Logo
image

আৰু এজনক হত্যাৰ বাবে সাজু হৈছিল নেকি বন্দনা

আমাৰ অসম, ২৮ ফেব্ৰুৱাৰীঃ  গাৰ নোম শিয়ৰি উঠা গুৱাহাটীৰ দ্বৈত হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি  নিতৌ ন ন তথ্য পোহৰলৈ আহিব ধৰিছে৷ স্বামী অমৰজ্যোতি দে’ৰ পৰিয়ালৰ তৃতীয়জন লোকক হত্যাৰ পৰিকল্পনা কৰিছিল বন্দনা কলিতাই৷ আৰক্ষীৰ উপৰ্যপৰি জেৰাত এই বিস্ফোৰক স্বীকাৰোক্তি দিয়ে  বন্দনা কলিতাই৷ পাণবজাৰ সদৌ মহিলা আৰক্ষী থানাত দেওবাৰে ওৰে নিশা মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে হত্যাকাৰী বন্দনা কলিতাক একেটা প্ৰশ্নই বাৰে বাৰে সোধে৷ আৰক্ষীৰ নিৰন্তৰ জেৰাত বন্দনা কলিতাই স্বামী অমৰজ্যোতি দে’ৰ পৰিয়ালৰ তৃতীয়জন  লোকক হত্যা কৰাৰ পৰিকল্পনা কৰাৰ কথা স্বীকাৰ কৰে৷ হত্যা কৰিব বিছৰা স্বামীৰ পৰিয়ালৰ তৃতীয়জন লোকৰ নামৰ আৰক্ষীৰ আগত প্ৰকাশ কৰে বন্দনা কলিতাই৷ অৱশ্যে আৰক্ষীয়ে তদন্তৰ খাতিৰত বন্দনা কলিতাই হত্যা কৰিব বিছৰা স্বামী পৰিয়ালৰ তৃতীয়জন লোকৰ নাম সংবাদ মাধ্যমৰ আগত প্ৰকাশৰ পৰা বিৰত আছে৷ আৰক্ষীৰ জেৰাত বন্দনা কলিতাই স্বামীক হত্যা কৰি তেওঁৰ গাৰু আৰু কাপোৰ নাৰেংগীৰ ঘৰৰ পিছফালে পেলাই দিয়া বুলি স্বীকাৰোক্তি দিয়ে৷ এই স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আজি  বন্দনা কলিতা, ধনটি ডেকা আৰু অৰূপ কলিতাক লগত  লৈ নাৰেংগী তিনি আলিস্থিত অমৰাৱতী নাথৰ ঘৰটোৰ পিছফালে অভিযান চলাই তেজ লাগি থকা গাৰু আৰু বিছনাৰ কাপোৰ উদ্ধাৰ কৰে৷ তেজ লগা কাপোৰ উদ্ধাৰ কৰাৰ পাছতে আৰক্ষীয়ে তিনি অভিযুক্তক লগত লৈ নুনমাটি থানালৈ যায়৷ নুনমাটি থানাৰ লকাপত ধনটি ডেকা আৰু অৰূপ ডেকাক থৈ আৰক্ষীৰ দলটোৱে বন্দনা কলিতাক পাণবজাৰ  মহিলা আৰক্ষী থানালৈ লৈ যায়৷ সম্প্ৰতি পাণবজাৰ মহিলা থানাৰ লকাপত আৰক্ষীয়ে আৰু অধিক তথ্যৰ বাবে বন্দনা কলিতাক মাৰাথন জেৰা চলাই আছে৷ ইপিনে তিনি অভিযুক্তৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলি যোৱাত আজি তেওঁলোকক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই ৭ দিনৰ বাবে পুনৰ আবেদন আৰক্ষীৰ জিম্মাত দিবলৈ প্ৰাৰ্থনা জনায়৷ আদালতে দুয়ো পক্ষৰ অধিবক্তাৰ যুক্তি তৰ্ক শুনি তিনি অভিযুক্তক ৪ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে৷ তিনি অভিযুক্তৰ পৰা ৪ দিনৰ ভিতৰত সকলো সাক্ষ্য প্ৰমাণ সংগ্ৰহ কৰিবলৈ আদালতে আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়ে৷ উল্লেখ্য যে যোৱা ২৬ জুলাইত বন্দনা কলিতাই দুই বন্দুৰ সহযোগত শাহু শংকৰী দে’ক নৃশংসভাৱে হত্যা কৰিছিল আৰু ১৭ আগষ্টত স্বামী অমৰজ্যোতি দে’ক নৃশংসভাৱে হত্যা কৰি দাৰে টুকুৰা-টুকুৰকৈ কাটি মেঘালয়ত পেলাই দিছিল৷ এই হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত অৰূপ ডেকাৰ বিয়াৰ বাবে বন্দনা কলিতাই দুই লাখ টকা দিছিল৷ শাহু শংকৰী দে’ৰ একাউণ্টৰ পৰা এ টি এম কাৰ্ড ব্যৱহাৰ কৰি বন্দনা কলিতাই ৫ লাখ টকা উঠাইছিল৷ এই ৫ লাখ টকাৰ দুই লাখ টকা বন্দনা কলিতাই অৰূপ ডেকাক আদায় দিছিল৷ আৰক্ষীৰ উপৰ্যুপৰি জেৰাত বন্দনা কলিতাই স্বীকাৰোক্তি দিয়ে৷ স্বামী অমৰজ্যোতি দে’আৰু শাহু শংকৰী দে’ৰ হত্যা আচনি গ্ৰহণ কৰাৰ পূৰ্বেই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ জেলত যোৱাৰ বাবে নিজকে সম্পূৰ্ণভাৱে সাজু কৰি ৰাখিছিল বুলি বন্দনা কলিতাই আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে৷ জেৰাৰ সময়ত বন্দনা কলিতাই বিভিন্ন সময়ত বিভিন্ন স্বীকাৰোক্তি দি আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰা বুলি মহানগৰ আৰক্ষীৰ এটা সূত্ৰই সদৰি কৰে৷ জেৰাৰ সময়চোৱাত আৰক্ষীয়ে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বন্দনা কলিতাই অধিক মাত্ৰাত কথা কৈ আৰক্ষীক ব্যতিব্যস্থ কৰাও বুলি অভিযোগ উঠিছে৷ ইপিনে, নুনমাটি আৰক্ষীৰ জিম্মাত থকা অভিযুক্ত অৰূপ ডেকাই বন্দনা কলিতাৰ পৰা তেওঁৰ বিয়াৰ বাবে দুই লাখ টকা লোৱাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰে৷ মূলতঃ ধন- সম্পত্তিৰ বাবেই স্বামী আৰু শাহুক বন্দনা কলিতাই দুই সহযোগীৰ সহযোগত হত্যা কৰিছিল৷ সেই কথা লাহে লাহে পোহৰলৈ আহি আছে৷ ইপিনে, মহানগৰ আৰক্ষীয়ে শনিবাৰে পুৱাৰ ভাগত  বন্দনা কলিতা, অৰূপ ডেকা আৰু ধনটি ডেকাক লগত লৈ মেঘালয় আৰক্ষীৰ সহযোগত মেঘালয়ৰ ডাউকীত স্বামী অমৰজ্যোতি দে’ৰ ছিন্ন মুণ্ড বিছাৰি ব্যাপক অভিযান চলায়৷ আৰক্ষীৰ দলটোৱে তিনি অভিযুক্তক লগত লৈ ডাউকীৰ দখাৱৈত নামি অভিযান চলাই যদিও দিনৰ ৪ বজালৈকে অবশিষ্ট অংগৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল৷ পিছত বন্দনা কলিতাক গাড়ীৰ ভিতৰত থৈ আৰক্ষীৰ দলটোৱে নিজে পথৰ দাতিৰ দ খাৱৈত নামি মৃতদেহৰ অৱশিষ্ট অংগ উদ্ধাৰ অভিযানত নামি পৰে যদিও সন্ধিয়া ৫ বজালৈকে অৱশিষ্ট অংগৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে৷ আন্ধাৰ হোৱাৰ লগে লগে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা আৰক্ষীৰ দলটো দ খাৱৈৰ পৰা উঠি আহিবলৈ বাধ্য হয়৷ পিছত আৰক্ষীৰ দলটোৱে তিনি অভিযুক্তক লগত লৈ খালি হাতে গুৱাহাটীলৈ উভতি আহিব লগা হয়৷ মূলতঃ শাহু শংকৰী দে’ৰ ধন-সম্পত্তি