Logo
image

‘মানুহক বিনামূলীয়াকৈ একো দিব নালাগে’

ডিজিটেল ডেস্কঃ কেতিয়াও মানুহক একো নকৰাকৈ বা বিনামূল্য একো দিব নালাগে৷ এইটো ধনৰ অপচয়৷ এই ভাষ্য নবেল বঁটা বিজয়ী তথা বাংলাদেশৰ গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠাতা অধ্যাপক মহম্মদ ইউনুছৰ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত মঙলবাৰে বিশ্ববিদ্যালখনৰ শিক্ষক আৰু ছাত্ৰ সমাজৰ উপস্থিতিত বক্তৃতা দি নবেল বঁটা বিজয়ী  প্ৰখ্যাত অৰ্থনীতিবিদ জনে কয়–বিকল্প সভ্যতাৰ বাট কাটিব নোৱাৰিলে আমাৰ ভৱিষ্যত সুৰক্ষিত নহয়৷ আমাৰ প্ৰতিষ্ঠিত শিক্ষা ব্যৱস্থা বা বিশ্ববিদ্যালয় ব্যৱস্থাই যি জ্ঞান দিয়ে সেই জ্ঞান সাধাৰণ মানুহৰ কল্যানত ব্যৱহাৰ হোৱা নাই৷ বিশ্ববিদ্যালয়ক আমি জ্ঞানৰ ভাণ্ডাৰ বুলি কও৷ কিন্তু বিশ্ববিদ্যালয়ৰ চৌপাশে যিবিলাক দৰিদ্ৰ মানুহ আছে দুৰ্ভিক্ষত যিসকল পিড়িত হৈ আছে তেওঁলোকৰ ভৱিষ্যত কি হ’ব, তেওঁলোক কিদৰে সুৰক্ষিত হ’ব সেই জ্ঞান বিশ্ববিদ্যালয় শিক্ষাত বিশেষকৈ অৰ্থনীতিৰ প্ৰতিষ্ঠিত তত্ব বা গৱেষণাত বিচাৰি নাপাও৷ মই চিটাগং বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থকাৰ সময়ত বিশ্ববিদ্যালয়ৰ চৌপাশৰ গাঁও বিলাকত অতি দৰিদ্ৰ মানুহ  দেখিবলৈ পাও৷ কিন্তু বিশ্ববিদ্যালয় খনে এইসকল মানুহৰ কাৰণে কি কৰিব সেই কথা চিন্তা কৰা নাছিল বা চিন্তা কৰাৰ প্ৰয়োজনবোধ কৰা নাছিল৷ মোক যদি দুখীয়া মানুহৰ বেংকাৰ বুলি কয় তেন্তে প্ৰতিষ্ঠিত বেংকিং ব্যৱস্থাটো কি? আমাৰ প্ৰতিষ্ঠিত বেংকিং ব্যৱস্থা দুখীয়া মানুহৰ কাৰণে নহয়৷ এই বেংকিং ব্যৱস্থা ধনী মানুহৰ কাৰণে৷ ধনীক ধনী কৰাটোৱে প্ৰতিষ্ঠিত বেংকিং ব্যৱস্থাৰ দায়িত্ব বা এইটোৱে নিজৰ কৰ্তব্য বুলি ভাবে৷ সেয়ে সমগ্ৰ বিশ্বতে দৰিদ্ৰতাই ভয়াৱহ ৰূপ লৈছে৷ দুখীয়া মানুহক বেংকে ঋণ নিদিয়ে৷ তেওঁলোকৰ হাতত কোনো পুঁজি নাথাকে৷ গতিকে তেওঁলোকে নিজে ভবা ধৰণে কাম-কাজ কৰিব নোৱাৰে৷ ফলত তেওঁলোক অনানুষ্ঠানিক ঋণৰ কবলত পৰি নিঃশেষ হৈ যায়৷ সেয়ে মোৰ নিজা সঞ্চিত ধনেৰে বিশ্ববিদ্যালয় চৌহদৰ চৌপাশে থকা গাঁৱৰ ৪২ গৰাকী মহিলাক কোনো ধৰণৰ সুদ নোলোৱাকৈ আৰু চৰ্ত নিদিয়াকৈ ঋণ দিবলৈ আৰম্ভ কৰো৷ প্ৰতিগৰাকী মহিলাক ৮২০ টকাকৈ দিও প্ৰথমে৷ এয়া ৭০ দশকৰ কথা৷ এই ৪২ গৰাকী মহিলাৰ মাজত ঋণ লাভৰ পিছত উৎপাদনমুখী শক্তিৰ সৃষ্টি হয়৷ এই প্ৰক্ৰিয়াটো প্ৰসাৰিত কৰিবলৈ আৰম্ভ কৰো আৰু ইয়াৰে ফলশ্ৰুতিত গ্ৰামীণ বেংক প্ৰতিষ্ঠা হয়৷ যিসকলে ঋণ লৈছিল সেইসকলে বেংকটোৰ গৰাকী৷ বেংকটোৰ মালিকীস্বত্ব সমূহীয়া ব্যৱস্থাৰে পৰিচালিত হয়৷ বাংলাদেশত দুখীয়া মানুহে শৌচালয় ব্যৱহাৰ নকৰে৷ সেয়ে বেংকৰ ঋণ ল’বলৈ হ’লে প্ৰথমে এটা কেচা শৌচালায় হ’লেও নিৰ্মাণৰ চৰ্ত আৰোপ কৰা হয়৷ পৰৱৰ্তী সময়ত যিসকল লোকৰ ঘৰ নাই তেওঁলোকক ঋণ দিয়া হয়৷ লাহে লাহে শৌচালয় নিৰ্মাণত প্ৰযুক্তিৰ ব্যৱহাৰ আৰম্ভ কৰা হয়৷ স্বাস্থ্য বীমালৈ গ্ৰামীণ বেংকে নিজৰ কাৰ্য প্ৰসাৰিত কৰে৷ প্ৰত্যেকজন মানুহৰ মাজত এটা উদ্যোগী মনোভাব থাকে৷ নিজকে নিজে প্ৰতিষ্ঠা কৰি স্বাবলম্বী হোৱাৰ প্ৰচুৰ সম্ভাৱনা প্ৰতিজন লোকৰ মাজতে আছে৷ আমাৰ অৰ্থ ব্যৱস্থা ভৰিৰ ওপৰত থিয় হৈ থকা নাই৷ এই ব্যৱস্থাটো থিয় হৈ আছে মূৰৰ ওপৰত৷ পৃথিৱীখন যদি বচাব লাগে, সমাজত যদি ন্যায় প্ৰতিষ্ঠা কৰিব লাগে তেন্তে এই অৰ্থ ব্যৱস্থা মূৰৰ পৰা নমাই আনি ভৰিৰ ওপৰত থিয় কৰাব লাগিব৷ কৃত্ৰিম বুদ্ধিমত্তাৰ এক ভয়াৱহ বস্তু যাৰ ফলত মানুহৰ চিন্তা চেতনা প্ৰযুক্তিৰ ওচৰত সমৰ্পন কৰিব লাগিব৷ মানুহৰ প্ৰমূল্য আৰু সহমৰ্মিতা নাথাকিবলৈ তেনে পৰিস্থিতিত৷ তেনে ক্ষেত্ৰত আমাৰ সভ্যতা নষ্ট হৈ যাব৷ এনে পৰিস্থিতিত আমি বিকল্প সভ্যতা নিৰ্মাণৰ কথা চিন্তা কৰিব লাগে৷ সকলোৰে মাজত যে এজন সৃষ্টিশীল আৰু উদ্যোগী সম্ভাৱনা থকা লোক থাকে সেই কথা আমি স্বীকাৰ কৰি ল’ব লাগিব৷ ঋণ পোৱাটো এটা মানবাধিকাৰ৷ আজিৰ প্ৰচলিত অৰ্থনীতিয়ে প্ৰদূষণ, নিবনুৱা, দাৰিদ্ৰতাৰ সৃষ্টি কৰিছে৷ এই তিনিটাক নাইকীয়া কৰিব পাৰিব লাগিব৷ তেতিয়াহে মানব সভ্যতা সুৰক্ষিত হ’ব৷ পৃথিৱীৰ ৯৫ শতাংশ সম্পদ কেইজমান মানুহে নিয়ন্ত্ৰণ কৰিছে৷ আৰু ৯৫ শতাংশ মানুহ পৃথিৱীৰ ক্ষুদ্ৰ সম্পদৰ অংশীদাৰ হৈ আছে৷ বিশ্ববিদ্যালয় বিলাকেও ব্যৱসায়ৰ নতুন সংজ্ঞা দিব লাগে৷ এই ব্যৱসায় সামাজিক ব্যৱসায় হ’ব লাগিব৷ ব্যৱসায়ক সমাজ নিৰ্মাণ আৰু সমাজ উত্তৰণৰ আহিলা কৰি তুলিব লাগিব৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বক্তৃতা দিবলৈ অহা প্ৰফেচৰ ইউনুছৰ পৰিচয় দাঙি ধৰে বক্তৃতা অনুষ্ঠানটোৰ সমন্বয়ক তথা ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক অখিল ৰঞ্জন দত্তই৷ আদৰণি ভাষণ দিয়ে বিশ্ববিদ্যালয়ৰ কলাগুৰু তথা ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক বিভাষ চৌধুৰীয়ে৷ আনহাতে বক্তৃতা অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াব বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ হেমন্ত কুমাৰ নাথে৷

নতুন প্ৰজন্মই নতুন বিশ্বৰ ৰূপৰেখা তৈয়াৰ কৰিব

 আজিৰ প্ৰজন্ম নতুন পৃথিৱীৰ৷ বিভিন্ন কাৰকে বিধবস্ত কৰি পেলোৱা মানুহৰ জীৱনক এতিয়া আমি ন উদ্যমেৰে আগুৱাই নিব লাগিব৷ নতুন প্ৰজন্ম নতুন বিশ্বৰ প্ৰতিনিধি৷ নতুন প্ৰজন্মই নতুন বিশ্বৰ ৰূপৰেখা তৈয়াৰ কৰিব—এই মন্তব্য নোবেল বঁটাপ্ৰাপক অৰ্থনীতিবিদ মহম্মদ ইউনুছৰ৷ ৰঙিয়া মহাবিদ্যালয়ত নোবেল বঁটাপ্ৰাপক বাংলাদেশৰ মহম্মদ ইউনুছ আজি ৰঙিয়া মহাবিদ্যালয়ত উপস্থিত হয়৷ নৱ-প্ৰজন্মক হীৰাৰ টুকুৰাৰ লগত তুলনা কৰি নোবেল বঁটাপ্ৰাপক তথা বাংলাদেশৰ বিশিষ্ট অৰ্থনীতিবিদ মহম্মদ ইউনুছে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে৷ ৰঙিয়া মহবিদ্যালয়ত আজি অৰ্থনীতিবিদজন উপস্থিত হোৱাৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে অভিনন্দন জনাই আদৰি আনে৷  ইয়াৰ পাছতে মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা এখন সভাত অংশগ্ৰহণ কৰি নৱ-প্ৰজন্মক উৎসাহিত কৰে৷ তেওঁৰ ভাষণত বৰ্তমান সময়ৰ নৱ-প্ৰজন্মক হীৰাৰ টুকুৰাৰ লগত তুলনা কৰি কয় যে নৱ-প্ৰজন্মসকল ইমানে মূল্যবান যে এখন সমাজৰ লগতে এখন দেশৰ সকলো দিশৰ পৰা পৰিৱৰ্তন আনিব পাৰে৷ যুৱ সমাজে বৰ্তমান সময়ত তেওঁলোকৰ চিন্তাধাৰা