Logo
image

এজনৰ ভাৰা ২০ লাখ গংগা বিলাস ’২৪লৈ বুক

আমাৰ অসম, ২৮ ফেব্ৰুৱাৰীঃ সুদীৰ্ঘ ৫০ দিনীয়া নদী যাত্ৰাৰ কাইলৈ অৰ্থাৎ মঙলবাৰে সামৰণি পেলাব বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসে৷ ২৮ জনীয়া বিদেশী পৰ্যটকক লৈ বিগত ১৩ জানুৱাৰীত উত্তৰ  প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰা এম ভি গংগা বিলাসে সোমাবাৰে মাজুলীত উপস্থিত হয়৷ ভাৰত আৰু বাংলাদেশৰ ২৭খন নদী প্ৰণালী পাৰ হৈ মুঠ ৩,২০০ কিলোমিটাৰ পথ সামৰি লৈছে বিলাসী প্ৰমোদতৰীখনে৷ বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ মুঠ ৫১ দিনৰ যাত্ৰা নিৰ্ধাৰণ কৰা হৈছিল যদিও নিৰ্ধাৰিত সময়সূচীৰ এদিন পূৰ্বেই ডিব্ৰুগড়ত গংগা বিলাস উপস্থিত হ’ব বুলি সদৰী কৰিছে আভ্যন্তৰীণ জল পৰিবহণ মন্ত্ৰণালয়ে৷ থলুৱাভাৱে নিৰ্মিত বিলাস বহুল ৰিভাৰ ক্ৰুজ গংগা বিলাসে ছুইজাৰলেণ্ডৰ ২৭জন পৰ্যটক আৰু জাৰ্মানীৰ এজন পৰ্যটকক মূলতঃ গংগা আৰু ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভাৰ লগতে অসমৰ ঐতিহাসিক সমল আৰু কৃষ্টি- সংস্কৃতিৰ পৰিচয় কৰি দিয়া হৈছে৷ বিশেষকৈ অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় জল পৰিবহণ মন্ত্ৰণালয়ৰ আতিথ্য তথা আপ্যায়নত বিদেশী পৰ্যটকসকল আপ্লুত হৈ পৰাই নহয়, এম ভি গংগা বিলাসত ভ্ৰমণৰ বাবে এতিয়া পৰ্যটকৰ ভিৰ লাগিছে৷ আন্তৰ্জাতিক ক্ৰুজ সংস্থা ‘অন্তৰা লাগ্‌জৰী ৰিভাৰ ক্ৰুজ’-এ আগবঢ়োৱা এম ভি গংগা বিলাস সেৱাৰ টিকট ২০২৪ চনৰ মাৰ্চ মাহলৈ পৰ্যন্ত বুকিং হৈ আছে৷ অৰ্থাৎ দুবছৰলৈ গংগা বিলাসৰ টিকট বুকিং আছে যদিও ২০২৪ চনৰ এপ্ৰিলৰ পৰাহে নতুনকৈ বুকিং আৰম্ভ হ’ব বুলি অন্তৰাৰ উপাধ্যক্ষ সৌদামিনি মাথুৰে সদৰি কৰিছে৷ ৰিভাৰ ক্ৰুজ সংস্থাটোৰ তথ্য মতে বিলাসী জাহাজাখনৰ ৫১ দিনৰ যাত্ৰাৰ মুঠ টিকটৰ মূল্য প্ৰায় ২০ লাখ টকা৷ অৰ্থাৎ দৈনিক ৫০ হাজাৰ টকাৰ পৰা ৫৫ হাজাৰ টকা খৰচ হয় প্ৰতিজন যাত্ৰীৰ৷ বিলাসী ক্ৰুজ খনত মুঠ ৩৬জন যাত্ৰী কঢ়িওৱাৰ সুবিধা আছে যদিও প্ৰথম পৰ্যায়ত ২৮জন যাত্ৰীয়েহে সুবিধা লাভ কৰিছে৷ ইফালে ৫১ দিনীয়া যাত্ৰা কালত এম ভি গংগা বিলাসৰ পৰ্যটকসকলে বিহাৰৰ পাটনা, ঝাৰখণ্ডৰ শাহীগঞ্জ, পশ্চিমবংগৰ কলকতা, বাংলাদেশৰ ঢাকাকে ধৰি অসমৰ ধুবুৰী, গুৱাহাটী, বিশ্বনাথ, মাজুলি আৰু ডিব্ৰুগড়ত উপস্থিত স্থানীয় ঐতিহাসিক সম্পদ, ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ লগতে থলুৱা খাদ্য তথা বস্ত্ৰ সম্ভাৰৰ লগতে কৃষ্টি-সংস্কৃতি উপভোগ কৰাৰ সুযোগ লাভ কৰিছে৷ নৌকা বিহাৰ কৰা বিদেশী পৰ্যটকসকলক আকৰ্ষিত কৰাৰ বাবে অসম চৰকাৰৰ পৰ্যটন বিভাগেও বিশেষভাৱে পৰ্যটকসকলক আতিথ্য দিয়াৰ চেষ্টা চলোৱা দেখা যায়৷ উল্লেখ্য তিনিটা ডেকৰ গংগা বিলাসত ২৮টা বিলাসবহুল কেবিন থকাৰ লগতে জাহাজখনৰ দৈৰ্ঘ্য ৩২ মিটাৰ, প্ৰস্থ ১২ মিটাৰ৷ জাহাজখনত ৪০খন আসনযুক্ত ৰেস্তোৰাঁ, স্পা আদিও উপলব্ধ আছে৷ গংগা বিলাসত ৩৯জন ক্ৰু মেম্বাৰ নিয়োজিত হোৱাৰ লগতে জাহাজখনৰ কেপ্টেইন মহাদেৱ নায়ক ৩৫ বছৰীয়া অভিজ্ঞতাসম্পন্ন নাবিক বুলিও কতৃৰ্পক্ষই জানিবলৈ দিছে৷