হস্তগত কৰিবলৈ বন্দনা কলিতাই স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক নৃশংসভাৱে হত্যা কৰাৰ কথা পোহৰলৈ আহিছে আৰক্ষীৰ তদন্তত৷ আৰক্ষীৰ উপৰ্যুপৰি জেৰাত বন্দনা কলিতাই বিয়াৰ পূৰ্বে শংকৰী দে’ৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে কাম কৰি আছিল৷ এপিডিচিএলৰ অৱসৰী কৰ্মচাৰী শংকৰী দে’ৰ ধন-সম্পত্তি আৰু টকা দেখি বন্দনা কলিতাৰ চকু কপালত উঠিছিল৷ তেতিয়াই বন্দনা কলিতাই শংকৰী দে’ৰ ধন-সম্পত্তি হস্তগত কৰিবলৈ পুত্ৰ অমৰজ্যোতি দে’ৰ লগত প্ৰেমৰ নাটক ৰচনা কৰে৷ বন্দনাৰ প্ৰেমৰ নাটকত অন্ধ হৈ অমৰজ্যোতি দেই বন্দনা কলিতাক পৰিয়ালক অমতত বিয়া পাতি আকস্মিকভাৱে ঘৰলৈ লৈ আহে৷ পুত্ৰৰ এনে কাণ্ডত মাতৃ শংকৰী দে’ই হতভম্ব হৈ পৰে আৰু এই বিয়া মানি লোৱা নাছিল৷ আনকি বন্দনাৰ পৰিয়ালেও এই বিয়াক মান্যতা দিয়া নাছিল৷ বন্দনা কলিতাই কোনো দিনে অমৰজ্যোতি দেক স্বামী হিচাপে মানি লোৱা নাছিল৷ বন্দনাই স্বামী অমৰজ্যোতি দে’ৰ লগত কোনো দিনে শাৰীৰিক সম্পৰ্কও স্থাপন কৰা নাছিল৷ মূলতঃ শাহু শংকৰী দে’ৰ ধন-সম্পত্তি হস্তগত কৰিবলৈ বন্দনাই ব্লু-প্ৰিণ্ট ৰচনা কৰিছিল যদিও সফলতা লাভ কৰা নাছিল৷ শেহতীয়াকৈ বন্দনা কলিতাই শাহুৰ ধন-সম্পত্তি হস্তগত কৰিবলৈ স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক নৃশংসভাৱে হত্যা কৰি দাৰে টুকুৰা টুকুৰ কৈ কাটি মেঘালয়ত পেলাই দিয়ে৷ অৱশ্যে অমৰজ্যোতি দে’ৰ মোমায়েকৰ ল’ৰা জ্যেষ্ঠ ভাতৃ নিৰ্মলা দেই বন্দনা কলিতাই শংকৰী দেৱঁৰ ঘৰত কোনো দিনেই কেয়াৰ টেকাৰ হিচাপে কাম কৰা নাছিল বুলি আমাৰ অসমৰ জানিবলৈ দিয়ে৷ কোন সঁচা কোন মিছা আৰক্ষীৰ তদন্তত এই সমস্থ তথ্য প্ৰকাশ পাব৷ উল্লেখ্য যে, স্বামী আমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাক শনিবাৰে নুনমাটি থানালৈ অনা হয়৷ নুনমাটি থানাত বন্দনা কলিতা, অৰূপ ডেকা আৰু ধনটি ডেকাক মুখামুখি কৈ বহুৱাই এডিচিপি কল্যাণ পাঠকৰ নেতৃত্বত আৰক্ষীৰ দল এটাই দুই ঘণ্টাতকৈ অধিক সময় জেৰা কৰে৷ জেৰাত তিনি অভিযুক্তই কি স্বীকাৰ কৰিলে সেয়া তদন্তৰ খাতিৰত আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশৰ পৰা বিৰত থাকে৷ জেৰাত অন্তত হত্যাৰ অভিযুক্ত বন্দনা কলিতা, ধনটি ডেকা আৰু অৰূপ ডেকাক লগত লৈ এডিচিপি কল্যাণ পাঠকৰ নেতৃত্বত আৰক্ষীৰ দল এটা বোন্দা জানৰ বীৰকুছিৰ দলঙৰ সমীপলৈ আহে৷ তিনি অভিযুক্তই দেখা দিয়া বীৰকুছিৰ দলঙৰ তলত পানীত আৰক্ষীয়ে অভিযান চলাই হত্যাকাণ্ডত ব্যৱহাৰ কৰা দাখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