Logo
image

চিলাৰায় ভৱন উচ্ছেদ আজমলৰ ঘৰলৈ বুলড’জাৰ

আমাৰ অসম, ২মাৰ্চঃ গুৱাহাটীৰ শিলসাঁকো বিলৰ বেদখল উচ্ছেদ অভিযানে বুধবাৰে তিনিটা দিনত ভৰি দিয়ে৷ তৃতীয় দিনাও প্ৰশাসনৰ বুলড’জাৰে এফালৰ পৰা ভাঙি বেদখলকাৰীৰ ঘৰ তথা অবৈধ নিৰ্মাণ কাৰ্য৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ত হস্তক্ষেপ বিচাৰি ইতিপূৰ্বে দ্বাৰস্থ হোৱা ১৩টা পৰিয়ালক বাদ দি আন আন বেদখলকাৰীসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখে জিএমডিএ তথা জিলা প্ৰশাসনে৷ অৱশ্যে বুধবাৰৰ উচ্ছেদ অভিযানত কিছু ব্যতিক্ৰম দেখা যায়৷ কিয়নো প্ৰশাসনে প্ৰতিবাৰেই শিলসাঁকোৰ সাধাৰণ ঘাটি খোৱা লোকসকলৰ বাসগৃহত উচ্ছেদ চলাই বুলি অভিযোগ উঠিছিল যদিও ৰাইজৰ মাজত হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পাছতেই বুধবাৰে চৰকাৰীভাৱে নিৰ্মাণ কৰা অট্টালিকাৰ লগতে প্ৰভাৱশালী সাংসদ বদৰুদ্দিন আজমলৰ ভূমিতো চলিল বুলড’জাৰ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ ধনেৰে নিৰ্মিত সদৌ কোচ-ৰাজবংশী সন্মিলনীৰ মুখ্য-কাৰ্যালয় চিলাৰায় ভৱনতো বুধবাৰে পৰিল প্ৰশাসনৰ হাতুৰীৰ কোব৷ ২০০৪ চনৰ ১৪ জানুৱাৰীত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কংগ্ৰেছ বিধায়ক অঞ্জন দত্ত আৰু অকন বৰাৰ উপস্থিতিত শুভ উদ্বোধন কৰা ভৱনটোত অৱশেষত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উচ্ছেদ কৰে৷ অৱশ্যে চিলাৰায় ভৱনটো উচ্ছেদ কৰিলেও কোচ ৰাজবংশী সন্মিলনীক নতুন স্থানত ভূমি আৱণ্টন দি চিলাৰায় ভৱন নিৰ্মাণ কৰিব বুলিও প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ চিলাৰায় ভৱনটো উচ্ছেদ কৰাত চৰকাৰে জলাশয়ত ভূমি আবণ্টন দি চৰকাৰী ধন অবাবত নষ্ট কৰিলে বুলিও এতিয়া চৰ্চা চলিছে৷ ইফালে শিলসাঁকোত থকা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ ২০ বিঘা ভূমি-সম্পত্তিক উচ্ছেদৰ পৰা ৰেহাই দিয়া বুলি চৰ্চা হৈ অহাৰ মাজতে বুধবাৰে প্ৰশাসনে আজমলৰ অট্টালিকাৰ চৌহদৰ দেৱাল উচ্ছেদ কৰে৷ অৱশ্যে আজমলৰ অট্টালিকাৰ চৌহদৰ দেৱাল উচ্ছেদ কৰে যদিও বৰ্তমানলৈ মূল বিল্ডিংটো উচ্ছেদ কৰা নাই৷ ইফালে বেদখলকাৰী পৰিয়ালসমূহে উচ্ছেদৰ বাৰে ঘৰ খালি কৰি নিদিয়াত বুধবাৰে আৰক্ষীয়ে এগৰাকী মহিলাক ঘৰৰ ভিতৰৰ পৰা দাঙি অনা পৰিলক্ষিত হয়৷ জি এম ডি এ কতৃৰ্পক্ষই মুঠ ৪৫৩টা পৰিয়ালৰ বাসগৃহ উচ্ছেদৰ পৰিকল্পনা কৰিছে যদিও বৰ্তমানলৈ প্ৰায় ৩৫০ বাসগৃহত উচ্ছেদ সম্পূৰ্ণ কৰিছে৷ ইফালে, উচ্ছেদ স্থলীত কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়া আৰু ৰকিবুল হুছেইন উপস্থিত হৈ উচ্ছেদিত পৰিয়ালসমূহক সান্তনা দি চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ লক্ষণীয়ভাৱে মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিলসাকোঁত নিৰ্মাণ হ’বলগীয়া হ্ৰদৰ নক্সা ৰাজহুৱা কৰাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছ দলে৷ কংগ্ৰেছ দলে মুখ্যমন্ত্ৰীয়ে জীয়া ফাঁকি দিয়া বুলি মন্তব্য কৰি আহমেদাবাদৰ কানকাৰিয়া হ্ৰদ আৰু ছুৰাটৰ গোপী তালাবৰ ফটোকে শিলসাঁকো জলাশয়ৰ আৰ্হি বুলি ফাঁকি দিয়াৰ অভিযোগ কৰে৷  আনহাতে, শিলসাঁকোত একাংশ লোকে প্ৰশাসনে পূৰ্বতে নিৰ্ধাৰণ কৰা ১০০ মিটাৰৰ সীমা পাৰ কৰি উচ্ছেদ চলোৱাৰো অভিযোগ কৰে৷ তদুপৰি গুৱাহাটীৰ আটাইতকৈ ওখ অট্টালিকা হিচাপে চিহ্নিত হিম্মত সিংকাৰ ‘আইডিয়েল হিল ভিউ’ক উচ্ছেদ চলোৱাত প্ৰশাসনৰ বুলড’জাৰ থমকি ৰোৱাক লৈও প্ৰশ্ন কৰিছে উচ্ছেদিত পৰিয়ালসমূহে৷