নিমাতীঘাটত এমভি গংগা বিলাস

বিশ্বৰ দীৰ্ঘতম নদীপথৰ জাহাজ ‘এম ভি গংগা বিলাস’ আজি যোৰহাটৰ নিমাতী ঘাটত উপস্থিত হয়৷ জাহাজখনত ভ্ৰমণ কৰা ২৮জন বিদেশী পৰ্যটকক যোৰহাট জিলা প্ৰশাসনে আদৰণি জনোৱাৰ পাছতে স্থলপথেৰে ঐতিহাসিক শিৱসাগৰ পৰিদৰ্শন কৰে৷ উল্লেখ্য, ব্ৰহ্মপুত্ৰ নদীৰে ভ্ৰমণ কৰা বিলাসী ৰিভাৰ ক্ৰুজখন আজি পুৱা প্ৰায় ৭ বজাত মাজুলীৰ কমলাবাৰী ঘাটত উপস্থিত হয়৷ মাজুলী জিলাৰ উপায়ুক্ত কাবেৰী বি শৰ্মাৰ নেতৃত্বত পৰ্যটকসকলক আদৰণি জনোৱাৰ পাছতে তেওঁলোকে নদীদ্বীপটোৰ ঐতিহ্যমণ্ডিত আউনিআটী, উত্তৰ কমলাবাৰী আৰু চামগুৰি সত্ৰ দৰ্শন কৰে৷ তেওঁলোকে আউনীআটি সত্ৰত মাটি আখৰা, উত্তৰ কমলাবাৰী সত্ৰত গায়ন-বায়নৰ লগতে চামগুৰি সত্ৰত মুখাশিল্প দৰ্শন কৰি আপ্লুত হয়৷ ইয়াৰ পাছতে যাত্ৰীসকলক লৈ জাহাজখনে  দুপৰীয়া ১২ বজাত কমলাবাৰী ঘাটৰ পৰা নিমাতী ফেৰীঘাট অভিমুখে ৰাওনা হয়৷ বিয়লি প্ৰায় ৰ বজাত জাহাজখন নিমাতী ঘাটত  উপস্থিত হোৱাৰ লগে লগে যোৰহাট জিলা প্ৰশাসনে পৰ্যটকসকলক ফুলাম গামোচাৰে আদৰণি জনায়৷ এই আদৰণী অনুষ্ঠানত জিলা উপায়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক মোহনলাল মীনা, জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰশান্ত গোস্বামী, সমাজকৰ্মী হেমন্ত কলিতা, জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়া, অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনৰ লগতে জিলা প্ৰশাসনৰ আন আন বিষয়া-কৰ্মচাৰীসকল,পৰ্যটন, আভ্যন্তৰীণ জল পৰিবহন, পৰিবহণ আদি বিভাগৰ বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷ ইয়াৰ পাছতে যাত্ৰীসকলক গাড়ীৰে যোৰহাট হৈ ঐতিহাসিক শিৱসাগৰলৈ লৈ যোৱা হয়৷ আহোম ৰাজত্বৰ কীৰ্তিচিহ্নৰে সমৃদ্ধ নগৰখনত বিদেশী পৰ্যটকসকলে ৰংঘৰ, তলাতল ঘৰ আৰু শিৱদৌল আদি বিভিন্ন পৰ্যটনস্থলী পৰিদৰ্শন কৰে৷ পৰ্যটকসকলৰ উদ্দেশ্যে ৰংঘৰৰ বাকৰিত বিহুনৃত্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়৷ ইফালে যাত্ৰীসকলক নিমাতীঘাটত নমাই জাহাজখন শিৱসাগৰৰ দিচাংমুখ ফেৰীঘাটলৈ ৰাওনা হয়৷ পৰ্যটকসকলে শিৱসাগৰ ভ্ৰমণ কৰাৰ পাছতে দিচাংমুখ ঘাটত ৰৈ থকা জাহাজত উঠে৷ কাইলৈ জাহাজখন ডিব্ৰুগড়লৈ ৰাওনা হ’ব৷ উল্লেখ্য, উত্তৰ প্ৰদেশৰ বাৰাণসীত যাত্ৰা আৰম্ভ কৰি বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ হৈ বাংলাদেশৰ মাজেৰে যোৰহাটত উপস্থিত হোৱা জাহাজখন মঙলবাৰে ডিব্ৰুগড়ত উপস্থিত হ’ব৷

