Logo
image

চৰকাৰী মাটিত মোৰ ঘৰ থাকিলেও ভাঙি দিয়া হ’বঃ মুখ্যমন্ত্ৰী

আমাৰ অসম, ২মাৰ্চঃ ‘এইখন চৰকাৰৰ কোনো মায়া-মোহ নাই৷ শিলসাঁকো বিলত মোৰ ঘৰ থাকিলেও ভাঙি দিয়া হ’ব৷’– এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ বুধবাৰে সাংবাদিকৰ আগত শিলসাঁকোৰ উচ্ছেদ সন্দৰ্ভত পুনৰ কঠোৰ স্থিতি ঘোষণা কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এনেদৰে কয়– ‘আজমলৰ মাটিও আমি ল’ম৷ আমি কাৰো প্ৰতি মৰম দেখুওৱা নাই৷  জিঞ্জাৰ হোটেলক উঠি যাবলৈ এমাহ-দুমাহৰ সময় দিয়া হ’ব৷ তাতো হাতুৰী পৰিব৷ অমিয় কুমাৰ দাস গৱেষণা প্ৰতিষ্ঠান আৰু টেনিছ ক’ৰ্টো আমি স্থানান্তৰিত কৰিম৷ গুৱাহাটীৰ মানুহ জীয়াই থাকিবলৈ হ’লে শিলসাঁকো বিলক পুনৰ মুক্ত কৰিবই লাগিব৷ ২০০৬ চনতে হোমেন বৰগোহাঞিদেৱে ‘আমাৰ অসম’ত শিলসাঁকো বিল মুক্ত কৰাৰ কথা লিখিছিল৷ তেতিয়াই মানুহে গুৰুত্ব দিয়া হ’লে চৰকাৰে আজি একশ্বন ল’ব লগা নহ’লহেঁতেন৷ যাক নিজৰ মাটিৰ পৰা খেদি দিয়া হয় তাকহে উচ্ছেদ বোলে৷ চৰকাৰী মাটিত বহি থকা লোকক উঠাই দিয়াটো উচ্ছেদ নহয়৷ শিলসাঁকো বিলৰ মাটি ১০-১২জনক বিক্ৰী কৰা হৈছে৷ প্ৰতিবাৰতে মাটিৰ দাম বাঢ়ি গৈ আছে৷ মানুহে নিজেই চৰকাৰী মাটি এৰি গুচি যাব লাগে৷ যোৱা ৬-৭ বছৰত শিলসাঁকোত অত্যাধিক বেদখল হৈছে৷ ২০০৯-১৫ চনৰ ভিতৰত শিলসাঁকোত বেদখল হৈছে৷ চৰকাৰে কাকো শিলসাঁকোত বহুওৱা নাই৷ ম্যাদি মাটি থাকিলে আমি অধিগ্ৰহণ কৰিম৷ ঘৰ ভাঙিলেটো দুখ লাগিবই৷ আজি কোঁচ-ৰাজবংশী সন্মিলনীৰ অফিচো ভাঙি দিয়া হৈছে৷ মই নিজে ফোন কৰি তেওঁলোকক বেলেগ জেগাত মাটি দিয়াৰ কথা কৈছোঁ৷ গুৱাহাটীত উচ্ছেদিতক মই ক’ৰ পৰা মাটি দিম৷ তেওঁলোকৰ নিজ গাঁৱত যদি মাটি নাই তেন্তে মাটিৰ ব্যৱস্থা গাঁৱতে কৰি দিব পাৰোঁ৷ আৰ্থিক সাহায্যৰ পেকেজো দিয়া হ’ব৷ চহৰ এখনত আহি কিয় তেওঁলোকে এনেদৰে মাটি দখল কৰে৷ শিলসাঁকো বিলক লৈ চৰকাৰৰ কোনো প্ৰজেক্ট নাই৷ আমি কোনো কলেজ বা বিল্ডিং নিৰ্মাণ কৰিব খোজা নাই৷ দীপৰ বিলতো উচ্ছেদ চলিব৷’