স্থানীয়ভাৱে সীমাবদ্ধ নাৰাখি সমগ্ৰ বিশ্বৰ বাবে চিন্তা কৰা দৰকাৰ বুলি উল্লেখ কৰি মহম্মদ ইউনুছে কয় যে যুৱ সমাজক বিশ্বই অপেক্ষা কৰি আছে৷ শিক্ষা ব্যৱস্থাৰ মাজেৰে তৰুণ শ্ৰেণীক তৈয়াৰী কৰিব লাগেব৷ যিধৰণে চেপি চেপি ৰস উলিয়ায় ঠিক তেনেদৰে এই যুৱ চামৰ পৰা ৰস উলিয়াই সমগ্ৰ বিশ্বৰে কল্যাণমূলক কামত অহা কৰিব লাগিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই বিশিষ্ট অৰ্থনীতিবিদজনে কয় যে তেতিয়াহে সমগ্ৰ বিশ্বৰ অৰ্থনীতি ব্যৱস্থাটো উন্নত হ’ব৷ সেয়ে নৱ-প্ৰজন্মই কল্পনা কৰিব লাগিব, কল্পনাৰ দ্বাৰাই তেওঁলোকে বাস্তৱৰ লগত নিজকে সমযোজিত কৰিব লাগিব৷ বিশেষকৈ অৰ্থনীতি ব্যৱস্থাটো যদি আমি উন্নত কৰিব বিচাৰোঁ তেতিয়া হ’লে শিক্ষাৰ ব্যৱস্থাৰ মাজেৰে সকলোৱে উদ্যোগমুখী হ’ব লাগিব৷ চাকৰি আমাৰ মূল উদ্দেশ্য হোৱাটো অনুচিত বুলি উল্লেখ কৰি কয় যে শিক্ষা ব্যৱস্থাৰ মাজেৰে আমি ঔদ্যোগিক ক্ষেত্ৰখনৰ কথা চিন্তা কৰিব লাগিব৷ এনে কৰিলে আমাৰ গ্ৰামীণ অৰ্থনৈতিক ব্যৱস্থাটো উন্নত হ’ব বুলি কয় বিশিষ্ট ব্যক্তিজনে৷ ইফালে বাংলাদেশৰ অৰ্থনৈতিক ব্যৱস্থাটো উন্নত কৰাৰ ক্ষেত্ৰত তৰুণসকলৰ হাত থকা বুলি উল্লেখ কৰি মহম্মদ ইউনুছে কয় যে বাংলাদেশত গ্ৰামীণ বেংকৰ জৰিয়তে মহিলা আৰু যুৱ চামক বিভিন্ন দিশত স্বাৱলম্বী কৰা হৈছিল৷ তাৰে সফলতাস্বৰূপে বৰ্তমান সময়ত বাংলাদেশী উৎপাদিত সামগ্ৰী ৰপ্তানি কৰাৰ ক্ষেত্ৰত দ্বিতীয় দেশ হিচাপে চিহ্নিত হৈছে বুলি তেওঁ উল্লেখ কৰে৷ বাংলাদেশৰ চুবুৰীয়া দেশ হিচাপে ভাৰতলৈ আহি আনন্দিত হোৱা বুলি উল্লেখ কৰি অৰ্থনীতিবিদজনে ভাৰতৰ যুৱক-যুৱতীসকলক লৈ গভীৰ আশাবাদী বুলি কয়৷ ইফালে সভাৰ আৰম্ভণিতে ৰঙিয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ভৱেন্দ্ৰ নাথ ডেকাই আদৰণি ভাষণত নোবেল বঁটাপ্ৰাপক বিশিষ্ট অৰ্থনীতিবিদজনৰ উপস্থিতিয়ে মহাবিদ্যালয়খনক আনন্দিত আৰু উৎসাহিত কৰা বুলি কয়৷ সভাত মহকুমাধিপতি দ্বীপন বৰ্মন, ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ব্ৰজেন্দ্ৰ শইকীয়া, উপস্থিত থাকে৷