Logo
image

এইবেলি বিহুটি ৰমকে জমকে...

ডিজিটেল ডেস্কঃ  অসম চৰকাৰৰ পৃষ্ঠপোষকতাত বিশ্ব অভিলেখ গঢ়াৰ দিশত অগ্ৰসৰ হৈছে বিহু৷ কাজেই এইবেলি বিহুটি হ’ব ৰমকজমক৷ এইবাৰ ১৪ এপ্ৰিলত একেটা স্থানত ১১ হাজাৰ নাচনী-বিহুৱাৰ বিহু নৃত্য পৰিৱেশনৰ জৰিয়তে বিশ্বৰ বৃহত্তম নৃত্য [লোকনৃত্য] ৰূপে গীনিজ বুকত অভিলেখ গঢ়িব বিহুৱে৷ ইতিমধ্যে এনে অভিলেখৰ বাবে যাৱতীয় অনুমোদন জনাইছে গীনিজ বুক অৱ ৰেকৰ্ডৰ কতৃৰ্পক্ষই৷ এই কথা ৰাজহুৱা কৰে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মঙলবাৰে জনতা ভৱনত এখন সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়–বিহুক লৈ গীনিজ বুকত অভিলেখ কৰাৰ বাবে ইতিমধ্যে বিহু বিশেষজ্ঞসকলক লৈ ১৫ মিনিটৰ এটা বিহু নৃত্যৰ ভিডিঅ’ প্ৰস্তুত কৰি ‘গীনিজ বুক’ৰ কৃৰ্তপক্ষলৈ প্ৰেৰণ কৰা হৈছে৷ ইতিমধ্যে এই সন্দৰ্ভত অসম চৰকাৰে প্ৰেৰণ কৰা তথ্য পাতি পুনৰীক্ষণ কৰি  প্ৰাৰম্ভিক পৰ্যায়ৰ বাবে ‘গীনিজ বুক’ কতৃৰ্পক্ষই প্ৰয়োজনীয় অনুমোদন জনাইছে৷ উক্ত বিহু নৃত্যত ১১,১৪০ গৰাকী নাচনী-বিহুৱাই অংশ ল’ব৷ ২৭ ফেব্ৰুৱাৰীৰ পৰা মাষ্টাৰ ট্ৰেইনাৰ প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে৷ ২৭ মাৰ্চৰ পৰা ৰ এপ্ৰিললৈ জিলা পৰ্যায়ত প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব৷ এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ আনহাতে এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক নিমন্ত্ৰণ জনোৱা হ’ব৷ অসম চৰকাৰৰ মন্ত্ৰীসকলে ২০ মাৰ্চৰ পৰা ৩০ মাৰ্চৰ ভিতৰত প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক সাক্ষাৎ কৰি অনুষ্ঠানটোত উপস্থিত থকাৰ বাবে নিমন্ত্ৰণ জনাব৷ জি-২০ সন্মিলনৰ দেশসমূহৰ ৰাষ্ট্ৰদূতসকলৰ উপৰি দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰদূতসকলকো আমন্ত্ৰণ জনোৱা হ’ব৷ আনহাতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমকো আমন্ত্ৰণ জনোৱা হ’ব৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে লোৱা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ তদুপৰি গুৱাহাটী এইমছ মুকলি কৰাৰ লগতে পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ আধাৰশিলা স্থাপনো প্ৰধানমন্ত্ৰীৰ দ্বাৰা কৰোৱাৰ চেষ্টা কৰা হ’ব৷ বিহু নাচেৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ইতিমধ্যে বিহু বিশেষজ্ঞৰ দ্বাৰা অনুমোদন জনোৱা বিহু নাচৰ ভিডিঅ’ গীনিজ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডৰ কতৃৰ্পক্ষলৈ প্ৰেৰণ কৰা হৈছে৷ সেই বিহু নাচ গুৱাহাটীৰ সৰুসজাইত ১৪ এপ্ৰিলত প্ৰদৰ্শন কৰা হ’ব৷ ইয়াৰ বাবে ৪০০ গৰাকী মাষ্টাৰ ট্ৰেইনাৰক সোমবাৰৰ পৰা কলাক্ষেত্ৰত প্ৰশিক্ষণ দি থকা হৈছে৷ এই মাষ্টাৰ ট্ৰেইনাৰসকলে ২০-৫০ জনীয়া গোট বান্ধি জিলাই জিলাই প্ৰশিক্ষণ প্ৰদান কৰিব৷ মাৰ্চ মাহটো জিলাই জিলাই প্ৰশিক্ষণ কাৰ্যসূচী চলিব৷ জিলাত প্ৰশিক্ষণ লোৱাৰ পাছত সকলো ৮ এপ্ৰিলত গুৱাহাটীলৈ আহিব৷ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৯ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ সকলোৱে একেলগে প্ৰশিক্ষণ ল’ব৷ ইয়াৰ পাছত ১৪ এপ্ৰিলৰ দিনা মূল অনুষ্ঠান হ’ব আৰু ১৫ এপ্ৰিলত সকলো নিজ গৃহলৈ উভতি যাব৷ নাচনীসকলৰ বয়স ১৫-৩৫ বছৰৰ হ’ব লাগিব৷ অংশ গ্ৰহণকাৰীসকলে যাতে ব্যক্তিগতভাৱে গীনিজ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডছৰ প্ৰমাণ-পত্ৰ লাভ কৰিব পাৰে তাৰ বাবে এটা পৰ্টেলৰ ব্যৱস্থা কৰা হৈছে৷ য’ত অংশ গ্ৰহণকাৰীসকলৰ নাম পঞ্জীয়ন থাকিব৷  অংশ গ্ৰহণকাৰী শিল্পীসকলক মাননী দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ ২৭ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ জিলাত কৰা প্ৰশিক্ষণৰ বাবে প্ৰত্যেককে দৈনিক ৩০০ টকাকৈ দিয়া হ’ব৷ সাজ-পোছাকৰ বাবে তিনি হাজাৰকৈ টকা দিয়া হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰত্যেকগৰাকী বিহুৱা-বিহুৱতীৰ বাবদ ১০৫০০ টকা ব্যয় কৰা হ’ব আৰু এই পুঁজি প্ৰত্যেকৰে একাউণ্টত সোমাব৷ আনহাতে ৮ এপ্ৰিলৰ নিশা নাইবা ৯ এপ্ৰিলৰ পুৱা সকলো বিহুৱা-বিহুৱতী গুৱাহাটীলৈ আহিব আৰু ১৫ এপ্ৰিললৈকে থাকিব৷ এই সময়চোৱাত তেওঁলোকৰ থকা আৰু খোৱাৰ দায়িত্ব চৰকাৰে বহন কৰিব৷ ইয়াৰ বাবে হোটেল, বিবাহ ভৱন, আই আই টি, গুৱাহাটীৰ হোষ্টেল বুক কৰা হৈছে৷ ১৪ এপ্ৰিলৰ সমগ্ৰ অনুষ্ঠানটো এঘণ্টাৰ হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিহুনাচৰ অনুষ্ঠানটো ১৫ মিনিট সময়ৰ হ’ব৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অহাবছৰ বাগৰুম্বা নাচক লৈ বিশ্ব অভিলেখ গঢ়াৰ পৰিকল্পনা কৰা হ’ব৷