Logo
image

ৰাজহুৱা শুনানি শেষ, ২০ পইচা বাঢ়িল বিদ্যুৎ মাচুল

ডিজিটেল ডেস্কঃ পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল৷ ইন্ধনৰ মূল্য বৃদ্ধিৰ অচিলাৰে প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে ২০ পইচাকৈ মাচুল বৃদ্ধি কৰিছে এপিডিচিএলে৷ চলিত  মাৰ্চ মাহৰ বিদ্যুত বিলৰ সৈতে উপভোক্তাসকলে প্ৰতি ইউনিটত অতিৰিক্ত ২০ পাইচকৈ মাচুল পৰিশোধ কৰিব লাগিব৷ চলিত মাহৰ পৰা প্ৰতি ইউনিটত ২০ পইচাকৈ মাচুল বৃদ্ধি পালেও আগন্তুক ২০২৩-২৪ বৰ্ষত অতিৰিক্ত ৮০ পইচাকৈ মাচুল বৃদ্ধিৰ  বাবে ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগক  প্ৰস্তাৱ দিছে এপিডিচিএলে৷ প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে ৮০ পইচাকৈ মাচুল বৃদ্ধিৰ এপিডিচিএলৰ প্ৰস্তাৱক লৈ মঙলবাৰে গুৱাহাটীত ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে ৰাজহুৱা শুনানি গ্ৰহণ কৰে৷ নিয়ামক আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণৰ উপস্থিতিত হোৱা ৰাজহুৱা শুনানিত ৰাজ্যৰ ১৪টাকৈ বিভিন্ন সংগঠনে বিদ্যৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱৰ বিৰোধিতা কৰে৷ ৰাজহুৱা শুনানিত অন্যান্য সংগঠনৰ লগতে অল আছাম ইলেক্ট্ৰিচিটী কনজুমাৰ্ছ এছ’চিয়েশ্বনেও অংশগ্ৰহণ কৰে৷ এছ’চিয়েশ্বনৰ উপদেষ্ট বিমল দাস, আহ্বায়ক অজয় আচাৰ্য আৰু সদস্য অজিত আচাৰ্যই শুনানিত উপস্থিত থাকি বক্তব্য দাঙি ধৰে৷ এছ’চিয়েশ্বনে স্পষ্ট কৰি দিয়ে যে- বিদ্যুত আইন ২০০৩ৰ ৬১নং ধাৰাত বিদ্যুৎ গ্ৰাহকৰ স্বাৰ্থ ৰক্ষাৰ কথা পৰিষ্কাৰকৈ কোৱা হৈছে৷ কিন্তু তাক উলংঘা কৰি এপিডিচিএলে প্ৰতি বছৰে মাচুল বৃদ্ধি কৰি সাধাৰণ গ্ৰাহকৰ ওপৰত আৰ্থিক বোজা জাপি দি আহিছে৷ গ্ৰাহকে মাচুল আদায় দিয়াৰ পাছতো কি কাৰণত এপিডিচিএলে প্ৰতিবছৰে লোকচানৰ হোৱা বুলি দেখুৱায়, তাক সেয়া সঠিককৈ নিৰ্ধাৰণ কৰিবলৈ এখন তদন্ত কমিটী গঠন কৰাৰ বাবেও এছ’চিয়েশ্বনে নিয়ামক আয়োগৰ ওচৰত পৰামৰ্শ আগবঢ়ায়৷ ইফালে বিদ্যুত নিয়ামক আয়োগৰ শুনানিত আম আদমি পাৰ্টীয়েও মাচুল বৃদ্ধিৰ বিৰোধিতা কৰে৷ দুৰ্নীতি আৰু অপচয়ৰ বাবে হোৱা লোকচানক ৰাইজৰ ওপৰত জাপি দিয়াতো গ্ৰহণযোগ্য নহয় বুলিও স্পষ্ট কৰি দিয়ে ৰাজনৈতিক দলটোৱে৷ ১০০ শতাংশ ৰাজ্য চৰকাৰৰ শ্বেয়াৰ থকা এপিডিচিএলৰ খৰচৰ অডিট ৰিপ’ৰ্ট ৰাজহুৱা কৰিবলৈও আপে দাবী জনায়৷ মঙলবাৰৰ ৰাজহুৱা শুনানিত এবিটা, ফাইনাৰ, চিএচিকে ধৰি কেইবাটাও উদ্যোগিক সংস্থাই অংশ লৈ মাচুল বৃদ্ধিৰ বিৰোধিতা কৰে৷ নিয়ামক আয়োগে চৰকাৰৰ মতামত গ্ৰহণ কৰি মাৰ্চৰ ভিতৰতে বৃদ্ধি হ’বলগীয়া মাচুলৰ নিৰিখ ৰাজহুৱা কৰাৰ সম্ভাৱনা আছে৷

 বিদ্য়ুতৰ মাচুল বৃদ্ধিৰ বাবে এপিডিচিএলে বিদ্য়ুৎ নিয়ামক আয়োগৰ ওচৰত দাখিল কৰা আবেদন সন্দৰ্ভত আজি অনুষ্ঠিত হোৱা ৰাজহুৱা শুনানীত অন্যান্য সংগঠনৰ লগতে অল আছাম ইলেক্ট্ৰিচিটী কনজুমাৰ্ছ এছ’চিয়েছনেও অংশগ্ৰহণ কৰে৷ এছ’চিয়েছনৰ উপদেষ্টা বিমল দাস, আহ্বায়ক অজয় আচাৰ্য আৰু সদস্য অজিত আচাৰ্যই শুনানীত উপস্থিত থাকি বক্তব্য দাঙি ধৰে৷ এছ’চিয়েছনৰ পক্ষৰ পৰা কোৱা হয় যে বিদ্য়ুত আইন, ২০০৩ ৰ ৬১ নম্বৰ ধাৰা, য’ত বিদ্য়ুৎ গ্ৰাহকৰ স্বাৰ্থৰক্ষাৰ কথা পৰিষ্কাৰকৈ কোৱা হৈছে সেয়া লংঘন কৰি এপিডিচিএলে প্ৰতি বছৰে মাচুল বৃদ্ধি কৰি সাধাৰণ গ্ৰাহকৰ ওপৰত আৰ্থিক বোজা জাপি দি আছে৷ গ্ৰাহকে মাচুল আদায় দিয়াৰ পাছতো কি কাৰণত এপিডিচিএলে প্ৰতিবছৰে লোকচান হোৱা বুলি দেখুৱায় সেয়া সঠিককৈ নিৰ্ধাৰণ কৰিবলৈ এখন তদন্ত কমিটী গঠন কৰাৰ বাবেও এছ’চিয়েছনে নিয়ামক আয়োগৰ ওচৰত পৰামৰ্শ আগবঢ়ায়৷ তদুপৰি, বিভিন্ন যুক্তি দাঙি ধৰি বিদু্যতৰ মাচুল পুনৰবাৰ বৃদ্ধি কৰাত অনুমোদন নিদিয়াৰ বাবে এছ’চিয়েছনে নিয়ামক আয়োগক অনুৰোধ জনায়৷