Logo
image

মহাসংকটত টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান

আমাৰ অসম, ২মাৰ্চঃ ২০০ বছৰীয়া অসমৰ চাহ শিল্পলৈ ১১২ বছৰ নিৰবচ্চিন্ন অৱদান আগবঢ়াই চাহ শিল্পক টনকিয়াল কৰি তোলা টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান সম্প্ৰতি গভীৰ সংকটৰ সন্মুখীন হৈছে৷ ১৯১১ চনত  বৃটিছ চাহ খেতিয়কৰ পৃষ্ঠপোষকতাত তথা ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বেংগল চৰকাৰৰ আৰ্থিক সাহায্যত ভাৰতীয় চাহ সংস্থাই স্থাপন কৰা বিশ্ব বিখ্যাত টোকোলাই চাহ গৱেষণা কেন্দ্ৰই চাহ গছৰ বিভিন্ন জাত, কাটিং, ক্ল’ন আদি উদ্ভাৱন কৰাৰ লগতে মাটিৰ গুণাগুণ নিৰূপণ, পোক-পতংগ নিবাৰণৰ কৌশল, জল নিষ্কাষণ, কলঘৰৰ বিভিন্ন সজুলি নিৰ্মাণ আদি ন ন উদ্ভাৱনেৰে চাহ শিল্পলৈ অৱদান যোগাই আহিছে৷ কিন্তু অতি সম্প্ৰতি তীব্ৰ আৰ্থিক নাটনিয়ে এই গৱেষণা প্ৰতিষ্ঠানটোক তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে৷ ১৯৬৪ চনৰ পৰা ১৯৮৯ চনলৈকে চিএছআইআৰ পৰা আৰ্থিক সাহায্য লাভ কৰা সময়ছোৱা টোকোলাইৰ বাবে সোণালী দিন আছিল৷ টোকোলাইত গৰিষ্ঠ সংখ্যক বৈজ্ঞানিক উদ্ভাৱন এই সময়তে কৰা হৈছিল৷ ১৯৯০ চনৰ পৰা ভাৰত চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ভাৰতীয় চাহ ব’ৰ্ডৰ জৰিয়তে বাৰ্ষিক বাজেটৰ ৪৯% ধন দিবলৈ সিদ্ধান্ত কৰে৷ কিন্তু এই পুঁজিৰ অনিয়মীয়া যোগান তথা সদস্যভুক্ত বাগিছা আৰু চাহ কোম্পানীবিলাকৰ অনিয়মীয়া বাৰ্ষিক বৰঙণিৰ ফলত দিনক দিনে চাহ গৱেষণাগাৰৰ কাম-কাজ সংকুচিত হৈ আহিছে৷ বৰ্তমান টোকোলাই আৰু ইয়াৰ উপ-কেন্দ্ৰসমূহৰ মুঠ কৰ্মচাৰী সংখ্যা মাত্ৰ ১৩৬ জন৷ অথচ ১৯৯০ চনলৈকে ইয়াৰ সংখ্যা আছিল প্ৰায় ৫০০জন৷ কৰ্মচাৰীৰ অভাৱত ভালেমান বিভাগ বন্ধ হৈ আছে৷ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বিপৰীতে কোনো নতুন কৰ্মচাৰী নিয়োগ কৰা নাই৷ অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত কৰ্মচাৰীসকলক দিব লগীয়া বকেয়া ধনৰ পৰিমাণ ২৫ কোটি টকাৰো অধিক হৈছেগৈ৷ টোকোলাইৰ এই শোচনীয় অৱস্থাৰ কথা অৱগত কৰাৰ উদ্দেশ্যে টোকোলাই এমপ্লয়িজ ইউনিয়ন, টোকোলাই অফিচাৰ্ছ এছ’চিয়েছন আৰু টোকোলাই অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ইউনিয়নে ১৫ ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰীক যোৰহাটৰ আৱৰ্ত ভৱনত সাক্ষাৎ কৰে৷ ইয়াৰ পাছতে অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ যুটীয়া সচিবৰ উদ্যোগত তথা অসম চৰকাৰৰ মুখ্য সচিবৰ অধ্যক্ষতাত ৪ মাৰ্চৰ বিয়লি ৩ বজাত এখন উচ্ছ স্তৰীয় বৈঠক আহ্বান কৰা বুলি জানিব পৰা গৈছে৷ এই সভাই টোকোলাইক পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে প্ৰয়োজনীয় পথ মুকলি কৰিব বুলি টোকোলাইৰ বিষয়া-কৰ্মচাৰীসকলে আশা কৰিছে৷