ৰংঘৰৰ পদূলিত বিহুনৃত্যৰে আদৰণি

সুদীৰ্ঘ ডেৰমহীয়া বিলাসী নৌকা যাত্ৰাৰ অন্তত ঐতিহ্যমণ্ডিত শিৱসাগৰত আহি উপস্থিত হ’লহি বিদেশী পৰ্যটকৰ দল৷ ভাৰতৰ পুৰাতাত্ত্বিক সমল, নদীপৰীয়া নৈসৰ্গিক জীৱন যাত্ৰা আৰু দেশৰ ভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা আকৰ্ষণীয় সমলসমূহ উপভোগেৰে বিশ্বৰ পৰ্যটন মানচিত্ৰত ভাৰতবৰ্ষক নতুন ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবেই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফ্লেগ অফ কৰা এম ভি গংগা আজি বিয়লি শিৱসাগৰৰ দিখৌমুখত উপস্থিত হয়৷ ইফালে নিমাতী ঘাটৰ পৰা স্থলপথেৰে অহা পৰ্যটকসকলক শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আদৰণি জনায়৷ আহোম ৰাজ শাসনৰ পুৰণি ৰাজধানী তলাতল ঘৰৰ অপূৰ্ব ভাস্কৰ্য স্বচক্ষে প্ৰত্যক্ষ কৰাৰ পাছতেই দলটোক ৰংঘৰলৈ লৈ যোৱা হয়৷ ৰংঘৰৰ পদূলিতেই বিদেশী পৰ্যটকৰ দলটোক বিহু নৃত্যৰে বিশেষভাৱে আদৰা হয়৷ ঐতিহাসিক তলাতল ঘৰ দৰ্শন পৰ্যটকৰ দলটোৱে অভিভূত হোৱাৰ কথাও ব্যক্ত কৰে৷ পৰ্যটকৰ দলটোক বিভিন্ন পৌৰাণিক সামগ্ৰী, আহোম যুগৰ বিভিন্ন সঁজুলি, মুখা শিল্প আদি প্ৰদৰ্শন কৰোৱা হয়৷ ৰংঘৰ, তলাতল ঘৰত প্ৰৱেশৰ প্ৰাকমুহূৰ্তত প্ৰতিগৰাকী পৰ্যটককেই একোখনকৈ গামোচাৰে অভিবাদন জনোৱা হয়৷ প্ৰায় ডেৰ ঘণ্টা সময় ৰংঘৰৰ বাকৰিত বিহু নৃত্যৰ লগতে  ৰংঘৰৰ নান্দনিক সৌন্দৰ্য উপভোগ বিদেশী পৰ্যটকৰ দলটোৱে ইয়াৰ পাছতেই শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা  শিৱদ’ল আৰু তাৰ পাৰত থকা আহোম যুগৰ বৰপুখুৰী পৰিদৰ্শন কৰি দিখৌমুখলৈ ৰাওনা হয়৷ দিখৌমুখত বিলাসী জাহাজখনত থকা পঞ্চ তাৰকা হোটেল সদৃশ কোঠাত নৈশ যাপন কৰিব লগীয়া ২৮ জনীয়া বিদেশী পৰ্যটকৰ দলটোৱে কাইলৈ পুৱাই ৰাওনা হ’ব ডিব্ৰুগড়লৈ৷ জানিব পৰা মতে পৰ্যটকৰ দলটোত আছে ২৮ জনীয়া চুইচ আৰু জাৰ্মান নাগৰিক৷ উল্লেখ্য, বিদেশী পৰ্যটকৰ দলটোৰ আগমন উপলক্ষে দিখৌমুখৰ পাৰঘাট, ৰংঘৰ, তলাতল ঘৰৰ চৌপাশ সুন্দৰকৈ সজাই পৰাই তোলা হয়৷

ঢোলৰ ছেৱে ছেৱে কঁকাল ভাঙি নাচিলে পৰ্যটকে

ভাৰতৰ প্ৰথম নদী ক্ৰুজ ‘এম ভি গংগা বিলাস’ দেওবাৰে আহি মাজুলীত উপস্থিত হোৱাৰ পাছত আজি জাহাজখনৰ যাত্ৰী তথা বিদেশী পৰ্যটকসকলক কমলাবাৰী ঘাটত মাজুলী জিলা প্ৰশাসন তথা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে উষ্ম আদৰণি জনায়৷ বিশ্বৰ আটাইতকৈ দীঘল নদী ক্ৰুজখনে বাৰাণসীৰ পৰা ৫০দিনীয়া যাত্ৰা আৰম্ভ কৰি পাঁচখন ৰাজ্যৰ লগতে বাংলাদেশ হৈ ক্ৰুজখনে ২৭খন নদীৰ মাজেৰে অতিক্ৰম কৰি আহি মাজুলীৰ কমলাবাৰী ঘাটত উপস্থিত হয় যদিও নদীৰ জলস্তৰ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত জাহাজখন কমলাবাৰী পাৰ ঘাটত চপাবলৈ কিছু অসুবিধা হয়৷ যাৰ পৰিপ্ৰেক্ষিতত পুৱাৰ ভাগতে এম ভি গংগা বিলাসে কমলাবাৰী ফেৰীঘাটৰ সমীপত লংগৰ পেলাবলগীয়া হোৱাত তাৰ পৰাই এম ভি ইন্দ্ৰ নামৰ জাহাজখনে পৰ্যটকসকলক পাৰলৈ লৈ আনে৷ প্ৰথমে মাজুলীৰ উপায়ুক্ত কাবেৰী বি শৰ্মাই প্ৰতিজন পৰ্যটকক মিচিং গামোচা পিন্ধাই মাজুলীলৈ আদৰণি জনায়৷ ইয়াৰ পাছতে অসমীয়াৰ বিহুৰে পৰ্যটকসকলক আদৰণি জনায়৷ পৰ্যটকসকলেও আপোন পাহৰা হৈ বিহুৰ ঢোল-পেঁপাৰ চেৱত কঁকাল ভাঙি বিহু নচা পৰিলক্ষিত হয়৷ মাজুলীৰ উপায়ুক্ত কাবেৰী বি শৰ্মাইয়ো পৰ্যটকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে তেওঁলোকৰ লগতে বিহু নচা পৰিলক্ষিত হ’ল৷ কমলাবাৰী ঘাটৰ আদৰণি অনুষ্ঠানৰ পিছতেই ২৮জনীয়া পৰ্যটকৰ দলটোৱে মাজুলীৰ তিনিখন সত্ৰ দৰ্শন কৰে৷ প্ৰথমে মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰ দৰ্শন কৰি দলটোৱে গোবিন্দৰ চৰণত সেৱা জনোৱাৰ লগতে সত্ৰখনৰ পৰিচিত মাটিৰ আখৰা উপভোগ কৰাৰ লগতে বহু আপুৰুগীয়া সম্পদেৰে ভৰা সত্ৰৰ মিউজিয়ামো দৰ্শন কৰে পৰ্যটকসকলে৷ ইয়াৰ পাছতে উত্তৰ কমলাবাৰী সত্ৰত উপস্থিত হৈ দলটোৱে গায়ন-বায়ন উপভোগ কৰাৰ লগতে সত্ৰীয়া শৈলীসমূহ নিজৰ নিজৰ কেমেৰাত আবদ্ধ কৰে৷ শেষত মাজুলীৰ চামগুৰি সত্ৰত উপস্থিত হৈ দলটোৱে মুখাশিল্পৰ লগতে মুখা ভাওনাও উপভোগ কৰি মুখা নিৰ্মাণৰ কৌশলসমূহ লিৰিকি-বিদাৰি চাই অভিভূত হৈ পৰে৷ ইয়াৰ পাছতে মাজুলী ভ্ৰমণ সামৰি দলটো যোৰহাটৰ অভিমুখে ৰাওনা হয়৷