Logo
image

পাৱাৰলুমৰ গামোচা, আৰনাই নিষিদ্ধ

ডিজিটেল ডেস্কঃ  ৰাজ্যত  পাৱাৰলুমত বোৱা গামোচা, আৰনাই আৰু মেখেলাচাদৰ নিষিদ্ধ৷ পাৱাৰলুমত বোৱা গামোচা, আৰনাই আৰু মেখেলা চাদৰৰ বিৰুদ্ধে চলিব অভিযান৷ বাল্য বিবাহৰ বিৰুদ্ধে চলাৰ দৰে চলিব অভিযান৷ কাইলৈ পহিলা মাৰ্চৰ পৰা  এনে গামোছা, মেখেলা চাদৰ আৰু আৰনাইৰ বিৰুদ্ধে চলিব অভিযান৷ ইতিমধ্যে প্ৰতিখন জিলাৰ উপায়ুক্তক যাবতীয় নিৰ্দেশ দিয়া হৈছে৷ মঙলবাৰে জনতা ভৱনত এখন সংবাদমেল আয়োজন কৰি এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে পাৱাৰলুমৰ গামোচা, মেখেলা চাদৰ আৰু আৰনাইৰ বিৰুদ্ধে ৰ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈকে তীব্ৰ অভিযান চলোৱা হ’ব৷ এই অভিযান সদায়ে অব্যাহত থাকিব যদিও মাজে মাজে অধিক তীব্ৰতৰ কৰি তোলা হ’ব৷ কোনো কাৰণতে বজাৰত বিক্ৰী হ’ব নোৱাৰিব পাৱাৰলুমৰ গামোচা, মেখেলা চাদৰ আৰু আৰণাই৷ হস্ততাঁতত উৎপাদিত হ’ব লাগিব গামোচা, মেখেলা চাদৰ আৰু আৰনাই৷ ইয়াৰ বাবে শীঘ্ৰেই এছ অ’ পি জাৰি কৰা হ’ব৷ মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়– কৃষকৰ পৰা চৰকাৰে পোনপটীয়াভাৱে ধান ক্ৰয় কৰাৰ দৰে ৰাজ্য চৰকাৰে গামোছা ক্ৰয় কৰাৰো ব্যৱস্থা কৰিছে৷ ইতিমধ্যে ১০০ কোটি টকাৰ গামোছা ক্ৰয়ৰ কাম আৰম্ভ কৰা হৈছে৷ ৰাজ্যত ১২ লাখ শিপিনীয়ে গামোচা বয়৷ চৰকাৰৰ গামোছা ক্ৰয় পদক্ষেপত এইসকল শিপিনী উৎসাহিত হৈ পৰিছে৷ বস্ত্ৰ ব্যৱসায়ীসকলে যাতে পাৱাৰ লুমৰ উৎপাদিত গামোচা মেঘেলাচাদৰ আৰু আৰনাই বিক্ৰী কৰিবলৈ নানে এয়া মোৰ আহ্বান৷ কিয়নো আনিলেও ইয়াৰ বিৰুদ্ধে অভিযান চলোৱা হ’ব৷ জব্দ কৰা হ’ব পাৱাৰ লুমৰ উৎপাদিত গামোচা, মেখেলা চাদৰ আৰু আৰনাই৷