Logo
image

২ দেশ, ৫ ৰাজ্য, ২৭ নদী পাৰ হৈ গংগা বিলাসৰ যাত্ৰাৰ সমাপ্তি

ডিজিটেল ডেস্কঃ  দুখন দেশ, পাঁচখন ৰাজ্য আৰু ২৭খন নদী পাৰ হৈ সফলভাৱে যাত্ৰাৰ সমাপ্তি ঘটিল গংগা বিলাসৰ৷ ৫০ দিনীয়া ঐতিহাসিক যাত্ৰা সামৰি অৱশেষত আজি ডিব্ৰুগড়ত উপস্থিত হ’ল দেশৰ সৰ্ববৃহৎ ৰিভাৰ ক্ৰজ গংগা বিলাস৷ ইতিহাস সমৃদ্ধৰে গংগা বিলাসৰ এক বৰ্ণিল যাত্ৰাৰ আজি সফল সামৰণি পেলালে  ডিব্ৰুগড়ত৷ কেৱল অসমৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবেই আজি এক অতিশয় গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হৈছে৷ বহু প্ৰত্যাহ৩ানকো নেওচি অৱশেষত সুকলমে সমাপন হ’ল ভাৰতৰ নদীপথত দীৰ্ঘতম যাত্ৰা৷ এয়া কেৱল সম্ভৱ হৈ উঠিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সদিচ্ছাৰ বাবেই৷ কেন্দ্ৰীয় জাহাজ, বন্দৰ, আয়ুস মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ বগীবিলত আয়োজিত বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ গংগা বিলাসৰ বৰ্ণাঢ্য সামৰণি অনুষ্ঠানত এনেদৰে ৰাইজক সম্বোধি সদৰি কৰে৷ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়– এম ভি গংগা বিলাসে চুবুৰীয়া দেশ যেনে–বাংলাদেশ, নেপাল, ভূটান আৰু ভাৰতৰ আন ৰাজ্যৰ লগতো জলপথ ব্যৱসায় উন্নত কৰিব আৰু পৰ্যটকসকলে এই যাত্ৰাৰ জৰিয়তে স্থানীয় সংস্কৃতি, হস্তশিল্প, খাদ্য, ৰন্ধন প্ৰণালী, আৰু অন্যান্য বহু সুন্দৰ অভিজ্ঞতা নিশ্চয় আহৰণ কৰিছে আৰু অসম আৰু আন উত্তৰ পূব অঞ্চলত জলপথযাগে বাণিজ্য আৰু অৰ্থনীতি বিকাশত সহযোগ কৰিব৷ তেওঁ লগতে নতুন নৌকাবিহাৰ ‘ব্ৰহ্মপুত্ৰ’ৰ জলপথ ব্যৱসায়ৰ বাবে ঘোষণা কৰে আৰু লগতে ডিব্ৰুগড়ত কাৰ্গো ক্ৰছ টাৰ্মিনাছ স্থাপনৰ কথা ঘোষণা কৰে৷ উল্লেখযোগ্য যে এই সফল নৌকাবিহাৰৰ যাত্ৰায়ে কাৰ্গো চলাচল, ড্ৰেজিং নিৰ্মাণকাৰ্য আৰু তত্ত্বাৱধান নেভিগেশ্বন সহায়ক, হাইড্ৰগ্ৰাফিক পৰিদৰ্শন, নৌকাবিহাৰ অভিযান, মডেল অধ্যয়ন, গৱেষণা ইত্যাদিত নিশ্চিতভাৱে সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে৷ উল্লেখ্য যে চলিত বৰ্ষৰ ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ্‌ অফ্‌ কৰাৰ পাছত গংগা বিলাসে বাৰাণসীৰপৰা যাত্ৰা আৰম্ভ কৰিছিল আৰু ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগৰ লগতে বাংলাদেশৰ মাজেৰে যাত্ৰা কৰি ১৭ ফেব্ৰুৱাৰীত অসমৰ ধুবুৰীত প্ৰৱেশ কৰিছিল৷ এই সুদীৰ্ঘ যাত্ৰাপথত ভাৰত-বাংলাদেশৰ মুঠ ২৭খন নদী প্ৰণালীৰ মাজেৰে সুদীৰ্ঘ ৪৫ দিন যাত্ৰা কৰি অভিলেখ গঢ়া গংগা বিলাসে পৃথিৱীৰ আটাইতকৈ দীঘল নদী ভ্ৰমণ৷ ১৩ জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সৰ্ববৃহৎ ৰিভাৰ ক্ৰজখনৰ ফ্লেগ অফ কৰি শুভাৰম্ভ কৰিছিল৷ আজি ৫খন ৰাজ্য আৰু দুখন দেশ সামৰি সুদীৰ্ঘ ৩২০০ কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰি ৫০ দিনৰ অন্তত ডিব্ৰুগড়ত উপস্থিত হ’ল ২৮জন বিদেশী পৰ্যটক কঢ়িয়াই অনা ৰিভাৰ ক্ৰজখন৷ ইফালে যাত্ৰাৰ মাজত লাভ কৰা অনন্য অভিজ্ঞতাৰ কথা উল্লেখ কৰি অসমৰ পৰিৱেশ দেখি অতিকৈ অভিভূত হোৱা বুলি উল্লেখ কৰে বিদেশী পৰ্যটকসকলে৷ অসম্ভৱকো সম্ভৱ কৰি তোলাত উদ্যোগ গ্ৰহণ কৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই পেলালে বিদেশী পৰ্যটন সকলে৷ মনকৰিবলগীয়া যে, বগীবিলত ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ দ্বাৰা আদৰণি জনোৱাৰ বাবে ব্যাপক আয়োজন৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ, জল পৰিবহণ, পৰ্যটন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ য়েছ’ নায়ক, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ, ৰামেশ্বৰ তেলী, পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অৰুণাচলৰ সাংসদ টাপিৰ গাঅ’ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ড॰ ৰাজকুমাৰ ৰঞ্জন সিংহ, বাংলাদেশৰ সাংসদ মহম্মদ খালিদ মহম্মদ চৌধুৰী, মহম্মদ ৰফিকুল ইছলাম, সাগৰীয় সুৰক্ষা পৰিবহণ ব্যৱস্থাপনা বাংলাদেশৰ উচ্ছ সহকাৰী আয়ুক্ত ৰাহুল আমিন, জাহাজ বন্দৰ আৰু জলপথৰ সচিব সুধান্সু পণ্ট, জাহাজ বন্দৰ আৰু জলপথৰ অধ্যক্ষ সঞ্জয় বন্দোপাধ্যায়, অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং আৰু পৰ্যটনৰ জেষ্ঠ আয়ুক্ত আৰ হুচ্ছেইন আৰু ছুইজাৰলেণ্ড আৰু জাৰ্মানী ইত্যাদি দেশৰ সফল যাত্ৰাত অংশগ্ৰহণ কৰা যাত্ৰী পৰ্যটকসকল আদিকে ধৰি কূটনীতিবিদ আৰু উচ্ছপদস্থ বিষয়াসকল উপস্থিত থাকে৷ দলটোক বিহু, ঝুমুৰ, মিছিং জনগোষ্ঠীৰ গুমৰাগ নৃত্য আদিৰে আদৰণি জনোৱা হয়৷