Logo
image

নিবনুৱা বাঢ়িছে দেশত

আমাৰ অসম, ২মাৰ্চঃ ‘দেশত উদ্বেগজনকভাৱে বাঢ়িছে নিবনুৱাৰ সংখ্যা৷ চলিত বৰ্ষৰ জানুৱাৰীত নিবনুৱাৰ হাৰ আছিল ৭.১৪ শতাংশ আৰু এই হাৰ এমাহতে অৰ্থাৎ ফেব্ৰুৱাৰীত বাঢ়ি ৭.৮৫ শতাংশ হৈছেগৈ৷’– চেণ্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইক’নমীয়ে বুধবাৰে প্ৰকাশ কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য৷ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি দেশৰ চহৰ অঞ্চলৰ তুলনাত গ্ৰামাঞ্চলত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে৷ চহৰত যোৱা মাহৰ তুলনাত নিবনুৱাৰ সংখ্যা সমান্য হ্ৰাস পাইছে৷ জানুৱাৰীত দেশৰ চহৰ অঞ্চলত নিবনুৱাৰ হাৰ আছিল ৮.৫৫ শতাংশ, ফেব্ৰুৱাৰীত এই হাৰ সামান্য হ্ৰাস পায় ৭.৯৩ শতাংশ হৈছেগৈ৷ আনহাতে, গ্ৰামাঞ্চলত জানুৱাৰীত নিবনুৱাৰ হাৰ    আছিল ৬.৪৮ শতাংশ আৰু ফেব্ৰুৱাৰীত এই হাৰ বৃদ্ধি পাই ৭.২৩ শতাংশ হৈছে৷ উল্লেখ্য, চেণ্টাৰ ফৰ মনিটৰিং ইক’নমী চমুকৈ ‘চি এম আই ই’ কোনো চৰকাৰী সংস্থা নহয়৷ ‘চি এম আই ই’ হৈছে এটা ব্যক্তিগত প্ৰতিষ্ঠান৷ এই প্ৰতিষ্ঠানটোক বিজনেছ ইক’নমিক ইনফৰ্মেশ্বন কোম্পানী বুলিও জনা যায়৷ লক্ষণীয় যে নিবনুৱাৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালভাৱে দেশত যুৱচামৰ মাজত ডিপ্ৰেচন বা মানসিক হতাশাগ্ৰস্তৰ সংখ্যাও বৃদ্ধি পাইছে৷ বৃদ্ধি পাইছে আত্মঘাতীৰ ঘটনা৷