Logo
image

কেনে হ’ব শিলসাঁকো হ্ৰদ

ডিজিটেল ডেস্কঃ গুৱাহাটীক কৃত্ৰিম বানৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে শিলসাঁকো বিলত প্ৰশাসনৰ চলিছে উচ্ছেদ অভিযান৷ ১,৮০০ বিঘা ভূমি আৱৰি থকা শিলসাঁকো বিলৰ বেদখলকৃত ১,২০০ বিঘা ভূমি মুক্ত কৰাৰ বাবে সোমবাৰৰে পৰা বুলড’জাৰ চলাইছে গুৱাহাটী মহানগৰ উন্নয়ন  প্ৰাধিকৰণে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত উৰুখা পজাৰ পৰা আৰম্ভ কৰি কোটিটকীয়া প্ৰাসাদোপম অট্টালিকাকো ৰেহাই দিয়া নাই প্ৰশাসনৰ উচ্ছেদ অভিযানে৷ শিলসাঁকো বিলৰ ভূমি বেদখলমুক্ত কৰি এইবাৰ হাতে কামে লাগিব চৰকাৰে৷ পূৰ্বতে প্ৰশাসনে উচ্ছেদ কৰাৰ পাছতেই পুনৰ উচ্ছেদিত লোকসকলে দখল আৰম্ভ কৰিছিল যদিও এইবাৰ কোনো ব্যক্তিকে নতুনকৈ আন্তঃগাঁথনি নিৰ্মাণৰ সুযোগ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ শিলসাঁকো বিলৰ উচ্ছেদ অভিযান সম্পূৰ্ণ হ’লেই জি এম ডি এৰ ফালৰ পৰা শিলসাঁকোৰ ৪০০ বিঘা ভূমি সামৰি নিৰ্মাণ কৰিব বৃহৎ কৃত্ৰিম হ্ৰদ৷ শিলসাঁকোৰ ৪০০ বিঘাৰ ভূমিত নিৰ্মাণ হ’বলগীয়া হ্ৰদটো কেনেকুৱা হ’ব তাৰ নক্সা তথা আৰ্হিৰ ফটো ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মঙলবাৰে দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়–‘শিলসাঁকোৰ বেদখল উচ্ছেদ কৰি ৪০০ বিঘা ভূমি সামৰি বিশাল পুখুৰী খন্দাৰ ফলত পাঞ্জাবাৰীকে ধৰি সমগ্ৰ অঞ্চলটোৰ কৃত্ৰিম বান সমস্যা বহু হ্ৰাস পাব৷ শিলসাঁকোৰ দুখীয়া লোকসকলক সংস্থাপন দিয়া হ’ব৷ কিন্তু ধনী লোকসকলক সংস্থাপন দিয়াৰ কথাই নাহে৷ এতিয়া উচ্ছেদৰ সময়ত অনুকম্পা দেখুৱালে কৃত্ৰিম বানত গুৱাহাটী ডুব যোৱাৰ সময়ত সংবাদ মাধ্যমেই ওলোটাই বাতৰি কৰিব৷ হিম্মৎ সিংকাৰ অট্টালিকা, টাটাৰ জিঞ্জাৰ হোটেল, অমিয় কুমাৰ ভূঞাৰ শিক্ষা প্ৰতিষ্ঠানৰ পক্ষত মই নাই৷ কংগ্ৰেছ চৰকাৰৰ দিনত কেনেকৈ তেওঁলোকক মাটি পট্টা দিয়া হৈছিল তাক পৰীক্ষা কৰা হ’ব৷’ ইফালে উচ্ছেদৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে টুইট যোগে শিলসাঁকোৰ প্ৰস্তাৱিত নক্সা ৰাজহুৱা কৰে৷ সেই নক্সা অনুসৰি বিশাল হ্ৰদটোৰ চাৰিওফালে নিৰ্মাণ হ’ব সেউজ পাৰ্ক৷ এই প্ৰস্তাৱিত হ্ৰদটোৱে বাস্তৱ ৰূপ পালেই গুৱাহাটীৰ কৃত্ৰিম বান হ্ৰাস পাব বুলিও আশা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে৷ ইফালে শিলসাঁকোৰ হ্ৰদৰ আৰ্হি ৰাজহুৱা কৰাৰ পাছতেই মুখ্যমন্ত্ৰীক উভতি ধৰিছে ৰাইজৰ দলে৷ এই সন্দৰ্ভত ৰাইজৰ দলৰ নেতৃত্বই অভিযোগ কৰি কয়–শিলসাঁকো বিলৰ সমীপত বিজেপি চৰকাৰে অমানৱীয় উচ্ছেদ চলাই থকাৰ সময়তে আজি উচ্ছেদিত এজন ব্যক্তিয়ে আত্মহত্যা কৰিছে৷ ব্যক্তিজনৰ আত্মহত্যাৰ পাছতেই চাৰিওফালে চৰকাৰ বিৰোধী মন্তব্য অহাৰ লগে লগে চতুৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটাৰত দুখন ফটোৰ আৰ্হি শ্বেয়াৰ কৰি শিলসাঁকো বিলখন ভাৰতৰ আটাইতকৈ ডাঙৰ লেক হ’ব আৰু যাৰ ফলত কৃত্ৰিম বানপানী ৰোধ হ’ব বুলি উল্লেখ কৰিছে৷ কিন্তু প্ৰকৃত সত্যটো হ’ল শিলসাঁকো বিলত কি কৰিব, তাক লৈ চৰকাৰৰ কোনো পৰিকল্পনা নাই৷ কেৱল ৰাইজৰ প্ৰতিবাদৰ পৰা পৰিত্ৰাণ পাবলৈ গুজৰাটৰ ছুৰাটৰ গোপী তালাব আৰু আহমেদাবাদৰ কণকৰীয়া লেকৰ দুখন ফটোকে শিলসাঁকো বিলৰ আৰ্হি বুলি শ্বেয়াৰ কৰিছে৷ এইদৰেই অসমৰ মানুহক মূৰ্খ সজাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই৷