Logo
image

৪.৪ শতাংশলৈ নামিল দেশৰ জিডিপি

ডিজিটেল ডেস্কঃ মুঠ ঘৰুৱা উৎপাদন বা জিডিপিৰ উন্নয়নৰ হাৰ ক্ৰমাত নিম্নগামী হৈছে দেশৰ৷ ২০২২ চনৰ অন্তিম ত্ৰিমাসিকত অৰ্থাৎ অক্টোবৰৰ পৰা ডিচেম্বৰলৈ ভাৰতৰ জিডিপিৰ উন্নয়নৰ হাৰ ৪.৪ শতাংশলৈ অৱনমিত হৈছে৷ তাৰ পূৰ্বৰ ত্ৰিমাসিক অৰ্থাৎ জুলাইৰ পৰা ছেপ্টেম্বৰলৈ দেশৰ জিডিপিৰ হাৰ আছিল ৬.৩ শতাংশ৷ কেন্দ্ৰীয় পৰিসংখ্যা মন্ত্ৰণালয়ে এই তথ্য প্ৰকাশ কৰিছে৷ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰিমাসিকত মুঠ ঘৰুৱা উৎপাদন ৪০.১৯ লাখ কোটি  টকা হোৱা  বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় পৰিসংখ্যা মন্ত্ৰণালয়ে৷ এবছৰৰ পূৰ্বে একেটা ত্ৰিমাসিকত মুঠ ঘৰুৱা উৎপাদন আছিল ৩৮.৫১ লাখ কোটি টকা৷ অৰ্থনীতিবিদে ভৱিষ্যদ্বাণী কৰাৰ তুলনাত প্ৰকৃত জিডিপি সামান্য কম হোৱা পৰিলক্ষিত হৈছে৷ অৰ্থনীতিবিদৰ সমীক্ষাত ২০২২ চনৰ অন্তিম ত্ৰিমাসিকত জিডিপি উন্নয়নৰ হাৰ ৪.৬ শতাংশ হোৱাৰ কথা আছিল৷ কিন্তু বাস্তৱক্ষেত্ৰত সেই হাৰ ৪.৪ লৈ অৱনমিত হ’ল৷ দেশৰ অভাৱনীয় মুদ্ৰাস্ফীতি আৰু ২০২২ চনৰ মে’ত সূদৰ হাৰ বৃদ্ধি কৰাৰ ফলতে জিডিপি উন্নয়নৰ হাৰ হ্ৰাস হোৱা বুলি কোৱা হৈছে৷