থকা ভণিতা হীৰা দাসক৷ মন্ত্ৰী-বিধায়কে গালে ৰিমিক্স জাতীয় সংগীত, সেই জাতীয় সংগীতৰ দায়িত্বত থকা বিষয়া হ’ল নিলম্বিত৷ ইপিনে সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী বৰাই বাইথ’ পূজা কেৱল সোণোৱাল কছাৰী জনগোষ্ঠীৰেই নহয় সমগ্ৰ অসমীয়া জনজীৱনৰ এক অভিন্ন অংগ হৈ পৰা বুলি উল্লেখ কৰে৷ বাইথ’ পূজা বা বাইথ’ কৃষ্টিৰ আধাৰত জনগোষ্ঠীটোৱে পৰিচয় যিহেতু প্ৰদান কৰে সেইবাবে এনে পৰম্পৰাই নতুন প্ৰজন্মক প্ৰেৰণা যোগোৱাৰ লগতে গৱেষণা আদি কৰাৰ ক্ষেত্ৰতো সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে৷ সভাত অতিথি হিচাপে উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই পূজাই  জনগোষ্ঠীটোৰ পৰিচয় বুলি উল্লেখ কৰি মানকটা বাইথ’ মন্দিৰত ১৬ লাখ টকাৰ ব্যয়েৰে পোহৰৰ ব্যৱস্থা কৰিবলৈ এটি জেনেৰেটৰ প্ৰদান ব্যৱস্থা সম্পূৰ্ণপ্ৰায় হৈছে বুলি ঘোষণা কৰে৷ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে আদৰণি ভাষণত ৰাজ্যখনৰ ৫৫ টা মন্দিৰত আজিৰ দিনটোত বাইথ’ পূজা উদ্‌যাপিত হোৱা বুলি উল্লেখ কৰে৷ সভাত বিধায়ক প্ৰশান্ত ফুকনেও বক্তব্য আগবঢ়ায়৷  আনহাতে, বাইথ’ পূজাৰ পৰম্পৰা আৰু সংস্কৃতিৰ সম্পৰ্কত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য আগবঢ়ায় ক্ৰমে সোণোৱাল কছাৰী কল্যাণ সংঘৰ সম্পাদক যুগল শইকীয়া আৰু লেখক শিৱ সোণোৱালে৷ সভাত বিধায়ক প্ৰশান্ত ফুকনেও বক্তব্য আগবঢ়ায়৷ পৰিষদৰ কাৰ্যবাহী সদস্য বসন্ত সোণোৱালে আঁতধৰা অনুষ্ঠানত ৰাজ্যখনৰ ৯জন সোণোৱাল জনগোষ্ঠীৰ বিশিষ্ট লোক ক্ৰমে বিশিষ্ট সাহিত্যিক গুণেশ্বৰ সোণোৱাল, অৱসৰপ্ৰাপ্ত শিক্ষক ৰহেশ্বৰ সোণোৱাল, সমাজকৰ্মী যুগল শইকীয়া, লেখক শিৱ সোণোৱাল, বায়ন লীলা হাজৰিকা, দণ্ডীধৰ সোণোৱাল, সাংস্কৃতিককৰ্মী মণিৰাম সোণোৱাল আৰু সমাজকৰ্মী তথা প্ৰাক্তন বিধায়িকা জ্যোৎস্না সোণোৱাল, সমাজকৰ্মী ডাঃ জীতেন বড়াক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰে৷ সভাত সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোণোৱাল, অৱসৰপ্ৰাপ্ত উপায়ুক্ত ভূৱন চন্দ্ৰ বড়া, প্ৰাক্তন বিধায়ক ক্ষিৰোদ শইকীয়া, জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং, নাৰী সন্থাৰ সভাপতি ৰশ্মিৰেখা সোণোৱালকে ধৰি তিনি শতাধিক লোক উপস্থিত থাকে৷ ইয়াৰ পূৰ্বে পুৱাৰ ভাগত বাইথ’ মন্দিৰত চাৰিমুঠি জীৱৰ বাবে পৰম্পৰাগত প্ৰথাৰে পূজাৰ শুভাৰম্ভ কৰে বাইথ’ গুৰু শংকৰ বাগলাৰীয়ে৷