Logo
image

ডাঢ়ি-চুলি কাটি কেম্‌ব্ৰিজত ৰাহুল

আমাৰ অসম, ২মাৰ্চঃ  কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত ৰাহুল গান্ধীৰ চুলি আৰু ডাঢ়িক লৈ কম চৰ্চা চলা নাছিল৷ ডাঢ়ি-চুলিৰে ভোবাকাৰ হৈ পৰা কংগ্ৰেছ নেতাজনক বিভিন্নজনে ছ’চিয়েল মিডিয়াত কাৰ্ল মাক্সৰ্ৰ সৈতেও তুলনা কৰিছিল৷ সেই ৰাহুল গান্ধীক এইবাৰ দেখা গৈছে নতুন ৰূপত৷ ৰাহুলৰ দীঘল ডাঢ়ি এতিয়া সম্পূৰ্ণ ট্ৰিম কৰা৷ চুলিও চুটি চুটিকৈ কটা৷ চ্যুট-বুট পৰিধান কৰা ৰাহুলৰ নতুন ‘লুক’ দেখি সকলোৱে তৱধ মানিছে– হঠাৎ কংগ্ৰেছৰ ‘যুৱনেতা’জনৰ কিয় এই পৰিৱৰ্তন? জানিব পৰা মতে, বুধবাৰে কেমব্ৰীজ বিশ্ববিদ্যালয়ৰ এক আলোচনা-চক্ৰত যোগ দিবলৈ যায় ৰাহুল গান্ধীয়ে৷ বিশ্ববিদ্যালয়খনত ‘লাৰ্নিং টু লেছন ইন দ্য ২১ চেঞ্চুৰী’ শীৰ্ষক আলোচনাত ভাগ ল’ব ৰাহুলে৷ আৰু তাতেই তেওঁক দেখা যায় ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ৰ দীঘল চুলি-ডাঢ়িৰ সলনি সম্পূৰ্ণ পৃথক ‘লুক’ত৷ কেমব্ৰীজ বিশ্ববিদ্যালয়ৰ উপৰি অহা প্ত মাৰ্চত লণ্ডনত অনুষ্ঠিত হ’বলগীয়া প্ৰৱাসী ভাৰতীয়সকলৰ এক অনুষ্ঠানতো অংশগ্ৰহণ কৰিব কংগ্ৰেছ নেতাজনে৷ স্মৰ্তব্য যে ৰাহুলৰ পূৰ্বৰ ‘লুক’ক লৈ একাংশই তেওঁক কাৰ্ল মাক্সৰ্ৰ সৈতে তুলনা কৰাৰ লগতে আন একাংশই আকৌ ছাদ্দাম হুছেইন বুলিও কটাক্ষ কৰিছিল৷ এইবাৰ পুনৰ ৰাহুল গান্ধীৰ নতুন ‘লুক’ক লৈ চৰ্চা আৰম্ভ হৈছে ৰাজনৈতিক মহলত৷