Logo
image

প্ৰশ্নকাকত ফাদিল? শিক্ষা সংসদৰ অস্বীকাৰ

ডিজিটেল ডেস্কঃ মঙলবাৰে অনুষ্ঠিত উচ্ছতৰ মাধ্যমিকৰ ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত আগতীয়াকৈ প্ৰকাশ পোৱাৰ অভিযোগ উঠিছে৷ অৱশ্যে অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে এই অভিযোগ পোনছাটেই অস্বীকাৰ কৰিছে৷ কাজেই ৰসায়ন বিজ্ঞানৰ পৰীক্ষাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে৷ ঘটনাৰ বিৱৰণী মতে কটন বিশ্ববিদ্যালয়ৰ উচ্ছতৰ মাধ্যমিকৰ এজন ছাত্ৰৰ মোবাইললৈ সোমবাৰে পুৱা প্ৰায়  এঘাৰ বজাত ৰসায়ন বিজ্ঞানৰ এখন হাতে লিখা প্ৰশ্নকাকত আহে– যোৰহাটৰ এজন ছাত্ৰৰ পৰা৷ মাজে সময়ে এনেধৰণৰ কাৰবাৰ চলি থকা বাবেই কটনৰ ছাত্ৰজনে কথাটোত বিশেষ গুৰুত্ব দিয়া নাছিল৷ মঙলবাৰে পিছবেলা আছিল ৰসায়ন বিজ্ঞানৰ পৰীক্ষা৷ পৰীক্ষা হলত যেতিয়া ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত দেখিলে, তেতিয়া কটনৰ ছাত্ৰজন হতভম্ব হ’ল৷ কিয়নো তেওঁৰ মোবাইললৈ সোমবাৰে পুৱাতে অহা হাতে লিখা প্ৰশ্নকাকতখনৰ সৈতে ছপা প্ৰশ্নকাকতখন হুবহু একে– ছাত্ৰজনৰ দাবী৷ সেইবাবেই তেওঁ পৰীক্ষা হলৰ পৰা ওলাই আহিয়েই এই বিষয়ে জ্যেষ্ঠ ছাত্ৰসকলক অৱগত কৰে৷ ছাত্ৰজনে তেওঁৰ জ্যেষ্ঠসকলক জনোৱা মতে তেওঁৰ মোবাইললৈ সোমবাৰে অহা হাতেলিখা প্ৰশ্নকাকতৰ ‘স্ক্ৰীণ শ্বট’ তেওঁ সংৰক্ষণ কৰি থৈছে৷ কটনৰ জ্যেষ্ঠ ছাত্ৰসকলে এই বিষয়ে সংবাদ মাধ্যমক অৱগত কৰাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাকো অৱগত কৰে৷ লগে লগে চৌদিশে হুলস্থূল লাগে৷ ইফালে, অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব পুলক পাটগিৰি আৰু পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে স্পষ্ট কৰি দিয়ে যে উচ্ছতৰ মাধ্যমিকৰ ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত বা আন কোনো প্ৰশ্নকাকত ফাদিল হোৱা নাই৷ উত্থাপিত অভিযোগ একে আষাৰে নাকচ কৰি শিক্ষা সংসদৰ দুয়োগৰাকী শীৰ্ষ বিষয়াই স্পষ্ট কৰি দিয়ে যে ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি মঙলবাৰে নিশা পৰ্যন্ত শিক্ষা সংসদে কাৰো পৰা তথ্যসহ অভিযোগ পোৱা নাই৷ এয়া কোনো দুষ্ট চক্ৰৰ কাণ্ড-অপপ্ৰচাৰ বুলি শিক্ষা সংসদে ধাৰণা কৰিছে৷ পৰীক্ষা শেষ হোৱাৰ পাছত প্ৰশ্নকাকত ৰাজহুৱা হোৱাটো আৰু পৰীক্ষাৰ আগত প্ৰশ্নকাকত ফাদিল হোৱা বা ৰাজহুৱা হোৱাৰ মাজত আকাশ-পাতাল প্ৰভেদ আছে৷ তৎসত্ত্বেও তথ্য-প্ৰমাণসহ নিৰ্দিষ্ট অভিযোগ পালে এই বিষয়ে শিক্ষা সংসদে নিজাববীয়াকৈ ফলপ্ৰসূ আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব বুলি দুয়োগৰাকী বিষয়াই স্পষ্ট কৰি দিয়ে৷ কোনো কাৰণতে এজনো পৰীক্ষাৰ্থীৰ সামান্যতমো ক্ষতি হ’বলৈ দিয়া নহ’ব বুলি কয় শিক্ষা সংসদৰ বিষয়াদ্বয়ে৷ আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই বিষয়টোত তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰে এইদৰে– ‘উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি সমগ্ৰ অসমতে চৰ্চা হৈছে৷ উচ্ছতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ এটা অন্যতম গুৰুত্বপূৰ্ণ পৰীক্ষা৷ এই পৰীক্ষা নিকাভাৱে অনুষ্ঠিত হ’বই লাগিব৷ ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি ব্যাপক চৰ্চা চলিছে, পৰীক্ষাৰ্থীয়ে অভিযোগ কৰিছে৷ এই কাৰ্যই লাখ লাখ পৰীক্ষাৰ্থীক মানসিকভাৱে হাৰাশাস্তি কৰিছে, অভিভাৱকসকলক শংকিত কৰিছে৷ ছাত্ৰ সন্থাই গভীৰ উদ্বিগ্নতাৰে অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে৷ সংসদে প্ৰশ্নকাকত ফাদিলৰ ঘটনা অস্বীকাৰ কৰিছে যদিও ৰাজহুৱাভাৱে প্ৰকাশ হোৱা আৰ্হি প্ৰশ্নকাকতৰ সৈতে ৰসায়ন বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ হুবহু মিল দেখা গৈছে৷ এয়া সহজভাৱে ল’ব পৰা কথা নহয়৷ ছাত্ৰ সন্থাই সমগ্ৰ ঘটনাৰ উচ্ছস্তৰীয় তদন্তৰ দাবী জনাইছে৷ চৰকাৰে ক্ষীপ্ৰতাৰে তদন্ত কৰি দোষীক কৰায়ত্ত কৰিব লাগে৷ যদি সঁচাকৈয়ে প্ৰশ্নকাকত ফাদিল হৈছে তেন্তে উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ বিষয়ববীয়াকো তদন্তৰ আউটিলৈ আনিব লাগে৷ দোষীক কঠোৰ শাস্তি বিহিব লাগে৷ ছাত্ৰ-ছাত্ৰীয়ে ভীতিমুক্ত পৰিৱেশত পৰীক্ষা দিয়াৰ সুযোগ পাব লাগিব৷ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ সৈতে কাকো হেতালি খেলিবলৈ দিয়া নহ’ব৷’